06
Aug
গুৱাহাটীৰ ৰাজহুৱা পৰিবহণ সেৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা চিটিবাছ সেৱাক আগন্তক স্বাধীনতা দিৱসৰ আগতে ন - ৰূপ দিয়াৰ লক্ষ্যৰে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে ব্যাপক তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে । আনকি ৰাজ্যৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো গুৱাহাটীৰ ৰাজহুৱা পৰিবহণ সেৱাটোক যাত্ৰী আৰু সাধাৰণ ৰাইজৰ অনুকূল কৰি গঢ় দিবলৈ গুৱাহাটীৰ পৰিবহণ সেৱাৰ লগত জড়িত বিষয়া সকলক ২ আগষ্টত দিছপুৰত জিলা পৰিবহণ বিষয়া সকলৰ সৈতে অনুষ্ঠিত পৰ্যালোচনা বৈঠকত নিৰ্দেশ দিছিল । সেই নিৰ্দেশৰ পাছদিনাই ৩ আগষ্টত পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগ , গুৱাহাটীত চলাচল কৰা চিটিবাছ সেৱাক প্ৰতিনিধিত্ব কৰা চাৰিটাকৈ সন্থা…
