উত্তৰ-পূৱ

ধিং আৰক্ষীৰ ড্ৰাগছ বিৰোধী সফল অভিযান

ধিং আৰক্ষীৰ ড্ৰাগছ বিৰোধী সফল অভিযানফ ।আটক কৰিলে একে দিনাই দুটাকৈ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক ।আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী কেইজন হৈছে লালিপথাৰৰ মিৰাজ আলি আৰু টুকটুকিৰ ৰফিকুল ইছলাম (নাপিট) ।আটকাধীন ৰফিকুল ইছলামে নাপিটৰ কাম কৰি সংগুপনে ড্ৰাগছৰ বেহা চলাই আহিছিল দীৰ্ঘদিন ধৰি ।স্থানীয় ৰাইজৰ মূৰৰ কামোৰণি হৈ পৰা ৰফিকুলৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ আছিল বহু অভিযোগ ।অভিযোগৰ ভিত্তিত তিনিবাৰ অভিযানৰ পিছত ধিং আৰক্ষী আৰু আহোম গাওঁ আৰক্ষী পহৰা চকীৰ যুতীয়া অভিযানত আটক কৰিবলৈ সক্ষম হয় নাপিট ৰূপী কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ৰফিকুল ইছলামক ।আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ পৰা এটা চাবোনৰ বাকচৰ পৰা ৪০.৭৭ গ্ৰাম হিৰ'ইন আৰু ৬টাকৈ ড্ৰাগছ ভৰ্তি কন্টেনাৰ জব্দ কৰিবলৈ সক্ষম হয়…
Read More

অসম যুৱ অলিম্পিক ২০২২চনত মৰিগাঁও জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিলে প্ৰাৰ্থ প্ৰতিম ৰায়

অসম যুৱ অলিম্পিক ২০২২চনত মৰিগাঁও জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিলে প্ৰাৰ্থ প্ৰতিম ৰায়অসম যুৱ অলিম্পিক(২০২২) কাৰাটেৰ -৬১ কে.জি শাখাত মৰিগাঁও জিলা পৌৰসভাৰ ৫ নং ৱাৰ্ডৰ অন্তৰ্গত ৰজাগাও নিবাসী শ্ৰী সুনিল ৰায় আৰু শ্ৰীমতী লোনা দেৱীৰ সুযোগ্য সন্তান শ্ৰী পাৰ্থ প্ৰতিম ৰায়ে সোণৰ পদক অৰ্জন কৰি অঞ্চলবাসীৰ লগতে সমগ্ৰ মৰিগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে । পাৰ্থ প্ৰতিম ৰায় ক্ৰীড়া ক্ষেত্ৰত আগুৱাই যাবলৈ আৰু সহায় কৰিৱ‌ লাগে বুলি চৰকাৰলৈ অনুৰোধ জনায়। উক্ত প্ৰতিভাৱান খেলুৱৈ গৰাকীয়ে মৰিগাঁও জিলাৰখনলৈ সোণৰ পদকেৰে গৌৰৱ কঢ়িয়াই অনা বাবে মৰিগাঁও জিলাৰ ক্ৰীড়া সন্থাৰ লগতে মৰিগাঁও সকলো দল সংগঠন লগতে মৰিগাঁও জিলাৰ পৌৰসভাৰ উপপৌৰপতি পিংকু দাসে খেলুৱৈ গৰাকী উস্ম আদৰণি…
Read More
ৱেষ্ট ইণ্ডিজ ভ্ৰমণক লৈ নিউজীলেণ্ডৰ দল ঘোষণা

ৱেষ্ট ইণ্ডিজ ভ্ৰমণক লৈ নিউজীলেণ্ডৰ দল ঘোষণা

নিউজীলেণ্ড ক্ৰিকেট ব'ৰ্ডে দেওবাৰে ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ বাবে কেন উইলিয়ামছনৰ অধিনায়কত্বত এদিনীয়া আৰু টি-২০ দল ঘোষণা কৰে। কিৱি ক্ৰিকেট ব'ৰ্ডে দলটোত ১৫ জন খেলুৱৈৰ নাম উল্লেখ কৰিছে।নিউজীলেণ্ডে ১১ আগষ্টৰ পৰা আৰম্ভ হ'বলগীয়া কেৰিবিয়ান ভ্ৰমণত তিনিখন খেলৰ টি-২০ আৰু এদিনীয়া শৃংখলা খেলিব। ২০১৪ চনৰ পিছত এইটো ৱেষ্ট ইণ্ডিজৰ নিউজীলেণ্ডৰ প্ৰথম ভ্ৰমণ। মাৰ্টিন গুপ্টিল, ট্ৰেণ্ট ব'ল্ট, টিম চাউদিৰ দৰে জ্যেষ্ঠ অভিজ্ঞ খেলুৱৈৰ লগতে ফিন এলেন, মাইকেল ব্ৰেছৱেলৰ দৰে যুৱ খেলুৱৈসকলক দলত অন্তৰ্ভুক্ত কৰা হৈছে। উল্লেখ্য যে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপৰ আৰম্ভণিৰ বাবে ১০০ দিনতকৈও কম সময় বাকী আছে। এনে পৰিস্থিতিত, নিউজীলেণ্ডৰ দলটোৱেও বিশ্বকাপৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব। কেন উইলিয়ামছন, ট্ৰেণ্ট ব'ল্ট,…
Read More
গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ বাৰ্ষিক অধিৱেশন

গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ বাৰ্ষিক অধিৱেশন

সাহিত্য সমাজে ছাত্ৰ-ছাত্ৰীক বৌদ্ধিক বিকাশত সহায় কৰে৷আমি সমাজত এনে কাম কৰিব লাগে যাতে মৃত্যুৰ পাছতো সকলোৱে সোঁৱৰি থাকে৷মানুহ অমৃতৰ সন্তান৷মিলাপ্ৰীতিৰে থকাটোৱে আমাৰ উদ্দেশ্য হ’ব লাগে৷-এই মন্তব্য ড° বিমলকৃষ ভট্টাচাৰ্যৰ৷২৪ জুলাইত গণেশপাৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ পঞ্চবিংশতিতম বাৰ্ষিক অধিৱেশনত এইদৰে কয় শিক্ষা বিভাগৰ প্ৰাক্তন উপ সঞ্চালক ড° বিমলকৃষ ভট্টাচাৰ্যই৷প্ৰাক্তন সম্পাদক উমেশ চন্দ্ৰ ভাগৱতীয়ে আঁত ধৰা সভাৰ প্ৰাৰম্ভণিতে সাংস্কৃতিক সম্পাদক ৰীনা দাসৰ পৰিচালনাত আৰম্ভণি গীতেৰে অনুষ্ঠান আৰম্ভ হয়৷সাহিত্য সমাজৰ সভাপতি লংকেশ্বৰ ডেকাই পৌৰোহিত্য কৰা সভাত উদ্দেশ্য ব্যাখ্যা আৰু বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে সাধাৰণ সম্পাদক গকুল বৰুৱাই৷সদস্য উমাকান্ত কলিতাই মুখ্য অতিথিৰ পৰিচয় দাঙি ধৰা সভাত আদৰণি ভাষণ দিয়ে…
Read More
জুবলী ফাউণ্ডেচনৰ উদ্যোগত গুৱাহাটীত মৃতকৰ অংগদান বিষয়ক আলোচনা চক্ৰ

জুবলী ফাউণ্ডেচনৰ উদ্যোগত গুৱাহাটীত মৃতকৰ অংগদান বিষয়ক আলোচনা চক্ৰ

স্বেচ্ছাসেৱী সংগঠন জুবলী ফাউণ্ডেচনৰ উদ্যোগত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ল মৃতকৰ অংগদান বিষয়ক এক প্রেরণাদায়ক আলোচনা চক্ৰ সন্মুখৰ দিশে আগুৱাই যোৱাৰ পথ শীর্ষক এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰি হায়দাবাদৰ কিমছ হাস্পতালৰ উপাধ্যক্ষ পদ্মশ্রী ডাঃ সৰ্বেশ্বৰ চহৰীয়াই মৃতকৰ দেহৰ পৰা অংগ সংগ্ৰহ আৰু সংৰোপণৰ অভিজ্ঞতা ব্যক্ত কৰি কয় আমি সংগ্ৰহ কৰা মৃতকৰ অংগ সংৰোপণ কৰা ৰোগীসকল এতিয়া সুস্থ আৰু মৰ্যাদাপূর্ণ জীৱন-যাপন কৰি আছে। আমি মৃতকৰ অংগদানৰ বাবে সৰ্বস্তৰৰ জনসাধাৰণক সচেতন কৰিব পাৰিলে জুবলী ফাউণ্ডেচনৰ সেৱাৰ সপোন পূৰণ হ'ব। ডাউন টাউনৰ লিভাৰ ছাৰ্জন ডাঃ প্ৰাঞ্জল ডেকায়ো চিকিৎসক জীৱনৰ প্ৰথমটো যকৃত সংৰোপণৰ অভিজ্ঞতা ব্যক্ত কৰে। আনহাতে জুবলী ফাউণ্ডেচনৰ মুখ্য কাৰ্যবাহী বিষয়া…
Read More
তৃতীয়বাৰৰ বাবে কমনৱেলথ গেমছ আয়োজন কৰিবলৈ সম্পূৰ্ণ সাজু ইংলেণ্ড

তৃতীয়বাৰৰ বাবে কমনৱেলথ গেমছ আয়োজন কৰিবলৈ সম্পূৰ্ণ সাজু ইংলেণ্ড

কমনৱেলথ গেমছ আৰম্ভ হ'বলৈ মাজত মাথোঁ আৰু কেইটিমান দিন। ইয়াৰ বাবে সদস্য দেশসমূহৰ এথলীটসকল সাজু হৈ উঠিছে। মুঠ ৭২ খন সদস্য ৰাষ্ট্ৰই এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই সকলো দেশৰ মুঠ ৫০০০ তকৈও অধিক খেলুৱৈয়ে খেলসমূহৰ আগন্তুক সংস্কৰণত ২০ টা বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে। ১৯৩৪ চনত লণ্ডন আৰু মানচেষ্টাৰত অনুষ্ঠিত হোৱা খেলৰ পিছত ২০০২ত দ্বিতীয়বাৰ লণ্ডনত আৰু ২০২২ত তৃতীয়বাৰৰ বাবে লণ্ডনত কমনৱেলথ গেমছ আয়োজন হ'ব। অনুষ্ঠানটো এক বিশাল উদ্বোধনী অনুষ্ঠানৰ সৈতে আৰম্ভ হ'ব, য'ত ষ্টেডিয়ামত ৩০,০০০ ৰো অধিক দৰ্শক উপস্থিত থাকিব বুলি আশা কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত কেইবাটাও প্ৰদৰ্শনৰ পৰিকল্পনা কৰা হৈছে, যাৰ ভিতৰত আছে বাৰ্মিংহামৰ বাহিৰত অৱস্থিত…
Read More
 ৮৮.১৩ মিটাৰ থ্ৰ’ৰে ঐতিহাসিক ৰূপৰ পদক নীৰজ চোপ্ৰাৰ

 ৮৮.১৩ মিটাৰ থ্ৰ’ৰে ঐতিহাসিক ৰূপৰ পদক নীৰজ চোপ্ৰাৰ

নীৰজ চোপ্ৰাই বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ পুৰুষৰ জেভলিন থ্ৰ' ইভেণ্টত ৰূপৰ পদক অর্জন কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁৰ এই সফলতাক লৈ সমগ্ৰ দেশত উলাহৰ ঢল। বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হোৱা অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি সমগ্ৰ দেশবাসীয়ে অভিনন্দন জনাই। নীৰজৰ মাতৃ সৰোজ দেৱীয়ে তেওঁৰ পুত্ৰৰ বিজয় সন্দৰ্ভত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি কয় যে এয়া কেৱল আমাৰেই নহয়, সমগ্ৰ দেশৰ সুখ। নীৰজ চোপ্ৰাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইউজিনত চলি থকা চেম্পিয়নশ্বিপৰ জেভলিন থ্ৰ' ইভেণ্টত ৮৮.১৩ মিটাৰ থ্ৰ'ৰে ৰূপৰ পদক জিকিছে। নীৰজ চোপ্ৰাই যোৱা বছৰ টকিঅ' অলিম্পিকত সোণৰ পদক জিকিছিল। উল্লেখ্য যে শ্বুটাৰ অভিনৱ…
Read More
আৰ্লি চাইল্ড ডেভেলপমেন্ট ফৰামৰ উদ্যোগত বঁটা প্ৰদান অনুষ্ঠান

আৰ্লি চাইল্ড ডেভেলপমেন্ট ফৰামৰ উদ্যোগত বঁটা প্ৰদান অনুষ্ঠান

আৰ্লি চাইল্ড ডেভেলপমেন্ট ফৰাম (ই চি ডি এফ)ৰ  উদ্যোগত আৰু ডাউন টাউন চেৰিটি ট্ৰাষ্টৰ সহযোগত  অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত  -দা নেশ্বনেল এডুকেশ্বন এক্সিলেন্স চামিট এণ্ড এৱাৰ্ড,২০২০ (The National Education Excellence Summit and Awards,2022)ৰ আয়োজন কৰা হয়।  এই অনুষ্ঠানত  মুখ্য অতিথি হিচাপে প্ৰশাসনিক বিষয়া দেৱজ্যোতি দত্ত, শোভাযাত্ৰা কৰি সমগ্ৰ ভাৰতৰ পৰা বক্তা আৰু প্ৰতিনিধি সকলে একেটা অনুষ্ঠানতে অংশগ্ৰহণ কৰে।  এছ টি ই এ এম(STEAM) ৰ জৰিয়তে একবিংশ শতিকাৰ দক্ষতা বিকাশ, শিক্ষাবিদ বাৰ্নআউট প্ৰতিৰোধ,এন ই পি ২০২০, প্ৰাথমিক বছৰত শিশুৰ স্বাস্থ্য আদি বহুতো অধিবেশন আদি প্ৰাথমিক শিশু যত্ন আৰু শিক্ষাৰ উত্তম পদ্ধতিৰ সৈতে জড়িত বিভিন্ন অধিবেশন অনুষ্ঠিত হয়।  ইয়াৰে একাংশ বক্তা…
Read More

বটদ্ৰৱাত ত্ৰিৰংগা বিক্রী কেন্দ্ৰ মুকলি

বটদ্ৰৱাত ত্ৰিৰংগা বিক্রী কেন্দ্ৰ মুকলি।৭৫তম্ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আৰম্ভ কৰা অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে ‘ঘৰে ঘৰে ত্ৰিৰংগা’ কাৰ্যসূচী হাতত ল’বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনোৱা আহ্বানৰ লগত সংগতি ৰাখি বটদ্ৰৱা উন্নয়ন খণ্ডৰ উদ্যোগত কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। বটদ্ৰৱা উন্নয়ন খণ্ডৰ ১৫ টা পঞ্চায়তত অসম ৰাজ্যিক গ্ৰামীণ জীবিকা অভিযানৰ দ্বাৰা পতাকা বিক্ৰী ব্যবস্থা কৰা হৈছে। তদুপলক্ষে মহালক্ষ্মী মণ্ডল পৰ্যায়ৰ সংগঠনে নিৰ্মান কৰা ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ আজি বটদ্ৰৱা পুৰণি বাছ আস্থানত মুকলি কৰে বটদ্ৰৱা খণ্ড উন্নয়ন বিষয়া দিলীপ কুমাৰ চৰকাৰে। উল্লেখ্য যে শুকুৰবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে টুইটাৰ যোগে সকলোকে ১৩ৰ পৰা ১৫ আগষ্টলৈকে নিজৰ ঘৰত ত্ৰিৰংগা উত্তোলন কৰি ৰাখিবলৈ আহ্বান জনায়।…
Read More

মজুৰি বৃদ্ধিৰ দাবীত গোলাঘাট শালমিৰাত চাহ মজদুৰ সংঘৰ ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ ।

মজুৰি বৃদ্ধিৰ দাবীত গোলাঘাট শালমিৰাত চাহ মজদুৰ সংঘৰ ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ ,উত্তাল প্ৰতিবাদ সাব্যস্ত "এই জুই জ্বলিছে,জ্বলিবই"।জাক জাক শ্ৰমিক ওলাই আহি এয়া কিহৰ জুই!প্ৰাপ্য মজুৰি বৃদ্ধিৰ দাবীত আজি গোলাঘাট শালমিৰা চাহ বাগিছাত চাহ মজদুৰ সংঘৰ উদ্যোগত তথা আটচাৰ সহজোগত জাকে জাকে চাহ মজদূৰ ওলাই আহি শালমিৰা চাহ বাগিচাৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে l চাহ মজদুৰ লোকৰ মজুৰি বৃদ্ধি কৰক,বাগিচা কৰ্তৃপক্ষক আমাৰ দাবী মানিবই লাগিব হ আদি বিভিন্ন শ্ল গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী lআৰু শীঘ্ৰে যদি চৰকাৰ তথা বাগিচা কৰ্তৃপক্ষই এওঁ লোকৰ দাবী সমূহ মানি নলয় তেনেহলে ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান…
Read More