12
Feb
শাসক দল ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) ২০২২-২৩ বৰ্ষত নিৰ্বাচনী বণ্ডৰ জৰিয়তে প্ৰায় ১৩০০ কোটি টকা লাভ কৰে। এই পৰিমাণটো একে সময়তে এই মাধ্যমৰ (নিৰ্বাচনী বণ্ড) পৰা বিৰোধী দল কংগ্ৰেছে প্ৰাপ্ত কৰা পৰিমাণতকৈ সাত গুণ বেছি। নিৰ্বাচন আয়োগক দাখিল কৰা দলটোৰ বাৰ্ষিক অডিট প্ৰতিবেদন অনুসৰি, বিজেপিয়ে ২০২২-২৩ বিত্তীয় বৰ্ষত মুঠ ২১২০ কোটি টকা লাভ কৰিছিল, যাৰ ভিতৰত ৬১ শতাংশ নিৰ্বাচনী বণ্ডৰ পৰা লাভ কৰে। ২০২১-২২ বিত্তীয় বৰ্ষত, দলটোৱে মুঠ ১৭৭৫ কোটি টকাৰ অনুদান লাভ কৰিছিল। ২০২২-২৩ বৰ্ষত দলটোৰ মুঠ উপাৰ্জন আছিল ২৩৬০.৮ কোটি টকা, যি ২০২১-২২ বিত্তীয় বৰ্ষত ১৯১৭ কোটি টকা আছিল। আনহাতে, কংগ্ৰেছে নিৰ্বাচনী বণ্ডৰ জৰিয়তে ১৭১ কোটি টকা লাভ…
