উত্তৰ-পূৱ

কমনৱেলথ গেমছত মল্লযোদ্ধা বজৰং-সাক্ষী- পুনিয়াৰ স্বৰ্ণ

কমনৱেলথ গেমছত মল্লযোদ্ধা বজৰং-সাক্ষী- পুনিয়াৰ স্বৰ্ণ

 তাৰকা মল্লযোদ্ধা বজৰং পুনিয়া, সাক্ষী মালিক আৰু দীপক পুনিয়াই কমনৱেলথ গেমছত তেওঁলোকৰ অভিযানৰ এক দুৰ্দান্ত আৰম্ভণি কৰি তিনিটা সোণৰ পদক লাভ কৰে আৰু অংশু মালিকে অভিষেকত ৰূপৰ পদক লাভ কৰে। দিব্যা কাক্ৰন আৰু মোহিত গ্ৰেৱালে ব্ৰঞ্জৰ পদক অর্জন কৰিছে। টকিঅ' অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী বজৰঙে ৬৫ কিলোগ্ৰাম শাখাত ইমান আধিপত্য বিস্তাৰ কৰিছিল যে তেওঁ প্ৰথম ৰাউণ্ডত চাৰিটা বাউটৰ তিনিটাত জয়ী হৈছিল। ফাইনেলত তেওঁ কানাডাৰ লাচলন মেকনেইলক ৯-২ ত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে ইংলেণ্ডৰ জৰ্জ ৰামে কাৰিকৰী শ্ৰেষ্ঠতাৰ (১০-০) দ্বাৰা সহজে ফাইনেলত প্ৰৱেশ কৰে। সাক্ষী মালিকে ৬২ কিলোগ্ৰামৰ ফাইনেলত কানাডাৰ আন্না গণ্ডিনেজ গঞ্জালেজক পৰাস্ত কৰি সোণৰ পদক অর্জন কৰে। কমনৱেলথ গেমছত…
Read More
কমনৱেলথ গেমছৰ ২০০ মিটাৰত পদক জয় স্বপ্ন ভংগ হিমাৰ

কমনৱেলথ গেমছৰ ২০০ মিটাৰত পদক জয় স্বপ্ন ভংগ হিমাৰ

কমনৱেলথ গেমছ ২০২২ত হিমা দাসে কোনো পদক জিকিবলৈ সক্ষম হোৱা নাই। কমনৱেলথ গেমছ ২০২২ৰ ২০০ মিটাৰ দৌৰত ডাঙৰ বিফলতাৰ সন্মুখীন হৈছে। য'ত তেওঁক পদকৰ বাবে প্ৰবল দাবীদাৰ হিচাপে গণ্য কৰা হৈছিল, তাতে তেওঁ মাত্ৰ এক ছেকেণ্ডৰ ব্যৱধানত পিছ পৰি ফাইনেলত স্থান নিশ্চিত কৰিব নোৱাৰিলে। ২০০ মিটাৰ দৌৰৰ অন্তিম ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ তেওঁ নিজৰ হিটৰ প্ৰথম দুজন খেলুৱৈৰ ভিতৰত থাকিব লাগিছিল। হিমা দাসে ইয়াৰ বাবে নিজৰ সকলো শক্তি প্ৰয়োগ কৰিছিল, কিন্তু শেষত তেওঁ ০.০১ ছেকেণ্ডত পিছ পৰি ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে। হিমাই ২০০ মিটাৰ দৌৰ ছেমি ফাইনেলত ২৩.৪২ ছেকেণ্ডত সম্পন্ন কৰিছিল। অৱশ্যে, তেওঁ নিজৰ হিটত তৃতীয় স্থান লাভ কৰিছিল আৰু ফাইনেলত…
Read More

বৰনগৰ বাসীৰ বাবে এক গৌৰৱ বিষয়। পুনৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ত উজ্জ্বলিল বৰনগৰ মহাবিদ্যালয় ।

পুনৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ত উজ্জ্বলিল বৰনগৰ মহাবিদ্যালয় ।বৰনগৰ বাসীৰ বাবে এক গৌৰৱৰ বিষয়। বৰনগৰ মহাবিদ্যালয়ত আনন্দ উল্লাখৰ পৰিবেশ দেখিবলৈ পোৱা গৈছে। ছাত্ৰ-ছাত্ৰীসকলকে আতচ বাদীৰে বৰনগৰ মহাবিদ্যালয়ৰ পৰিবেশ উৎসৱমুখী গঢ়ি তোলে । ভাৰতবৰ্ষৰ জনপ্ৰিয় আলোচনী India today ৰ সমীক্ষাত একেৰাহে তিনিবাৰকৈ শ্ৰেষ্ঠ মহাবিদ্যালয় স্থান দখল কৰে । বৰনগৰ মহাবিদ্যালয় পুনৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ত লাভ কৰিলে এই সফলতা । ভাৰতীয় জনপ্ৰিয় Open আলোচনীৰ সমীক্ষাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হল বৰনগৰ মহাবিদ্যালয়। Open আলোচনী সমীক্ষাত সৰভোগৰ বৰনগৰ মহাবিদ্যালয় State Wise Ranking ৰ চতুৰ্থ স্থান আৰু East Zone Ranking ত বাৰ নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে । বৰনগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ বীৰেণ কুমাৰ চক্ৰৱৰ্তী নেতৃত্বত মহাবিদ্যালয়…
Read More

কলিতা জাতিক অপমানিত কৰা টাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰ জনৈক যাধৱ কোৱৰক ৰাজহুৱা ক্ষমা খোজাৰ দাবী

কলিতা জাতিক অপমানিত কৰা টাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰ জনৈক যাধৱ কোৱৰক ৰাজহুৱা ক্ষমা খোজাৰ দাবী কলিতা জনগোষ্ঠী সন্মিলন অসমৰ।টাই আহোম ছাত্ৰ সন্থাৰ বিৰুদ্ধে এইবাৰ কলিতা জনগোষ্ঠীক অপমান কৰাৰ অভিযোগ তুলিছে কলিতা জনগোষ্ঠী অসমে।কলিতা জাতিৰ কোনো ইতিবৃত্ত নাই বুৰঞ্জী নাই বুলি তীৰ্যক মন্তব্য কৰা বুলি অভিযোগ। অসমৰ দুই খিলঞ্জীয়া জনগোষ্ঠীৰ মাজত মতভেদ।অসমৰ বৃহত্তম আৰু প্ৰাচীতম কলিতা জনগোষ্ঠীক লৈ তীৰ্যক মন্তব্য টাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰৰ।বিজেপিৰ মহিলা মৰ্চাৰ সভাপতি আঙুৰলতা ডেকাক সমালোচনা কৰিবলৈ গৈ সংবাদ মেল যোগে কলিতা জনগোষ্ঠীক টাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰ যাদব কোঁৱৰে অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে।কলিতা জনগোষ্ঠী অসমক লৈ তীৰ্যক মন্তব্য কৰা যাদব কোঁৱৰক গৰিহণা দি…
Read More
২০১৩ৰ পিছত বাংলাদেশৰ বিৰুদ্ধে প্ৰথম এদিনীয়া জয় জিম্বাবোৱেৰ

২০১৩ৰ পিছত বাংলাদেশৰ বিৰুদ্ধে প্ৰথম এদিনীয়া জয় জিম্বাবোৱেৰ

চিকান্দাৰ ৰাজা আৰু ইনোচেণ্ট কায়াৰ শতকে জিম্বাবোৱেক প্ৰথম খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত বাংলাদেশক পাঁচ উইকেটত পৰাস্ত কৰাত সহায় কৰে। ২০১৩ চনৰ পিছত বাংলাদেশৰ বিৰুদ্ধে জিম্বাবোৱেৰ এইটো প্ৰথম এদিনীয়া জয়। ৰাজাই আঠটা চাৰি আৰু ছয়টা ছয়ৰ সহায়ত ১০৯ টা বলত অপৰাজিত ১৩৫ ৰান সংগ্ৰহ কৰে। তেওঁ কায়াৰ (১১০ ৰান) সৈতে পঞ্চম উইকেটৰ বাবে ১৯৪ ৰানৰ অংশীদাৰী ত্বৰান্বিত কৰে। ইয়াৰ সৈতে, জিম্বাবোৱে দুৰ্বল আৰম্ভণিৰ পৰা পুনৰুদ্ধাৰ কৰি তিনি উইকেটত ৬২ ৰান কৰি পাঁচ উইকেটত ৩০৭ ৰানত জয় লাভ কৰে। ইয়াৰ পূৰ্বে বাংলাদেশে দুই উইকেটত ৩০৩ ৰান সংগ্ৰহ কৰে। তেওঁলোকৰ চাৰিজন টপ অৰ্ডাৰৰ বেটছমেনে অৰ্ধ-শতক অৰ্জন কৰে। বাংলাদেশৰ হৈ লিটন দাসে  সৰ্বাধিক…
Read More
বিজেপি চৰকাৰখনে আহোম জনগোষ্ঠীক কেতিয়াও অৱহেলা কৰা নাই

বিজেপি চৰকাৰখনে আহোম জনগোষ্ঠীক কেতিয়াও অৱহেলা কৰা নাই

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত আজি ৰাজ্যিক মুখপাত্ৰ লক্ষ্য কোঁৱৰ আৰু থাওৰা বিধান সভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাইয়ে  এখন সংবাদমেল মেল সম্বোধন কৰি  পুনৰ এবাৰ স্পষ্ট কৰে যে ভাৰতীয় জনতা পাৰ্টিয়ে অসমৰ প্ৰতিটো জাতি- জনগোষ্ঠীকে শ্ৰদ্ধা তথা সন্মান জনায়। প্ৰতিটো জাতি - জনগোষ্ঠীৰ জনসাধাৰণৰ সৰ্বাংগীন বিকাশৰ বাবে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে নিৰন্তৰ কাম অব্যাহত ৰাখিছে। তেনেস্থলত সামাজিক মাধ্যমত ৰাজ্যিক বিজেপিৰ নেত্ৰীয়ে আহোম জাতিৰ বিৰুদ্ধে অপমান সূচক মন্তব্য কৰিছে বুলি  যি প্ৰচাৰ চলিছে সেইয়া সম্পূৰ্ণৰূপে ভুৱা আৰু এয়া কোনো দুষ্টচক্ৰৰ সমাজ অস্থিৰ কৰা কু-পৰিকল্পনা। সংবাদমেলত মুখপাত্ৰ লক্ষ্য কোঁৱৰে কয় যে যোৱা ২৯ তাৰিখে কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে নৱনিৰ্বাচিত…
Read More
শিক্ষক-কৰ্মচাৰী আৰু টিউটৰসকলৰ চাকৰি প্ৰাদেশিকীকৰণৰ দাবী

শিক্ষক-কৰ্মচাৰী আৰু টিউটৰসকলৰ চাকৰি প্ৰাদেশিকীকৰণৰ দাবী

গণিত আৰু বিজ্ঞান বিষয়ত মাতৃভাষাৰ পৰিৱৰ্তে ইংৰাজী মাধ্যমত শিক্ষা দিয়াৰ কেবিনেট সিদ্ধান্ত তৎকালে বাতিল কৰা, ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ চাকৰি প্ৰাদেশিকীকৰণ কৰা, টিউটৰসকলক  শিক্ষকৰ মৰ্যাদা  দিয়া আৰু তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক পূৰ্ণ কৰ্মচাৰীৰ মৰ্যাদা দিয়াৰ দাবীত আজি ৰাজ্যৰ সাতটা যুৱ-ছাত্ৰ সংগঠনে গুৱাহাটী ক্লাৱৰ ৰ’টাৰীৰ ওচৰত মিলিত হৈ  প্ৰতিবাদ সাব্যস্ত  কৰে৷ সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠন ক্ৰমে ডি ৱাই এফ আই, এ আই ৱাই এফ, এ আই ডি ৱাই  অ’, এছ এফ আই, এ আই ডি এছ অ’, এ আই এছ এ আৰু এ আই এছ এফ-এ যৌথভাৱে এই প্ৰতিবাদৰ আহ্বান দিছিল৷  চৰকাৰে কেবিনেটত সিদ্ধান্ত লৈছে যে এতিয়াৰে পৰা তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ…
Read More

বটদ্ৰৱা থানাৰ অন্তৰ্গত ভোমোৰাগুৰিত মহিলাৰ মত্যুক লৈ তীব্ৰ চাঞ্চল্যৰ

বটদ্ৰৱা থানাৰ অন্তৰ্গত ভোমোৰাগুৰিত মহিলাৰ মত্যুক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। নগাওঁ জিলাৰ বটদ্ৰৱা থানাৰ অন্তৰ্গত ভোমোৰাগুৰি গাঁৱত এজনী মহিলাৰ মৃত্যুক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে গাঁও খনৰ আব্দুল হাইৰ জীয়ৰী অফিয়া খাতুনক জুৰিয়া থানাৰ অন্তৰ্গত মাহগুৰি গাঁৱৰ আৰফান আলীৰ পুত্ৰ নাছিৰ উদ্দীনৰ লগত আজিৰ পৰা প্ৰায় ২২ বছৰ পূৰ্বে বিবাহ দিয়া হয় যদিওঁ বিয়াৰ পিছৰে পৰাই স্বামীগৃহৰ পৰা চলাই আহিছিল অকথ্য নিৰ্যাতন। যাক লৈ কেইবাবাৰো সম্পন্ন হয় ৰাইজ মেলৰ। কিন্তু বিয়াৰ ইমান দিনৰ পিছতো নিৰ্যাতন চলাই থকাত উপায়হীন হৈ বৰপুত্ৰৰ লগত গুছি আহে মাতৃ গৃহলৈ। ইতিমধ্যে স্বামীগৃহৰ অত্যাচাৰত শয্যাশায়ী হৈ অৱশেষত আজি অকাল মৃত্যুক আঁকোৱালি লয়। এই…
Read More

সৰ্থেবাৰীত প্লাষ্টিকৰ বিৰুদ্ধে সৰ্থেবাৰী পৌৰসভাৰ অভিযান।

সৰ্থেবাৰীত প্লাষ্টিকৰ বিৰুদ্ধে সৰ্থেবাৰী পৌৰসভাৰ অভিযান। সৰ্থেবাৰী পৌৰসভাই একক ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ,বিক্ৰী আৰু মজুতকৰণৰ বিৰুদ্ধে অভিযান চলায় ।এই অভিযানত কেবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানতৰ পৰা জব্দ প্লাষ্টিকৰ সামগ্ৰী।কেবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীক জৰিমনা।এই অভিযানত সৰ্থেবাৰী পৌৰসভাৰ সভানেত্ৰী স্বৰ্ণলতা বৰ্মন, পৌৰসভাৰ কেবাগৰাকীও পাৰিষদ উপস্থিত আছিল।
Read More

গোসাইগাওঁ উকীল সন্থাৰ কাৰ্যালয়ত চৰম অৰাজকতাৰ

গোসাইগাওঁ উকীল সন্থাৰ কাৰ্যালয়ত চৰম অৰাজকতাৰ অভিযোগঃএফিডেফিট কৰিব যোৱা যুৱকক সুৰামত্ত অধিবক্তাৰ আক্ৰমন।গোসাইগাঁও সদৰ চহৰৰ সংলগ্ন হাব্ৰুবিল স্থিত মহকুমা দন্ডাধিশৰ কাৰ্যালয়ৰ সমিপত স্থিত উকীল সন্থাৰ কাৰ্যালয়ত চৰম অৰাজকতাৰ অভিযোগ উত্থাপন হৈছে ৷ সন্থাৰ কাৰ্যালয়তে মদ্যপান কৰি অধিবক্তাই যুৱকক আক্ৰমন কৰাৰ গুৰুতৰ অভিযোগ কৰিছে ভুক্তভোগী যুৱকে ৷ ঘটনাক লৈ গোসাইগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ অভিযোগ মতে গোসাইগাঁও মহকুমাৰ কচুগাঁও থানাৰ অন্তৰ্গত দুই নম্বৰ ডেমডেমা গাঁৱৰ বাসিন্দা প্ৰমেশ্বৰ হাচদা নামৰ যুৱক গৰাকীয়ে জাতিৰ প্ৰমান পত্ৰৰ বাবে অধিবক্তাৰ জৰিয়তে এফিডেফিটৰ আবেদন কৰিছিল ৷ যুৱক গৰাকীয়ে এফিডেফিট টো আনিবলৈ কালি বিয়লি উকীল সন্থাৰ কাৰ্যালায়ত উপস্থিত হয় ৷ তেনে সময়ত উকীল সন্থাৰ কাৰ্যালয় কক্ষত…
Read More