উত্তৰ-পূৱ

গুৱাহাটী বিশ্ববিদ্যালয়ত দুদিনীয়া জলবায়ু পৰিবৰ্তন বিষয়ক কৰ্মশালাৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত দুদিনীয়া জলবায়ু পৰিবৰ্তন বিষয়ক কৰ্মশালাৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিবেশ বিজ্ঞান বিভাগ আৰু অসম জলবায়ু পৰিৱৰ্তন ব্যৱস্থাপনা সংস্থাৰ ( এ চি চি এম এছ )   যৌথ উদ্যোগত  ৫ আৰু ৬ জুনত বিশ্ববিদ্যালয়ৰ  বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সভাগৃহত দুদিনীয়াকৈ  জলবায়ু পৰিৱৰ্তন বিষয়ক  কৰ্মশালা অনুষ্ঠিত  হয়।  কৰ্মাশালাৰ আৰম্ভণিত ৫ জুনত  বিশ্ববিদ্যালয়ৰ চৌহদত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ  কৰা হয়।  আনহাতে দুদিনীয়া কৰ্মশালাত বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে আলোচনা কৰাৰ লগতে, পৰিৱেশ সংৰক্ষণ , জলবায়ু পৰিবৰ্তন ওপৰত বিভিন্ন সত্রৰ মাধ্যমেৰে আলোচনা কৰা হয়। কৰ্মশালাত জলবায়ু পৰিৱৰ্তনৰ বৰ্তমান পৰিস্হিতিত কেনেকৈ নিয়ন্ত্রিত কৰিব পাৰি, লগতে Remote Sensing, GIS আৰু পৰিসংখ্যা নিৰ্ণায়ক চফটৱেৰ আদি বিষয়ৰ ওপৰত ব্যৱহাৰিক উপস্হাপন কৰা হয়।   কৰ্মশালাত…
Read More
পুনৰ ভাৰতীয় ৰিজাৰ্ভ বেংকে বৃদ্ধি কৰিলে ৰেপো ৰেট

পুনৰ ভাৰতীয় ৰিজাৰ্ভ বেংকে বৃদ্ধি কৰিলে ৰেপো ৰেট

দেশবাসীয়ে মূল্যবৃদ্ধিৰ সৈতে যুঁজি থকাৰ সময়তে ভাৰতৰ কেন্দ্ৰীয় বেংক, ভাৰতীয় ৰিজাৰ্ভ বেংকে বুধবাৰে পুনৰ এবাৰ ৰেপো ৰেট বৃদ্ধি কৰে। ইয়াৰ ফলত ইএমই পৰিশোধকৰ্তাসকলৰ ওপৰত অতিমাত্ৰাত বোজা বৃদ্ধি কৰিব। আৰবিআইৰ মুদ্ৰা নীতি সমিতিয়ে বুধবাৰে ৰেপো ৰেট ৫০ বেছিছ পইণ্ট বৃদ্ধি কৰি ৪.৯০% লৈ বৃদ্ধি কৰিছে। এইটো ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে ঘোষণা কৰিছে। ইয়াৰ পূৰ্বে ৪ মে'ত ভাৰতীয় ৰিজাৰ্ভ বেংকে হঠাতে ৰেপো ৰেট ৪০ বেছিছ পইণ্ট বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছিল। ইয়াৰ বাবে কোৱা হৈছে যে বৰ্ধিত মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিবলৈ এই সিদ্ধান্ত লোৱা হৈছে। শক্তিকান্ত দাসে কয় যে ইউক্ৰেইন যুদ্ধৰ ফলত বিশ্বব্যাপী মুদ্ৰাস্ফীতি বৃদ্ধি পাইছে। আৰবিআই গভৰ্ণৰে কৈছে যে ষ্টেণ্ডিং ডিপজিট…
Read More
২৩ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ সমাপনৰ ঘোষণা মিতালী ৰাজৰ

২৩ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ সমাপনৰ ঘোষণা মিতালী ৰাজৰ

 মহিলা ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ মিতালী ৰাজে বুধবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰে। কিংবদন্তী ভাৰতীয় বেটছমেনগৰাকীয়ে তেওঁৰ ২৩ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত মহিলা ক্ৰিকেটক জনপ্ৰিয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মিতালীয়ে তেওঁৰ কেৰিয়াৰত ২৩২ খন এদিনীয়া আন্তৰ্জাতিক খেলত ৭৮০৫ ৰান সংগ্ৰহ কৰিছিল, যিটো খেলৰ এই ফৰ্মেটত এটা অভিলেখ ৰান আছিল। মুঠ ১০,৮৬৮ আন্তঃৰাষ্ট্ৰীয় ৰানৰ সৈতে, মিতালী মহিলা ক্ৰিকেটৰ সকলো ফৰ্মেটত সৰ্বাধিক ৰান সংগ্ৰহকাৰী ক্ৰিকেটাৰ। ৩৯ বছৰীয়া খেলুৱৈগৰাকীয়ে ৮৯ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলো খেলিছিল। মিতালীয়ে মাত্ৰ ১২ খন টেষ্ট খেলিবলৈ সুযোগ পাইছিল কিন্তু এই সময়ছোৱাত তেওঁ দ্বিশতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল আৰু টেষ্ট ক্ৰিকেটত এই কৃতিত্ব অৰ্জন কৰা ভাৰতৰ…
Read More
বিশ্বৰ টেনিছ জগতত ত্ৰিমূৰ্তি ফেডাৰেৰ-নাদাল- জক’ভিচৰ দপদপনি

বিশ্বৰ টেনিছ জগতত ত্ৰিমূৰ্তি ফেডাৰেৰ-নাদাল- জক’ভিচৰ দপদপনি

যেতিয়া আমেৰিকান টেনিছ তাৰকা পিট চাম্প্ৰাছে ২০০২ চনত তেওঁৰ ১৪ তম গ্ৰেণ্ড শ্লেম খিতাপ জিকিছিল, তেতিয়া তেওঁৰ ৰেকৰ্ডৰ দূৰ-দূৰলৈ কোনো নাছিল। কিন্তু কোনোৱে ভবা নাছিল যে পৰৱৰ্তী দুটা দশকত, এজন নহয় তিনিজন খেলুৱৈয়ে এই অভিলেখ ভংগ কৰিব। প্ৰথমে ৰজাৰ ফেডাৰেৰে তেওঁৰ অভিলেখ ভংগ কৰে, তাৰ পিছত নাদালে আৰু শেষত, জক'ভিচে পিট চাম্প্ৰাছকো অতিক্ৰম কৰে। যোৱা দুটা দশকত, কেৱল এই তিনিজন খেলুৱৈয়েহে টেনিছ বিশ্বত আধিপত্য বিস্তাৰ কৰিছে। যোৱা বছৰলৈকে, তিনিওজন খেলুৱৈয়ে ২০ টাকৈ গ্ৰেণ্ড শ্লেম জিকি সমপৰ্যায়ত উপনীত হৈছিল। এই বছৰ ৰাফেল নাদালে দুটা গ্ৰেণ্ড শ্লেম জিকিছে আৰু এই দৌৰত নিজকে আগুৱাই লৈ গৈছে। ২০০৩ চনত ছুইজাৰলেণ্ডৰ টেনিছ খেলুৱৈ ৰজাৰ ফেডাৰেৰে…
Read More
 কলিংগ সাহিত্য উৎসৱত মামনি ৰয়ছম গোস্বামী জীৱন আৰু সাহিত্য বিষয়ক আলোচনা

 কলিংগ সাহিত্য উৎসৱত মামনি ৰয়ছম গোস্বামী জীৱন আৰু সাহিত্য বিষয়ক আলোচনা

কলিংগ সাহিত্য উৎসৱে পোনপ্ৰথমবাৰৰ বাবে অসমত জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক "মামণি ৰয়চম গোস্বামীৰ সাহিত্য আৰু জীৱন" সন্দৰ্ভত এক অনুষ্ঠান আয়োজন কৰিছে। অহা ১২ জুন দেওবাৰে বিয়লি ৪ বজাত কলিংগ সাহিত্য উৎসৱৰ "ভৱ সংবাদ শীৰ্ষক অনুষ্ঠানত মামনি ৰয়ছম গোস্বামীৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত বিশদ আলোকপাত কৰা  হ'ব। কলিংগ সাহিত্য উৎসৱৰ এই "ভৱ সংবাদ" শীৰ্ষক অনুষ্ঠানত উপস্থিত থাকিব  ছয়গৰাকী বিশিষ্ট সাহিত্যিক। বিশিষ্ট সাহিত্য সমালোচক   অৰিন্দম বৰকটকী, বিশিষ্ট লেখক - সমালোচক  অধ্যাপক ডঃ মৃদুল শৰ্মা , বিশিষ্ট লেখিকা  ডঃ ৰত্নোত্বমা দাস বিক্ৰম, অধ্যাপিকা অংকুমানি দাস আৰু লেখক জিতুল বৰা।  উল্লেখযোগ্য যে, যুৱ লেখক জিতুল বৰাই আঁতধৰিব লগীয়া অনুষ্ঠানটিত "মামনি ৰয়ছম গোস্বামীৰ জীৱন আৰু…
Read More
ৰবীন্দ্ৰ ভৱনত চুতীয়া ৰাজশাসনৰ ৰাণী  বীৰাংগনা সতী সাধনীৰ ” বীৰাংগনা” মঞ্চস্থ

ৰবীন্দ্ৰ ভৱনত চুতীয়া ৰাজশাসনৰ ৰাণী  বীৰাংগনা সতী সাধনীৰ ” বীৰাংগনা” মঞ্চস্থ

অসমীয়া নাৰীসমাজৰ স্বাভিমানৰ প্ৰতীক স্বৰূপ তথা এছিয়া মহাদেশৰ ভিতৰত প্ৰথম নাৰী বাহিনী গঠন কৰি যুদ্ধ ক্ষেত্ৰত জপিয়াই পৰা বীৰাঙ্গণা, মৃত্যুঞ্জয়ী আদৰ্শ আৰু বীৰত্বৰে মহীয়ান চুতীয়া ৰাজশাসনৰ ৰাণী  বীৰাংগনা সতী সাধনীৰ জীৱনক লৈ আধাৰিত নাট বীৰাংগনা নাট দেওবাৰে সন্ধিয়া ৰবীন্দ্ৰ ভৱনত  মঞ্চস্থ কৰা হয় । ৰবীন্দ্ৰ ভৱনত প্ৰথম বাৰৰ বাবে মঞ্চস্থ হোৱা বীৰাংগনা নাটখনি উদ্ধোধন কৰে সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ড৹ দেৱজিৎ খনিকৰ। উপস্থিত থাকে শস্য উদ্যান বিভাগৰ সঞ্চালক তৰংগ ভাৰতী বৰা, গৰিমা শইকীয়া গাৰ্গ । নাটকখন মঞ্চস্থ কৰাৰ পূৰ্বে চুতীয়া জাতিৰ প্ৰতি অৱদান আগবঢ়োৱা বতাহঘূলিৰ অৱসৰপ্ৰাপ্ত অবৰ সচিব গগন চন্দ্ৰ চুতীয়া, সৰুমটৰিয়াৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ধীৰেন্দ্ৰ নাথ শইকীয়া, সমাজ…
Read More
মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হ’ল পৰি বেগম

মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হ’ল পৰি বেগম

মঙলবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় কলিয়াবৰৰ কুঁৱৰীটোল চাৰিআলিৰ আজাৰুদ্দিন আহমেদ আৰু মৰমী বেগমৰ ডাঙৰ জীয়ৰী কন্যা পৰি বেগমে। বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰা শিক্ষানুষ্ঠানৰ পৰিৱৰ্তে সাধাৰণ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি পৰি বেগম উত্তীৰ্ণ হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাত।কুঁৱৰীটোল উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ২৩৬ নম্বৰ লাভ কৰি তৃতীয় বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে পৰি বেগম। উল্লেখ্য যে¸ দিন হাজিৰা কৰি পিতৃয়ে অতি কষ্টৰ মাজৰে সন্তানক শিক্ষিত কৰিব পৰা যুঁজখনত সন্তানৰ এই সফলতাত এতিয়া অতন্ত্য সুখী পৰিয়ালটো। উত্তীৰ্ণ ছাত্ৰী পৰি বেগমৰ ভনীয়েকো বিশেষ ভাৱে এগৰাকী সক্ষম ছাত্ৰী।
Read More
গুলীয়াই হত্যা কৰিলে মাতৃক

গুলীয়াই হত্যা কৰিলে মাতৃক

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। ১৬ বছৰীয়া এটি কিশোৰে গুলীয়াই হত্যা কৰে মাতৃক। এই ঘটনা বুধবাৰে পোহৰলৈ আহে। আৰক্ষীয়ে জনাই যে পাবজি খেলত আসক্ত আছিল কিশোৰ জন। কিন্তু তেওঁৰ মাতৃয়ে বাধা দিছিল পাবজি খেলাত।যাৰ বাবে পিতৃৰ পিষ্টলেৰে গুলীয়াই হত্যা কৰে মাতক। কিশোৰ জনে প্ৰায় ৩ দিন ধৰি মাতৃৰ মৃতদেহ কোঠাত লুকুৱাই থৈছিল।
Read More

🔷আজি অনুষ্ঠিত হৈছে কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নিৰ্বাচন

নিউজ ডেক্স- আজি অনুষ্ঠিত হৈছে কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নিৰ্বাচন। মুঠ ২৯টা কেন্দ্ৰত পুৱা প্ৰায় ৭ বজাৰ লগে লগে আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। সকলো ওলাই আহিছে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ। উল্লেখযোগ্য যে ২৮ নং ভোট কেন্দ্ৰ ধৰ্মেশ্বৰ ইংলেং মেমোৰিয়েল মধ্য ইংৰাজী বিদ্যালয়ত প্ৰথমটো ভোটদান কৰিছে কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ ১নং দুৱাৰ আমলা পৰিষদিয় সমষ্টিৰ সদস্য পদৰ প্ৰাৰ্থী কংগ্ৰেছৰ বিজয় টেৰণে। আৰু ভোটদান কৰি আহিয়ে জয় লাভ কৰাটো ১০০ শতাংশ নিচ্ছিত বুলি মন্তব্য প্ৰকাশ কৰে বিজয় টেৰণে।
Read More
ফ্লিপকাৰ্টৰ শ্বপচি চামাৰ ষ্টোৰে ৫এক্স বৃদ্ধি ৰেকৰ্ড কৰিছে

ফ্লিপকাৰ্টৰ শ্বপচি চামাৰ ষ্টোৰে ৫এক্স বৃদ্ধি ৰেকৰ্ড কৰিছে

ফ্লিপকাৰ্টৰ সামাজিক বাণিজ্য প্লেটফৰ্ম শ্বপচিয়ে শেহতীয়াকৈ গ্ৰীষ্মকালীন দোকান মুকলি কৰিছে, যি হৈছে গ্ৰাহকৰ সূক্ষ্ম ঋতুগত প্ৰয়োজনীয়তা বোৰ সমাধান কৰাৰ বাবে এক অনন্য কিউৰেচন, এটা ছাতিৰ তলত বিভিন্ন শ্ৰেণীত বিভিন্ন সামগ্ৰী আগবঢ়াই। গুৱাহাটীৰ বিক্ৰেতাসকলে গ্ৰীষ্মকালীন দোকানৰ উদ্যোগৰ দ্বাৰা শক্তিশালী হোৱা বিক্ৰীত প্ৰায় ৫ এক্স বৃদ্ধি নথিভুক্ত কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে এক মূল্য-আধাৰিত আৰু নিৰ্ভৰযোগ্য প্লেটফৰ্ম হৈ থকাৰ সময়ত গ্ৰাহকসকলৰ বাবে সুলভ মূল্যত বিভিন্ন মানদণ্ডআৰু আকৰ্ষণীয় সামগ্ৰী আগবঢ়োৱাৰ প্ৰচেষ্টা অব্যাহত ৰখা। ফেশ্বন গ্ৰাহকসকলৰ বাবে এক শীৰ্ষ অগ্ৰাধিকাৰ হিচাপে উদ্ভৱ হৈছিল য'ত কুৰ্তা ছেট আৰু কপাহৰ শাৰীআদিৰ দৰে সামগ্ৰীৰ চাহিদা তালিকাৰ শীৰ্ষত আছিল। শ্বপচি চামাৰ ষ্ট'ৰ হৈছে ইলেক্ট্ৰনিকছ, ব্যক্তিগত যত্ন, কেঁচুৱাৰ যত্ন, খাদ্য…
Read More