21
Jul
ভাৰতত আৰম্ভ হৈছে নতুন ৰেঞ্জ ৰভাৰ ভেলাৰৰ বুকিং। নিউ ৰেঞ্জ ৰভাৰ ভেলাৰ হৈছে উন্নত তথ্য আৰু প্ৰযুক্তিৰ উপাদানৰ সৈতে এখন বিলাসী এছইউভি, যিয়ে ৰেঞ্জ ৰভাৰৰ পৰিশোধন(ৰিফাইনমেণ্ট) প্ৰদৰ্শন কৰে। ইয়াত নতুন ফ্ৰণ্ট গ্ৰীল, পিক্সেল এলইডি হেডলাইট আৰু ডাইনেমিক বেণ্ড লাইটিং আছে। বাহ্যিক ৰঙৰ পেলেটত মেটালিক ভেৰেচাইন ব্লু আৰু প্ৰিমিয়াম মেটালিক জাডাৰ গ্ৰে ইত্যাদি ৰং অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে ভিতৰভাগ ডিপ গাৰ্নেট আৰু কেৰাৱে ৰং দিয়া হৈছে। চিকচিকিয়া এই ২৮.৯৫ চে.মি.ৰ মসৃণ ভাসমান কাৰ্ভড গ্লাছৰ টাচস্ক্ৰীনে আভ্যন্তৰীণ অংশত নিৰৱচ্ছিন্নভাৱে একত্ৰিত কৰি ৰাখে, লগতে কম প্ৰতিফলন আৰু সহজে নিয়ন্ত্ৰণ কৰিব পৰা সুবিধআও প্ৰদান কৰিছে। এক্টিভ ৰ'ড নইজ বাতিলকৰণে কেবিনৰ এক শান্ত অভিজ্ঞতা নিশ্চিত…
