03
Oct
২৯ ছেপ্টেম্বৰত জিম্বাব’ৱেত সংঘটিত ভয়ানক বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় ভাৰতীয় কোটিপতি তথা খনন উদ্যোগপতি হৰপাল ৰান্ধৱা আৰু তেওঁৰ ২২ বৰ্ষীয় পুত্ৰ আমেৰৰ। দক্ষিণ-পশ্চিম জিম্বাব’ৱেৰ এটা হীৰা খনিৰ ওচৰত তেওঁলোকৰ ব্যক্তিগত বিমানখন কাৰিকৰী বিজুতিৰ বাবে দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত পুত্ৰসহ উদ্যোগপতিগৰাকীৰ লগতে মুঠ ৬ জন লোকৰ মৃত্যু ঘটিছিল। উল্লেখযোগ্য যে হৰপাল ৰান্ধৱা হৈছে সোণ আৰু কয়লা উৎপাদনৰ লগতে নিকেল আৰু তাম শোধন কৰা বৈচিত্ৰ্যপূৰ্ণ খনন কোম্পানী ৰিঅ’জিমৰ স্বত্বাধিকাৰ। ৰান্ধৱাই ৪ বিলিয়ন ডলাৰৰ ব্যক্তিগত ইকুইটি ব্যৱসায় জিইএম হোল্ডিংছকো প্ৰতিষ্ঠা কৰিছিল। খনন উদ্যোগপতিগৰাকী আৰু তেওঁৰ পুত্ৰই ৰিঅ’জিমৰ ব্যক্তিগত মালিকানাধীন চেছনা ২০৬ বিমানত যাত্ৰা কৰিছিল। হাৰাৰেৰ পৰা মুৰোৱা হীৰা খনিলৈ যোৱাৰ পথত দুৰ্ঘটনাটো সংঘটিত হয়।…
