03
Oct
দেশৰ ‘নিঅ’ ক্লাছিক’ ছেগমেণ্টৰ অগ্ৰণী প্ৰতিষ্ঠান জাৱা য়েজদি মটৰ চাইকেলে আজি অসমৰ জাৱা ৪২ লাইফ ছিৰিজৰ শেহতীয়া সংযোজন ৩৫০ জাৱা ৪২ এফ জে মুকলি কৰে। ৪২ আৰু ৪২ ববাৰৰ সফলতাক সাৰোগত কৰি ৩৫০ জাৱা ৪২ এফ জেই “৪২ লাইফ” থিমৰ বাবে এক আকৰ্ষণীয় নতুন অধ্যায় সূচনা কৰিছে, যিয়ে উচ্চমানৰ ডিজাইনৰ প্ৰতি দায়বদ্ধতা আৰু অতুলনীয় ৰাইডিং অভিজ্ঞতাক উদযাপন কৰিছে। লগতে কোম্পানীটোৱে মহানগৰীৰ ১০ জন গ্ৰাহকক চাবি গতাই দি নতুন মটৰ চাইকেলখনৰ ডেলিভাৰীৰ কাম আৰম্ভ কৰিছে। ইয়াৰ উপৰিও প্ৰতিষ্ঠানটোৱে এই বিত্তীয় বৰ্ষৰ শেষলৈ অসমত শক্তিশালী নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে অঞ্চলটোত বৰ্তমানৰ ১৩ৰ পৰা ২০টাতকৈ অধিক স্পৰ্শবিন্দুলৈ সম্প্ৰসাৰণৰ লক্ষ্য লৈছে। ইয়াৰ উপৰিও উপভোক্তা ক্ৰয়…
