ক্ৰীড়া

মহিলা ক্ৰিকেটাৰৰ ঘৰুৱা মেচ মাচুল বৃদ্ধিৰ ঘোষণা বিচিচিআইৰ

মহিলা ক্ৰিকেটাৰৰ ঘৰুৱা মেচ মাচুল বৃদ্ধিৰ ঘোষণা বিচিচিআইৰ

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে মহিলা ক্ৰিকেটাৰৰ ঘৰুৱা মেচ মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ক্ৰিকবাজৰ এক প্ৰতিবেদন অনুসৰি মহিলা খেলুৱৈয়ে প্ৰথম শ্ৰেণীৰ মেচ আৰু এদিনীয়া খেলৰ বাবে প্ৰতিদিনে ৫০ হাজাৰ টকা মেচ মাচুল লাভ কৰিব। লগতে টি-২০ মেচ খেলিলে ২৫,০০০ টকা লাভ কৰিব। ইতিমধ্যে বিচিচিআইয়ে আন্তঃৰাষ্ট্ৰীয় খেলৰ মহিলা খেলুৱৈৰ মাচুল পুৰুষৰ খেলুৱৈৰ সৈতে সমান কৰি তুলিছে। ২২ ডিচেম্বৰত বিচিচিআইৰ অনলাইন বৈঠকত মহিলা খেলুৱৈৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত লোৱা হয়। এতিয়া ঘৰুৱা ক্ৰিকেটত মহিলা আৰু পুৰুষ খেলুৱৈক সমান মেচ মাচুল দিয়া হ’ব। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত খেলা প্লেয়িং ইলেভেনৰ অংশ হোৱা খেলুৱৈয়ে প্ৰতিদিনে ৫০ হাজাৰ টকা লাভ কৰাৰ বিপৰীতে খেলা প্লেয়িং ইলেভেনৰ অংশ…
Read More
ভাৰতীয় ফুটবলৰ বাবে হতাশাৰে ভৰা আছিল ২০২৫ বৰ্ষ

ভাৰতীয় ফুটবলৰ বাবে হতাশাৰে ভৰা আছিল ২০২৫ বৰ্ষ

ভাৰতীয় ফুটবলৰ বাবে ২০২৫ চনটো হতাশাৰে ভৰি আছিল, য’ত ই এক ভয়াৱহ প্রশাসনিক সংকট, আদালতৰ শুনানি, আর্থিক সমস্যা, ঘৰুৱা লীগৰ অভাৱ আৰু ছিনিয়ৰ পুৰুষ দলৰ দুর্বল প্রদর্শনৰ সৈতে যুঁজিবলগীয়া হৈছিল৷ বছৰৰ অন্তিম সময়ছোৱাত লিয়নেল মেছিৰ বহুলভাৱে প্ৰচাৰিত গ'ট ইণ্ডিয়া ট্যুৰ কিছু আগ্ৰহৰ সৃষ্টি কৰিছিল আৰু এই ক্ৰীড়া সম্পৰ্কে কিছু আলোচনাৰ সূচনা কৰিছিল। অৱশ্যে ইয়াৰ দ্বাৰা ভাৰতীয় ফুটবলৰ কোনো লাভ হোৱা যেন নালাগে। ভাৰতীয় ফুটবলত নিজৰ অংশৰ সমস্যা আছে, আৰু মেছিৰ ভ্ৰমণৰ প্ৰথম দিনাই ছল্ট লেক ষ্টেডিয়ামত যি বিশৃংখলতা কৰিছিল, সেইটোৱে মাথোঁ লজ্জা বৃদ্ধি কৰিলে। ভাৰতীয় ফুটবলৰ হৃদপিণ্ড বুলি গণ্য কৰা কলকাতাৰ আইন-শৃংখলাৰ পৰিস্থিতি হয়তো ভাল খবৰ নহ’বও পাৰে যদিও হায়দৰাবাদ,…
Read More
২০২৫ চনত ভাৰতীয় এথলেটিকছঃ নীৰজ চোপ্ৰাৰ ৯০ মিটাৰৰ স্থান স্পৰ্শ

২০২৫ চনত ভাৰতীয় এথলেটিকছঃ নীৰজ চোপ্ৰাৰ ৯০ মিটাৰৰ স্থান স্পৰ্শ

ফৰ্মৰ উত্থান-পতনৰ সত্ত্বেও অৱশেষত ভাৰতৰ তাৰকা এথলীট নীৰজ চোপ্ৰাই ৯০ মিটাৰ পৰ্যন্ত জেভেলিন থ্ৰ' স্পৰ্শ কৰাত সফল হয় যদিও ইয়াৰ মাজতে ২০২৫ চনতো ড’পিঙৰ ঘটনাই ভাৰতীয় এথলেটিকছ সংবাদ মাধ্যমৰ চৰ্চাত বৰ্তি  থাকিল। ডোহা ডাইমণ্ড লীগত জেভেলিন থ্ৰ' ৯০ মিটাৰ মানক দূৰত্ব অৰ্জন কৰিছিল চোপ্ৰাই যদিও সেই বছৰতে টকিঅ’ত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত পদক লাভ কৰিবলৈ ব্যৰ্থ হোৱাত তেওঁ হতাশ হৈছিল। এই প্ৰতিযোগিতাত যুৱক শচীন যাদৱে চোপ্ৰাক অতিক্ৰম কৰি চতুৰ্থ স্থান দখল কৰি বিশ্বমানৰ জেভেলিন থ্ৰ' হোৱাৰ সম্ভাৱনা প্ৰদৰ্শন কৰে। কিন্তু ডপিঙৰ ঘটনা চলিত বৰ্ষত হ্ৰাস নাপায় আৰু ভাৰতৰ কেইবাগৰাকীও শীৰ্ষস্থানীয় খেলুৱৈ ইয়াৰ বলি হয়। ইয়াৰ ভিতৰত আছে অলিম্পিয়ান জেভেলিন থ্ৰ’ৱাৰ…
Read More
ওড়িশাৰ সম্বলপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হব পূৱ মণ্ডল অন্তঃ বিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা ; গুৱাহাটী বিশ্ববিদ্যালয়ৰ দলৰ ৰাওনা

ওড়িশাৰ সম্বলপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হব পূৱ মণ্ডল অন্তঃ বিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা ; গুৱাহাটী বিশ্ববিদ্যালয়ৰ দলৰ ৰাওনা

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বেডমিণ্টন দলটোৱে   ১৭ৰ পৰা ২১ ডিচেম্বৰলৈ  ওড়িশাৰ সম্বলপুৰ বিশ্ববিদ্যালয়ত  অনুষ্ঠিত হ’বলগীয়া পূৱ মণ্ডল আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা (পুৰুষ) ভাগ লোৱাৰ উদ্দেশ্যে গুৱাহাটীৰ পৰা ৰেলযোগে ৰাওনা হৈছে। ডঃ নিতুল কলিতাৰ নেতৃত্বত যোৱা দলটোৰ  খেলুৱৈসকল হল ক্ৰমে -; দৰং মহাবিদ্যালয়ৰ সৰফু ৰংহাং, অভিৰুচি শাৰীৰিক শিক্ষা প্ৰতিষ্ঠানৰ  সাগ্নিক  তালুকদাৰ, ষ্টাৰন সিনহা, সৌমিক পোদ্দাৰ আৰু আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ চাৰফৰাজ হুছেইন। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্ত, পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা আৰু ছাত্ৰ কল্যাণ সঞ্চালক আৰু বিশ্ববিদ্যালয়ৰ ক্ৰীড়া পৰিষদৰ সাধাৰণ সম্পাদক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে এটা বিবৃতিত যাত্ৰাৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তাত উন্নত প্ৰদৰ্শনৰে যাতে বিশ্ববিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰ কামনা কৰিছে। উল্লেখযোগ্য…
Read More
২৬ মাৰ্চৰ পৰা ৩১ মে’ৰ ভিতৰত আই পি এল

২৬ মাৰ্চৰ পৰা ৩১ মে’ৰ ভিতৰত আই পি এল

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ পৰৱৰ্তী ছিজন ২৬ মাৰ্চৰ পৰা ৩১ মে’ৰ ভিতৰত (প্ৰতিযোগিতাখনৰ নিৰ্ধাৰিত সময়) অনুষ্ঠিত হ’ব। কিন্তু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)য়ে নিজৰ ঘৰুৱা খেলপথাৰ বেংগালুৰুত প্ৰতিযোগিতাখনৰ প্ৰথমখন খেল আয়োজন কৰিবলৈ সক্ষম হ’ব নে নহয় সেয়া লক্ষ্যণীয় হ’ব। নিয়ম অনুসৰি এম চিন্নাস্বামী ষ্টেডিয়ামত প্ৰতিযোগিতাখনৰ প্ৰথমখন খেল আয়োজন কৰাৰ সুযোগ দিয়া উচিত কাৰণ ঘৰুৱা দল আৰ চি বিয়ে আই পি এল ২০২৫ খিতাপ দখল কৰিছে। যদিও কৰ্ণাটক ৰাজ্য চৰকাৰে চৰ্তসাপেক্ষ অনুমোদন দিছে যদিও চলিত বৰ্ষৰ জুন মাহত আৰ চি বিৰ বিজয় উদযাপনৰ সময়ত ১১ জন অনুৰাগীৰ মৃত্যু হোৱাৰ পিছত প্ৰয়োজনীয় সুৰক্ষা মানদণ্ড পূৰণ কৰিব লাগিব। আজি আবুধাবিত অনুষ্ঠিত হয় আই…
Read More
স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচন নহয় বিচিচিআই: মনসুখ মাণ্ডবিয়াৰ ঘোষণা

স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচন নহয় বিচিচিআই: মনসুখ মাণ্ডবিয়াৰ ঘোষণা

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই) স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচন নহয়। এই কথা পুনৰবাৰ উল্লেখ কৰিছে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডবিয়াই। লোকসভাত ক্ৰীড়া মন্ত্ৰীয়ে প্ৰকাশ কৰে অহা বছৰ নতুন ৰাষ্ট্ৰীয় ক্ৰীড়া শাসন আইন বলবৎ হোৱাৰ পিছত ইয়াত কিছু পৰিবৰ্তন হোৱাৰ সম্ভাৱনা আছে। তৃণমূল কংগ্ৰেছৰ কলকাতা দক্ষিণৰ প্ৰতিনিধি মালা ৰায়ৰ এক প্ৰশ্নৰ উত্তৰত এই কথা উল্লেখ কৰে  মাণ্ডবিয়াই। ৰায়ে প্ৰশ্ন কৰিছিল যে চৰকাৰে বিচিচিআই আৰু নগদ ধনৰ অভাৱত ভোগা অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ দৰে ডাঙৰ ক্ৰীড়া সংস্থাসমূহৰ সঠিক আৰু মসৃণ কাম-কাজ নিশ্চিত কৰাৰ বাবে নিয়ন্ত্ৰণ লোৱাৰ মনস্থ কৰিছে নেকি? মাণ্ডবিয়াই পুনৰ কয় যে এন এছ এফৰ পৰা ভাল পৰিচালনা পদ্ধতি তৈয়াৰ হ'ব…
Read More
অষ্ট্ৰেলিয়ান অ’পেন উদ্বোধন কৰিব ৰজাৰ ফেডাৰেৰে

অষ্ট্ৰেলিয়ান অ’পেন উদ্বোধন কৰিব ৰজাৰ ফেডাৰেৰে

২০২৬ চনৰ জানুৱাৰী মাহত পুনৰবাৰ নিজৰ মন পচন্দৰ গ্ৰেণ্ড শ্লেমলৈ উভতি আহিব চুইজাৰলেণ্ডৰ টেনিছ কিংবদন্তি ৰজাৰ ফেডাৰেৰে। অষ্ট্ৰেলিয়ান অ’পেনৰ আয়োজকসকলে ঘোষণা কৰে যে ফেডাৰেৰে প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে মুকলি কৰিব। ২০২২ চনত অৱসৰ লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ৰড লেভাৰ এৰিনাত অংশগ্ৰহণ কৰিব।প্ৰথমবাৰৰ বাবে মেলবৰ্ণ পাৰ্কত অনুষ্ঠিত হ’বলগীয়া এই বিশেষ মুকলি অনুষ্ঠানটো ১৮ জানুৱাৰীত প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ এদিন পূৰ্বে অনুষ্ঠিত হ’ব। ফেডাৰেৰকো বিশেষ সন্মান প্ৰদান কৰা হ’ব। ছয়বাৰ নৰ্মান ব্ৰুকছ ট্ৰফী জয় কৰা ফেডাৰেৰে মুঠ ২০টা গ্ৰেণ্ড শ্লেম খিতাপ দখল কৰিছে। এই বিশেষ প্ৰতিযোগিতাত ফেডাৰেৰৰ সৈতে চাৰিবাৰৰ অষ্ট্ৰেলিয়ান অ’পেন চেম্পিয়ন আন্দ্ৰে আগাছি, অষ্ট্ৰেলিয়াৰ পেট ৰাফটাৰ আৰু লেইটন হেউইটেও ক’ৰ্টত উপস্থিত থাকিব। ফেডাৰেৰে কয়-বহুদিন…
Read More
৯ বছৰৰ অন্তত জুনিয়ৰ হকী বিশ্বকাপত ভাৰতৰ ব্ৰঞ্জৰ পদক

৯ বছৰৰ অন্তত জুনিয়ৰ হকী বিশ্বকাপত ভাৰতৰ ব্ৰঞ্জৰ পদক

৯ বছৰৰ অন্তত জুনিয়ৰ হকী বিশ্বকাপত ভাৰতে ব্ৰঞ্জৰ পদক লাভ কৰে। জুনিয়ৰ দলটোৱে অন্তিম ১১ মিনিটত চাৰিটা গ’ল দি ২০২১ চনৰ চেম্পিয়ন আৰ্জেণ্টিনাক ৪-২ গ’লত পৰাস্ত কৰে।দুবাৰৰ বিশ্ব চেম্পিয়ন ভাৰতীয় দলটোৱে (হোবাৰ্ট ২০০১ আৰু লক্ষ্ণৌ ২০১৬) শেষবাৰৰ বাবে ২০১৬ চনত পদক লাভ কৰিছিল।বিগত দুবাৰকৈ ব্ৰঞ্জৰ পদক মেচত পৰাস্ত হৈ চতুৰ্থ স্থান দখল কৰিছিল দলটোৱে। তৃতীয় কোৱাৰ্টাৰলৈ দুটা গ’ল পিছ পৰি থকা ভাৰতে এক উল্লেখযোগ্য প্ৰত্যাৱৰ্তন কৰে। অন্তিম ১১ মিনিটত টিম ইণ্ডিয়াই দ্ৰুতগতিত একেৰাহে চাৰিটা গ’ল দিয়ে। ভাৰতৰ হৈ অংকিত পাল (৪৯ নম্বৰ), মনমীত সিং (৫২ নং), শাৰদানন্দ তিৱাৰী (৫৭ নং), আৰু অনমোল এক্কাই (৫৮ নং) গ’ল দিয়ে। আৰ্জেণ্টিনাৰ হৈ নিকোলাছ…
Read More
আই পি এলত ১১০ জন বিদেশী খেলুৱৈসহ ৩৫০ ক্ৰিকেটাৰৰ হ’ব নিলাম

আই পি এলত ১১০ জন বিদেশী খেলুৱৈসহ ৩৫০ ক্ৰিকেটাৰৰ হ’ব নিলাম

অহা ১৬ ডিচেম্বৰত আবুধাবিত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ নিলামত ২৪০ জন ভাৰতীয় আৰু ১১০ জন বিদেশী খেলুৱৈকে ধৰি মুঠ ৩৫০ গৰাকী ক্ৰিকেটাৰৰ নিলাম হ'ব। শেহতীয়াকৈ এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰৰ সিদ্ধান্ত সলনি কৰা দক্ষিণ আফ্ৰিকাৰ উইকেটকীপাৰ-বেটছমেন কুইণ্টন ডি কককো চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁৰ ভিত্তি মূল্য ১ কোটি। অষ্ট্ৰেলিয়াৰ বেটছমেন ষ্টিভ স্মিথকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ভিত্তি মূল্য ২ কোটি। স্মিথে শেষবাৰৰ বাবে ২০২১ চনত আই পি এলত খেলিছিল। আই পি এলৰ এক বিবৃতি অনুসৰি খেলুৱৈ নিলামৰ বাবে মুঠ ১৩৯০ গৰাকী খেলুৱৈয়ে পঞ্জীয়ন কৰে। পিছত এই সংখ্যা ১০০৫ লৈ হ্ৰাস পায়। এই খেলুৱৈসকলৰ পৰা…
Read More
মেক্সিকো-দক্ষিণ আফ্ৰিকাৰ মাজত ফিফা বিশ্বকাপৰ উদ্বোধনী মেচ

মেক্সিকো-দক্ষিণ আফ্ৰিকাৰ মাজত ফিফা বিশ্বকাপৰ উদ্বোধনী মেচ

২০২৬ ৰ ১১ জুনৰ পৰা আৰম্ভ হ'ব ফিফা বিশ্বকাপ। এইবাৰ ৪৮ টা দলে অংশগ্ৰহণ কৰিছে বিশ্বকাপত। ৱাশ্বিংটন ডি চিৰ কেনেডি চেণ্টাৰত অনুষ্ঠিত হয় ফিফা বিশ্বকাপৰ ড্ৰ’। এই সময়ছোৱাত ১২টা গ্ৰুপত ড্ৰ’ হোৱা দল আৰু খেলৰ সময়সূচী নিৰ্ধাৰণ কৰা হয়। ড্ৰ’ৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পো উপস্থিত আছিল আৰু তেওঁক ফিফা শান্তি বঁটাৰে সন্মানিত কৰা হয়।বিশ্বকাপৰ প্ৰথমখন খেল মেক্সিকো আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব। যিখন ঐতিহাসিক এষ্টেডিঅ’ এজটেকাত অনুষ্ঠিত হ'ব। ২০২২ চনৰ ফিফা বিশ্বকাপ বিজয়ী আৰ্জেণ্টিনাই ২০২৬ চনৰ বিশ্বকাপৰ উদ্বোধনী মেচত আলজেৰিয়াৰ বিৰুদ্ধে খেলিব। দুয়োটা দলকে অষ্ট্ৰিয়া আৰু জৰ্ডানৰ লগতে গ্ৰুপ জে-ত স্থান দিয়া হৈছে। বৰ্তমানৰ বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনা আৰু…
Read More