উত্তৰ-পূৱ

আইচিচি এদিনীয়া ৰেংকিঙৰ তৃতীয় স্থানত ভাৰত

আইচিচি এদিনীয়া ৰেংকিঙৰ তৃতীয় স্থানত ভাৰত

ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলা জয়ৰ পিছত ভাৰতে আইচিচি ৰেংকিঙত ৩ নম্বৰ স্থান অৰ্জন কৰিছে। ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ শৃংখলা জয়ে ৰোহিত শৰ্মাৰ নেতৃত্বত দলটোক আইচিচি পুৰুষৰ এদিনীয়া দলৰ ৰেংকিঙত পাকিস্তানতকৈ তিনি পইণ্ট অধিক অৰ্জনৰে নিজৰ স্থান অধিক শক্তিশালী কৰিছে। ভাৰতীয় দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাটো ২-১ত জয় লাভ কৰিছিল। ১০৯ৰেটিং পইণ্টৰ সৈতে ভাৰত এতিয়া পাকিস্তানতকৈ (১০৬) তিনি পইণ্ট আগবাঢ়ি আছে। একে সময়তে, নিউজীলেণ্ড ১২৮ ৰেটিং পইণ্টৰ সৈতে শীৰ্ষস্থানত আছে। তিনিখন এদিনীয়া শৃংখলাত পৰাজিত হোৱাস্বত্বেও জছ বাটলাৰৰ নেতৃত্বত ইংলেণ্ড দল ১২১ ৰেটিং পইণ্টৰ সৈতে দ্বিতীয় স্থানত আছে। অন্তিম খন খেলত উইকেটকিপাৰ বেটছমেন ঋষভ পণ্টৰ প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় শতকে ভাৰতক ইংলেণ্ডৰ বিৰুদ্ধে ২-১…
Read More
জিম্বাবোৱে- নিউজীলেণ্ডৰ বিৰুদ্ধে  এদিনীয়া শৃংখলাক লৈ অষ্ট্ৰেলিয়াৰ দল ঘোষণা

জিম্বাবোৱে- নিউজীলেণ্ডৰ বিৰুদ্ধে  এদিনীয়া শৃংখলাক লৈ অষ্ট্ৰেলিয়াৰ দল ঘোষণা

অষ্ট্ৰেলিয়াৰ দলটোৱে আগষ্ট আৰু ছেপ্টেম্বৰত জিম্বাবোৱে আৰু নিউজীলেণ্ডৰ বিৰুদ্ধে তিনিখনকৈ এদিনীয়া শৃংখলা খেলিব। এই দুটা শৃংখলাৰ বাবে তেওঁলোকে দল ঘোষণা কৰিছে। ক্ৰিকেট অষ্ট্ৰেলিয়াৰ নিৰ্বাচকসকলে ঘৰুৱা মাটিত অনুষ্ঠিত হ'বলগীয়া এই এদিনীয়া শৃংখলাৰ বাবে এটা সম্পূৰ্ণ দল বাছনি কৰিছে।এই দলটোৰ অধিনায়ক হ'ব এৰন ফিন্স। ২০২৩ চনত ভাৰতত অনুষ্ঠিত হ'বলগীয়া এদিনীয়া বিশ্বকাপৰ অৰ্হতাৰ পৰিপ্ৰেক্ষিতত, এই শৃংখলাবোৰ অষ্ট্ৰেলিয়াৰ বাবে গুৰুত্বপূৰ্ণ। সেয়েহে প্ৰভাৱশালী দলটো বাছনি কৰা হৈছে, যাৰ ভিতৰত আছে ডেভিদ ৱাৰ্নাৰ, গ্লেন মেক্সৱেল আৰু মিচেল ষ্টাৰ্কৰ দৰে খেলুৱৈ। উল্লেখ্য যে টি-২০ বিশ্বকাপ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'ব। অষ্ট্ৰেলিয়াই আগষ্টত জিম্বাবোৱেৰ বিৰুদ্ধে আৰু ছেপ্টেম্বৰত নিউজীলেণ্ডৰ বিৰুদ্ধে এখন এদিনীয়া শৃংখলা খেলিব। জিম্বাবোৱেৰ অষ্ট্ৰেলিয়া ভ্ৰমণ ২৮ আগষ্টৰ পৰা আৰম্ভ…
Read More

নগৰবেৰাত মাছৰ উজান

বানপানী শুকোৱাৰ পাছত বিল-জলাশয়ত উঠিছে মাছ-পুঠিৰ উজান ,হাতে-হাতে জাল-জাকৈ লৈ সকলো ব্যস্ত মাছ মৰাত | নগৰবেৰাৰ বিভিন্ন স্থানত দেখা গৈছে তেনে সমূহীয়া মৎস্য চিকাৰ। নগৰবেৰাৰ প্ৰতিবেশী শিমলীতোলাৰ এটা জলাশয়ৰ ,কেবাশতাধিক পুৰুষ-মহিলা হাতে-হাতে জাল-জাকৈ লৈ পানীত নামিছে মাছ-পুঠি বিচাৰি।নাই দুখ-ভাগৰ ,নাই জিৰণি .লক্ষ্য মাথো বিলৰ মাছেৰে খালৈ ভৰোৱাৰ। ,সকলো ব্যস্ত হয় পৰিছে নিজৰ হিচাপত।উল্লেখযোগ্য যে প্ৰতিবছৰে এই ধৰণে বানপানী শুকোৱা মাত্ৰেই হিলদল ভাঙি সকলো পানীত নামে মাছৰ সন্ধানত।আনন্দমগণ পৰিবেশ ,যেন এয়া কোনো পৰম্পৰাগত বাৎসৰিক উৎৱৰহে দৃশ্য ! কোনোৱে পাইছে খালৈ ভৰাই ,কোনো জনে নামমাত্ৰ ,পিছে পোৱা নোপোৱালৈ কোনো কথা নাই । পাৰস্পৰিক মিলাপ্ৰীতিৰে সকলো আজি উলাহ মগন মৎস্য চিকাৰত , কিয়নো…
Read More

হাজোৰ বুল্লুট কোঁৱৰপুৰ গাওঁৰ এগৰাকী ৬০ বছৰীয়া মহিলা নিৰুদ্দেশ

হাজোৰ বুল্লুট কোঁৱৰপুৰ গাওঁৰ এগৰাকী ৬০ বছৰীয়া মহিলা নিৰুদ্দেশ । হাজো আৰক্ষী থানাত এজাহাৰ দাখিল।কামৰূপ জিলাৰ হাজো আৰক্ষী থানাৰ অধীনস্থ বুল্লুট কোঁৱৰপুৰ গাওঁৰ এগৰাকী মহিলা বিগত দুমাহে নিৰুদ্দেশ হৈ আছে । নিৰুদ্দেশ হোৱা মহিলাগৰাকীৰ নাম জিৰাতন বিবি।বয়স ৬০ বছৰ ।প্ৰায় পাঁচ ফুট ওখ।গাৰ বৰণ বগা।হাজোৰ বুল্লুট কোঁৱৰপুৰ নিবাসী সূৰ্য আলীৰ পত্নী তথা আঠোটাকৈ সন্তানৰ মাতৃ জিৰাতন বিবি(৬০ ) বিগত দুমাহ ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাৰ পিছত অঞ্চলজুৰি তীব্র প্ৰতিক্ৰিয়াই বিৰাজ কৰিছে ।ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ সূত্ৰে জানিব দিয়া অনুসৰি মহিলা গৰাকী মানসিক ভাবে সামান্য অসুস্থ আছিল ।মহিলা গৰাকী পূৰ্বেও কেতিয়াবা ঘৰৰ পৰা ওলাই গৈছিল যদিওঁ পুনৰ ঘৰলৈ ঘূৰি আহিছিল । কিন্তু…
Read More

মুছলপুৰত দুৰ্নীতি নিবাৰক বিভাগৰ অভিযান বাক্সা যুটীয়া স্বাস্থ্য সঞ্চালকৰ উচ্চ বৰ্গৰ সহায়ক বিপিন কলিতাক গ্ৰেপ্তাৰ

মুছলপুৰত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান ৷ বাক্সা জিলা স্বাস্থ্য বিভাগৰ মুছলপুৰস্থ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত অভিযান ৷ কাৰ্যালয়টোৰ উচ্চ বৰ্গৰ সহায়ক বিপিন কলিতাক গ্ৰেপ্তাৰ ৷ নিলীমা ভূঞা নামৰ অৱসৰী নাৰ্চ এগৰাকীৰ পেঞ্চনৰ কাম কৰাৰ বাবদ ৫০০০ টকা দাবী কৰিছিল বিপিন কলিতাই ৷ নাৰ্চগৰাকীয়ে পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ সৈতে যোগাযোগ কৰে ৷ সেইমতে আজি মুছলপুৰস্থ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত নাৰ্চগৰাকীয়ে টকাখিনি দিয়াৰ পাছতে পূৰ্বৰে পৰা খাপ পিটি থকা দুৰ্নীতি নিবাৰক শাখাৰ দলে বিপিন কলিতাক হাতে লোটে ধৰা পেলায় ৷ আজি উক্ত দলটোৱে কাৰ্যালয়ত প্ৰায় চাৰিঘন্টা ধৰি বিপিন কলিতাক জেৰা কৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে ৷ পাছত মুছলপুৰ অসামৰিক…
Read More
বৰ্ণিল ফাইন আৰ্টছ স্কুলৰ কৰ্মশালাৰ সামৰণি

বৰ্ণিল ফাইন আৰ্টছ স্কুলৰ কৰ্মশালাৰ সামৰণি

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখ চেকগেটৰ ৰূপকোঁৱৰ হাউছিং কমলেক্সস্থিত  বৰ্ণিল ফাইন আৰ্টছ স্কুলৰ উদ্যোগত  ১১ জুলাইৰপৰা ১৩ জুলাইলৈ এক  তিনিদিনীয়াকৈ  গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হয় । ১১ জুলাইত বন্তি প্ৰজ্বলনৰে কৰ্মশালাৰ  শুভাৰম্ভ কৰে ৰূপকোঁৱৰ  হাউছিং  কমপ্লেক্সৰ সভাপতি কমলাকান্ত দাস আৰু সম্পাদক শুভেশ্বৰ নাথে । আনহাতে চন্দনা পাঠক আৰু নিমাক্ষী ডেকাৰ তত্বাৱধানত অনুষ্ঠিত কৰ্মশালাত  ভাগ লোৱা শিক্ষাৰ্থী সকলক  পেলনীয়া সামগ্ৰীৰে শিল্প নিৰ্মাণ, কেনভাচ পেইন্টিং আৰু মৃৎশিল্প  প্ৰস্তুত কার্য শিকোৱা হয় | সামৰণি অনুষ্ঠানত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক  ৰঞ্জিত দাস,  অৱসৰপ্ৰাপ্ত সেনা বিষয়া গিৰীশ পাঠক, মুকুল কলিতাই উপস্থিত থাকি অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰাৰ লগতে শিক্ষাৰ্থী সকলক  মানপত্ৰ প্ৰদান কৰে ।
Read More
আই এ এছ এছ টি , গুৱাহাটীৰ উদ্যোগত দুদিনীয়া কৰ্মশালাৰ সামৰণি

আই এ এছ এছ টি , গুৱাহাটীৰ উদ্যোগত দুদিনীয়া কৰ্মশালাৰ সামৰণি

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনস্থ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স ষ্টাডি এণ্ড টেকন'লজি চমুকৈ আই এ এছ এছ টি , গুৱাহাটীৰ উদ্যোগত হোটেল ৰেডিচন ব্লুত   কালিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত কৰ্মশালাখনৰ আজি সামৰণি পৰে ।  ভাৰত চৰকাৰৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক  গৱেষণা পৰিষদৰ আৰ্থিক পৃষ্ঠপোষকতাত অনুষ্ঠিত  "উত্তৰ পূৱৰ প্ৰতিষ্ঠান সমূহৰ গৱেষক সকলৰ বাবে গৱেষণা আৰু উন্নয়ন পুঁজিৰ  সুযোগ" বিষয়ক কৰ্মশালাখন উদ্ধোধন কৰে আই এ এছ এছ টিৰ  সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীয়ে । এই উপলক্ষে আই এ এছ এছ টিৰ সহযোগী অধ্যাপিকা ডঃ মুনিমা বি চহৰীয়াৰ সঞ্চালনাত অনুষ্ঠিত উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিজ্ঞান আৰু অভিযান্ত্ৰিক গৱেষণা পৰিষদৰ…
Read More
লেখিকা সংস্থা অসমৰ বানাক্ৰান্তলৈ সাহাৰ্য সামগ্ৰী বিতৰণ

লেখিকা সংস্থা অসমৰ বানাক্ৰান্তলৈ সাহাৰ্য সামগ্ৰী বিতৰণ

লেখিকা সংস্থা, অসমৰ এটি সঁজাতি দলে আজি গুৱাহাটীৰ পৰা গৈ মৰিগাঁও জিলাৰ বাসনাঘাটৰ বিলবমুৰা নামৰ ঠাইত বানাক্ৰান্ত ৰাইজৰ মাজত সাহাৰ্য সামগ্ৰী বিতৰণ কৰে। লেখিকা সংস্থা অসমৰ দলটোৱে প্ৰায় ডেৰশ পৰিয়ালৰ মাজত চাউল,দাইল,চিৰা,মুৰি, বিস্কুট,নিমখ,আলু,পানীৰ বটল,চেনিটাৰি নেপকিন,চয়াবিন,চাবোন,কাপোৰ আদি বিভিন্ন দৰকাৰী সামগ্ৰী বিতৰণ কৰে। লেখিকা সংস্থা, অসমৰ সভানেত্ৰী মৃদুলা শৰ্মাৰ নেতৃত্বত আৰু প্ৰধান সম্পাদিকা বিজয়া দেৱ দাসৰ তত্বাৱধানত যোৱা দলটিৰ লগত মধ্য অসমৰ সহকাৰী সম্পাদিকা ৰীনা ৰাণী শইকীয়াই সহযোগিতা আগবঢ়াই। গুৱাহাটীস্থ শাখা সমূহৰ প্ৰতিনিধি হিচাপে কেন্দ্ৰীয় সহকাৰী সম্পাদিকা ত্ৰিবেণী মজুমদাৰ, পূব গুৱাহাটী শাখাৰ নমিতা দাস, দিছপুৰ শাখাৰ সম্পাদিকা নিজৰা জান্নাত, কেন্দ্ৰীয় সাংগঠনিক সম্পাদিকা মৃনালী ভৰালী, আইদেউ সন্দিকৈ শাখাৰ ভাগ্য মহন্ত আৰু আই পদ্মাপ্ৰিয়া…
Read More

বিজনীৰ পাণবাৰী থানাৰ অন্তৰ্গত পাণবাৰী-পাতিলাদহা পথৰ বাল্লিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

বিজনীৰ পাণবাৰী থানাৰ অন্তৰ্গত পাণবাৰী-পাতিলাদহা পথৰ বাল্লিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এজন ব্যৱসায়ী থিতাতে নিহত হোৱাৰ লগতে আন এজন গুৰুতৰ ভাবে আহত হয়। শ্বাহেবুল আলী নামৰ মুৰ্গী ব্যৱসায়ীটোৱে AS 19D 4532 নম্বৰৰ YAMAHA বাইকখনেৰে পানবাৰী পৰা সৰভোগ অভিমুখে গৈ থকা অৱস্থাত পাতিলাদহাৰ পৰা আহি থকা AS 26B 4782 নম্বৰৰ মফেড খনৰ লগত মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় শ্বাহেবুল আলি(৫২) নামৰ মুৰ্গী ব্যৱসায়ীজন। মৃত শ্বাহেবুলৰ ঘৰ ডেকাৰগুৰী (টেঙা গাওঁ) বুলি জানিব পৰা গৈছে। আনহাতে দুৰ্ঘটনাটোত গুৰুতৰভাবে আহত হয় বিজনীৰ ১ নং বিষ্ণুপুৰ নিবাসী তথা পাণ ব্যৱসায়ী জৱেশ মণ্ডল (৩০) নামৰ লোকজন। আহত লোক জনক ততাতৈয়াকৈ…
Read More

বাক্সাৰ ছামঠাইবাৰীৰ হাকোৱা নদীত উদ্ধাৰ হোৱা অৰ্ধ গলিত মৃতদেহ চিনাক্ত

বাক্সা জিলাৰ লাবদাংগুৰী উপ আৰক্ষী চকীৰ অন্তৰ্গত ছামঠাইবাৰীৰ হাকোৱা নদীত পানীত উপঙি থকা অৱস্থাত অচিনাক্ত এটি গলিত মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে ৷স্থানীয় ৰাইজে হাকোৱা নদীত পানীত এটি মৃতদেহ উপঙি থকা প্ৰত্যক্ষ কৰি স্থানীয় লাবদাংগুৰী আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে ৷মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে মুছলপুৰলৈ প্ৰেৰণ কৰাৰ পিছত যোৱা নিশা পৰিয়ালৰ লোকে মৃতদেহটো বৰপেটা জিলাৰ ভেটুমাৰী টুপৰ আবুবক্কৰ ছিদ্দিক বুলি চিনাক্ত কৰে ৷আজি মৃতদেহটো ঘৰলৈ অনাৰ পিছত পৰিয়ালৰ মাজত কান্দোনৰ ৰোল উঠে ৷ ইপিনে বাক্সা জিলা আমছুৰ সভাপতি ছাইফুল ইছলাম খানে ঘটনাটো এক উচিত তদন্তৰ দাবী জনাইছে ৷
Read More