08
Oct
লাভা ইণ্টাৰনেচনেল লিমিটেডে মুকলি কৰিলে শেহতীয়া ধ্বাজাবাহী স্মাৰ্টফোন অগ্নি ৩, য’ত আছে ছেগমেণ্ট-প্ৰথম ডুৱেল এমল্ড ডিছপ্লে আৰু মিডিয়াটেকৰ ডাইমেনচিটী ৭৩০০এক্স প্ৰচেছৰ। ১৯,৯৯৯ টকাৰ প্ৰাৰম্ভিক মূল্যত উপলব্ধ অগ্নি ৩ত আছে শক্তিশালী কেমেৰাৰ বৈশিষ্ট্য, এটা অনুকূলিত কৰিব পৰা একচন কি, লগতে ফোনটোৱে দীৰ্ঘম্যাদী চফ্টৱেৰ আপডেটৰ প্ৰতিশ্ৰুতিৰে এক উচ্চ মানদণ্ডৰ ব্যৱহাৰকাৰী অভিজ্ঞতা প্ৰদান কৰিছে। এই স্মাৰ্টফোনটোত অপ্টিকেল ইমেজ ষ্টেবিলাইজেচন(অ'আইএছ)ৰ সৈতে ৫০ মেগাপিক্সেল চনী কোৱাড-বেয়াৰ প্ৰাইমেৰী কেমেৰা, ৩গুণ অপ্টিকেল জুম কৰিব পৰা ৮ মেগাপিক্সেল টেলিফটো লেন্স আৰু ৮ মেগাপিক্সেল আল্ট্ৰাৱাইড কেমেৰা আছে। ইয়াত দ্বৈত এমল্ড ডিচপ্লেও আছে - সন্মুখত এটা আৰু দ্ৰুত কাৰ্য আৰু অধিসূচনাৰ বাবে এটা সৰু পিছফালৰ ডিচপ্লে। লাভাই নিজৰ "অগ্নি শপত"…
