ক্ৰীড়া

স্মৃতি মান্ধনাক বিবিচিৰ বছৰৰ শ্ৰেষ্ঠ ক্ৰীড়াবিদ বঁটাৰে সন্মানিত

স্মৃতি মান্ধনাক বিবিচিৰ বছৰৰ শ্ৰেষ্ঠ ক্ৰীড়াবিদ বঁটাৰে সন্মানিত

তাৰকা বেটছমেন তথা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ উপ অধিনায়ক স্মৃতি মান্ধনাই পুনৰবাৰ বিশ্ব মঞ্চত ভাৰতক গৌৰাম্বিত কৰিলে। ক্ৰিকেট খেলপথাৰত নিজৰ সুন্দৰ শ্বট আৰু অধিনায়কত্বৰ দক্ষতাৰে লাখ লাখ লোকৰ হৃদয় জয় কৰা মান্ধনাক বিবিচিৰ বছৰৰ শ্ৰেষ্ঠ ক্ৰীড়াবিদ বঁটাৰে সন্মানিত কৰা হৈছে। এই সন্মান কেৱল তেওঁৰ ব্যক্তিগত কঠোৰ পৰিশ্ৰমৰ প্ৰমাণ নহয়, ভাৰতীয় মহিলা ক্ৰিকেটৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাৰ প্ৰতীক। শেহতীয়াকৈ স্মৃতি মান্ধনাই উল্লেখযোগ্য সময় পাৰ কৰিছে। মহিলা প্ৰিমিয়াৰ লীগ (ডব্লিউ পি এল)ত বেটিং দক্ষতা প্ৰমাণ কৰাই নহয়, নিজৰ দলটোক একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ দখল কৰিবলৈও নেতৃত্ব দিয়ে। ইয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতীয় দলৰ হৈ তেওঁৰ ধাৰাবাহিকতা আৰু মেচ বিজয়ী ইনিংছে তেওঁক এই বঁটাৰ বাবে…
Read More
টি-২০ বিশ্বকাপৰ ছুপাৰ ৮ত টিম ইণ্ডিয়া

টি-২০ বিশ্বকাপৰ ছুপাৰ ৮ত টিম ইণ্ডিয়া

আইচিচি টি-২০ বিশ্বকাপত কালি নিশা ভাৰতীয় ক্ৰিকেট দলে পাকিস্তানক ৬১ ৰানৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ সৈতে পইন্ট টেবুলত দুৰ্বল স্থিতিত উপনীত হৈছে পাকিস্তান। পাকিস্তানে এতিয়া তৃতীয় স্থানলৈ অৱনমিত হৈছে আৰু এই পৰাজয়ৰ পিছত বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ উপক্ৰম হৈছে। আইচিচি টি-২০ বিশ্বকাপ ২০২৬ৰ গ্ৰুপ এ-ত ভাৰত আৰু পাকিস্তানৰ লগতে আমেৰিকা, নামিবিয়া, আৰু নেদাৰলেণ্ড অন্তৰ্ভুক্ত। ইতিমধ্যে নামিবিয়া প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ বিপৰীতে ভাৰতে ছুপাৰ ৮ত নিজৰ স্থান নিশ্চিত কৰিছে। তিনিখন মেচত তিনিখন জয়ৰে ৬ পইণ্ট লাভ কৰি গ্ৰুপ এ-ত প্ৰথম স্থানত আছে ভাৰতে।ইফালে আমেৰিকাই চাৰিখন মেচ খেলি দুখন জয় আৰু দুখন পৰাজয়, ৪ পইণ্টেৰে দ্বিতীয় স্থানত আছে। পাকিস্তানে এই পৰ্যন্ত তিনিখন…
Read More
টি-২০ বিশ্বকাপত ইটালীৰ প্ৰথম জয়

টি-২০ বিশ্বকাপত ইটালীৰ প্ৰথম জয়

ইটালীয়ে টি-২০ বিশ্বকাপৰ অভিষেকৰ দ্বিতীয়খন মেচত চমৎকাৰ প্ৰদৰ্শন আগবঢ়াই আৰু বৃহস্পতিবাৰে গ্ৰুপ চিৰ এখন মেচত আইচিচি প্ৰতিযোগিতাত ৪৪টা বল বাকী থকা অৱস্থাত নেপালক ১০ উইকেটত পৰাস্ত কৰি ইটালীয়ে এক বৃহৎ জয় লাভ কৰে। ইটালীৰ স্পিনাৰে অনুশাসিতভাৱে বলিং কৰি নেপালক ১৯.৩ অভাৰত মাত্ৰ ১২৩ ৰানত আউট কৰে। ইয়াৰ পাছতে এন্থনী মস্কা (৬২ নট আউট) আৰু জাষ্টিন মস্কা (৬০ নট আউট)ৰ অবিচ্ছেদ্য অংশীদাৰিত্বৰ ফলত তেওঁলোকে ১২.৪ অভাৰত লক্ষ্যত উপনীত হয়। মস্কা ভাতৃদ্বয়ৰ ভিতৰত জ্যেষ্ঠ ভাতৃ এন্থনীয়ে অপৰাজিত ৩২ বলৰ ইনিংছত ছয়টা ছয় আৰু তিনিটা চাৰিটা মৰাৰ বিপৰীতে কনিষ্ঠ ভাতৃ জাষ্টিনে অপৰাজিত ৪৪ বলৰ ইনিংছত তিনিটা ছয় আৰু পাঁচটা চাৰি মাৰে। ইটালীৰ ইতিহাসত…
Read More
১৫ ফেব্ৰুৱাৰীত ভাৰত-পাকিস্তানৰ হাই ভল্টেজ মেচ

১৫ ফেব্ৰুৱাৰীত ভাৰত-পাকিস্তানৰ হাই ভল্টেজ মেচ

অহা ১৫ ফেব্ৰুৱাৰীত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ।সোমবাৰে নিশা পাকিস্তান চৰকাৰে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা নিশ্চিত কৰিছে। তেওঁলোকে উল্লেখ কৰিছে যে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ ডিছানায়াকে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফক ফোন কৰি ভাৰতৰ বিৰুদ্ধে খেলখন খেলিবলৈ আহ্বান জনায়। তদুপৰি বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ সভাপতি আমিনুল ইছলামেও পাকিস্তান ক্ৰিকেট ব’ৰ্ডক মেচ খেলিবলৈ পৰামৰ্শ দিয়ে। দৰাচলতে পাকিস্তানে টি-২০ বিশ্বকাপৰ পৰা বাংলাদেশক বাদ পৰাৰ প্ৰতিবাদত ১ ফেব্ৰুৱাৰীত ভাৰতৰ বিৰুদ্ধে খেলখন বৰ্জন কৰাৰ কথা ঘোষণা কৰিছিল। অৱশ্যে প্ৰতিযোগিতাখনৰ বাকী থকা মেচসমূহ খেলিবলৈ সন্মত হৈছিল। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰ কুমাৰ দিছানায়কে টেলিফোনিক বাৰ্তালাপ কৰে। ভাৰত-পাকিস্তানৰ প্ৰস্তাৱিত খেলখন শ্ৰীলংকাত…
Read More
টি-২০ বিশ্বকাপৰ পৰা বাহিৰ জোছ হেজলউড

টি-২০ বিশ্বকাপৰ পৰা বাহিৰ জোছ হেজলউড

অষ্ট্ৰেলিয়াৰ বেগী বলাৰ জোছ হেজলউড আঘাতৰ বাবে টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হৈছে। হামষ্ট্ৰিঙৰ আঘাতৰ পৰা তেওঁ এতিয়াও সম্পূৰ্ণৰূপে সুস্থ হোৱা নাই। ক্ৰিকেট অষ্ট্ৰেলিয়াই এই খবৰ নিশ্চিত কৰি স্পষ্ট কৰি দিছে যে এই সময়ত হেজলউডৰ হৈ কোনো প্ৰতিস্থাপক খেলুৱৈ দলত অন্তৰ্ভুক্ত কৰা নহ’ব। ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতা। অষ্ট্ৰেলিয়াৰ দলটোৱে ১১ ফেব্ৰুৱাৰীত আয়াৰলেণ্ডৰ বিৰুদ্ধে আৰ প্ৰেমাদাছা ক্ৰিকেট ষ্টেডিয়ামত প্ৰথমখন খেল খেলিব। শ্ৰীলংকা, জিম্বাবুৱে, ওমান, আয়াৰলেণ্ডৰ সৈতে অষ্ট্ৰেলিয়াক গ্ৰুপ বি-ত স্থান দিয়া হৈছে। ১১ ফেব্ৰুৱাৰীত আয়াৰলেণ্ডৰ বিৰুদ্ধে আৰ প্ৰেমাদাছা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব অষ্ট্ৰেলিয়াৰ প্ৰথমখন খেল। অষ্ট্ৰেলিয়া নিজৰ গ্ৰুপৰ শক্তিশালী দল যদিও শ্ৰীলংকা আৰু আয়াৰলেণ্ডৰ পৰা কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হোৱাৰ…
Read More
শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলা দখল ইংলেণ্ডৰ

শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলা দখল ইংলেণ্ডৰ

শ্ৰীলংকাৰ বিৰুদ্ধে বৰষুণৰ ফলত প্ৰভাৱিত হোৱা দ্বিতীয়খন টি-২০ত ইংলেণ্ডে ডাকৱৰ্থ-লুইছ পদ্ধতিত ৬ উইকেটত জয়লাভ কৰে। খেলখনত টম বেনটনে ৩৩টা বলত অপৰাজিত ৫৪ ৰান সংগ্ৰহ কৰে, যাৰ সহায়ত ইংলেণ্ডে শৃংখলাটো দখল কৰে। তিনিখন মেচৰ শৃংখলাত ইংলেণ্ডে ২-০ ত অগ্ৰগতি লাভ কৰিছে। বেনটনে নিজৰ ইনিংছত তিনিটা ছয় আৰু চাৰিটা চাৰি ৰান সংগ্ৰহ কৰি ১৭ অভাৰত ১৬৮ ৰানৰ সংশোধিত লক্ষ্যৰ প্ৰতি সঁহাৰি জনাই ইংলেণ্ডক ১৬.৪ অভাৰত ৪ উইকেটত ১৭৩ ৰান সংগ্ৰহ কৰাত সহায় কৰে। জোছ বাটলাৰে ২৯টা বলত ৩৯ ৰান সংযোজন কৰে। ইয়াৰ পূৰ্বে শ্ৰীলংকাই ৫ উইকেটত ১৮৯ ৰান সংগ্ৰহ কৰিছিল। পৱন ৰত্নায়কে ২২টা বলত ৪০ ৰান সংগ্ৰহ কৰে। বৰষুণ প্ৰভাৱিত প্ৰথমখন খেলত…
Read More
ভাৰতৰ বিৰুদ্ধে টি-২০ বিশ্বকাপ নেখেলে পাকিস্তানে

ভাৰতৰ বিৰুদ্ধে টি-২০ বিশ্বকাপ নেখেলে পাকিস্তানে

বাংলাদেশক সমৰ্থন জনাই ভাৰতৰ বিৰুদ্ধে টি-২০ বিশ্বকাপ নেখেলে পাকিস্তানে। পাকিস্তান চৰকাৰে দেওবাৰে ঘোষণা কৰে যে পাকিস্তান ক্ৰিকেট দলে টি-২০ বিশ্বকাপ ২০২৬ত অংশগ্ৰহণ কৰিব যদিও প্ৰধান প্ৰতিদ্বন্দ্বী ভাৰতৰ বিৰুদ্ধে খেলখন বৰ্জন কৰিব। অহা ১৫ ফেব্ৰুৱাৰীত কলম্বোত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া আছিল টি-২০ বিশ্বকাপৰ খেলখন।  আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে বাংলাদেশক প্ৰতিযোগিতাৰ পৰা বহিষ্কাৰ কৰাৰ পিছতে পাকিস্তান চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বাংলাদেশে ভাৰতত নিৰাপত্তাৰ কথা দোহাই দি ভাৰতত বিশ্বকাপ নেখেলাৰ সিদ্ধান্ত লৈছিল। বাংলাদেশৰ এই সিদ্ধান্তক সমৰ্থন কৰিলে পাকিস্তানে। পাকিস্তানেও বিশ্বকাপৰ পৰা আঁতৰি যাব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। কিন্তু সেয়া নহ’ল, পাকিস্তান চৰকাৰে বৰ্জন ভাৰত-পাকিস্তানৰ মেচতে সীমাবদ্ধ কৰি ৰাখিলে। পাকিস্তান চৰকাৰে…
Read More
টি-২০ বিশ্বকাপ বৰ্জন নকৰে পাকিস্তানে

টি-২০ বিশ্বকাপ বৰ্জন নকৰে পাকিস্তানে

পাকিস্তান ক্ৰিকেট দলেটি-২০ বিশ্বকাপ বৰ্জন নকৰাৰ সিদ্ধান্ত লৈছে । পিচিবিৰ সূত্ৰৰ উদ্ধৃতি দি নিউজ এজেন্সী পিটিআইয়ে দাবী কৰিছে যে পাকিস্তানী দলৰ সূচী চূড়ান্ত কৰা হৈছে। ২ ফেব্ৰুৱাৰীত কলম্বোলৈ ৰাওনা হ’ব দলটো। ইয়াৰ সৈতে পাকিস্তানে বিশ্বকাপৰ পৰা আঁতৰি যোৱা বা ভাৰতক খেলিব নোৱাৰাৰ জল্পনা-কল্পনাৰ কাৰ্যতঃ অন্ত পৰিল। শীঘ্ৰে পিচিবিয়ে অংশগ্ৰহণ নিশ্চিত কৰাৰ সম্ভাৱনা আছে। ভাৰতত খেলিব নোৱাৰা সন্দৰ্ভত বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ নিৰাপত্তাজনিত উদ্বেগক পিচিবিয়ে সম্পূৰ্ণ সমৰ্থন প্ৰকাশ কৰিছে। কিন্তু আইচিচিয়ে ইয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰা কাঠামোৰ ভিতৰতে কৰিব বিচাৰে। বিচিচিআই, পিচিবি, আইচিচিৰ মাজত ত্ৰিপাক্ষিক চুক্তি। এই চুক্তিৰ অধীনত আইচিচি প্ৰতিযোগিতাত ভাৰত-পাকিস্তানৰ সকলো মেচ ২০২৭ চনলৈকে নিৰপেক্ষ স্থানত অনুষ্ঠিত হ’ব।পিচিবিয়ে…
Read More
অষ্ট্ৰেলিয়ান অ’পেনৰ ছেমিফাইনেলত ন’ভাক জ’কভিচ

অষ্ট্ৰেলিয়ান অ’পেনৰ ছেমিফাইনেলত ন’ভাক জ’কভিচ

অষ্ট্ৰেলিয়ান অ’পেন ২০২৬ৰ পুৰুষৰ একক কোৱাৰ্টাৰ ফাইনেলত ইটালীৰ যুৱ টেনিছ তাৰকা লৰেঞ্জো মুছেট্টিয়ে আঘাতৰ বাবে মাজভাগতে আঁতৰি অহাৰ ফলত এক বৃহৎ অঘটন হয়। ইয়াৰ ফলত ছাৰ্বিয়াৰ কিংবদন্তি তথা ২৪ বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়ন ন’ভাক জ’কভিচে জয়ী নোহোৱাকৈ ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। প্ৰথম দুটা ছেটত জ’কভিচৰ বিৰুদ্ধে ৬-৪, ৬-৩ ত জয়লাভ কৰি মুছেট্টিয়ে মেচখনৰ আৰম্ভণি কৰে। তৃতীয় ছেটৰ সময়ত তেওঁৰ সোঁ ভৰিৰ ওপৰৰ অংশত অস্বস্তিৰ সন্মুখীন হোৱাৰ বাবে  মেডিকেল টাইমআউট লয় । চিকিৎসাৰ অন্তত মুছেট্টি ক’ৰ্টলৈ উভতি আহিছিল যদিও মাত্ৰ এখন খেল খেলি আঁতৰি যোৱাৰ সিদ্ধান্ত লয়। মুছেট্টী আঁতৰি যোৱাৰ সময়ত স্ক’ৰ আছিল ৬-৪, ৬-৩, ১-৩, যাৰ ফলত জ’কভিচে তেওঁৰ…
Read More
বক্সাম আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতক নেতৃত্ব দিব লাভলিনা বৰগোহাঁইয়ে

বক্সাম আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতক নেতৃত্ব দিব লাভলিনা বৰগোহাঁইয়ে

স্পেইনৰ লা নুচিয়াত ২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া বক্সাম আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ৩৩ জনীয়া ভাৰতীয় বক্সিং দলটোক নেতৃত্ব দিব টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলিনা বৰগোহাঁইয়ে। অৱশ্যে ছিজনৰ এই প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰে কেইবাগৰাকীও শীৰ্ষ মহিলা বক্সাৰে। এই প্ৰতিযোগিতাখন ভাৰতৰ বাবে ব্যস্ত বছৰৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা হ’ব, য’ত কমনৱেলথ গেমছ আৰু এছিয়ান গেমছ অন্তৰ্ভুক্ত। ভাৰতীয় বক্সিং ফেডাৰেচনৰ বাছনি নীতি অনুসৰি সদ্য সমাপ্ত ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ পৰা শীৰ্ষ দুগৰাকীক অলিম্পিক ওজন শাখাত নিৰ্বাচিত কৰা হৈছে, আনহাতে অ-অলিম্পিক শাখাত ৰূপৰ পদক বিজয়ীয়ে দেশক প্ৰতিনিধিত্ব কৰিব। দুবাৰৰ বিশ্ব চেম্পিয়ন নিখাত জৰীনে (৫১ কেজি) আৰু বৰ্তমানৰ বিশ্ব চেম্পিয়ন মীনাক্ষী হুদা (৪৮ কেজি) আৰু জেচমিন লেম্বৰিয়া…
Read More