উত্তৰ-পূৱ

২২ আৰু ২৩ আগষ্টত ভাস্কৰ নাট্য মন্দিৰত

২২ আৰু ২৩ আগষ্টত ভাস্কৰ নাট্য মন্দিৰত

প্ৰতিবছৰৰ দৰে এই বেলিও গুৱাহাটী বিদ্যালয়সমূহৰ প্ৰাক্তন ছাত্ৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ সাংস্কৃতিক আৰু বৌদ্ধিক বিকাশৰ লক্ষৰে অহা ২২ আৰু ২৩ আগষ্ট তাৰিখে উজানবজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত তৰ্ক, কবিতা আবৃত্তি, সমবেত সঙ্গীত আৰু আধুনিক গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। প্ৰতিখন বিদ্যালয়ৰ পৰা তৰ্ক, আবৃত্তি আৰু আধুনিক গীতৰ প্ৰতিযোগিতাত দুজনকৈ প্ৰতিযোগী আৰু সমবেত সঙ্গীতত সাতৰ পৰা বাৰ জনলৈ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিব পাৰিব। সবিশেষ জানিবৰ বাবে ৯৩৯৫০৭৭৪৪৬ আৰু ৯৮৬৪০৬০২৫৭ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনাইছে।
Read More
প্ৰকৃতিয়ে বিনিময় নিবিচাৰে, প্ৰকৃতি আমাৰ দ্বিতীয় মাতৃ, প্ৰকৃতিৰ লালন পালন আমাৰ দায়িত্ব-এ আই ডি চি চৌহদত বৃক্ষ ৰোপন কৰি উদ্যোগ মন্ত্রী বিমল বড়া       

প্ৰকৃতিয়ে বিনিময় নিবিচাৰে, প্ৰকৃতি আমাৰ দ্বিতীয় মাতৃ, প্ৰকৃতিৰ লালন পালন আমাৰ দায়িত্ব-এ আই ডি চি চৌহদত বৃক্ষ ৰোপন কৰি উদ্যোগ মন্ত্রী বিমল বড়া       

প্ৰকৃতিয়ে কেতিয়াও বিনিময় নিবিচাৰে, প্ৰকৃতি আমাৰ দ্বিতীয় মাতৃ,প্ৰকৃতিৰ লালন পালন আমাৰ দায়িত্ব -মুখ্যমন্ত্রীৰ প্ৰতিষ্ঠানিক বৃক্ষ ৰোপন কাৰ্যসূচীৰ অংশ হিচাপে ৰাধাগোবিন্দ বৰুৱা পথ স্হিত অসম ঔদ্যোগিক উন্নয়ন নিগম(এ আই ডি চি)ৰ চোহদত বৃক্ষ ৰোপনৰ এক কাৰ্যসূচীত অংশগ্রহণ কৰি উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান দপ্তৰৰ মন্ত্রী বিমল বড়াই এইদৰে কয়।     সমগ্র বিশ্বজুৰি হোৱা জলবায়ু পৰিবৰ্তনৰ কথা উল্লেখ কৰি পৰিৱেশ সন্তুলিত কৰি ৰখাৰ ক্ষেত্রত উদ্যোগ বিভাগৰ বিশেষ দায়িত্ব আছে বুলিও তেও কয়। উদ্যোগ সমূহৰ বাবেই পৰিৱেশ দূষিত হয় বুলি উল্লেখ কৰি পৰিৱেশ প্ৰদূষণ মুক্ত কৰি ৰখাৰ বাবে উদ্যোগ সমূহতো বৃক্ষ ৰোপনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বিষয়া সকলক মন্ত্রী বড়াই নিৰ্দেশ দিয়ে।   চৰকাৰী…
Read More

বজালীৰ ভট্টদেব বিশ্ববিদ্যালয়ত পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান

যোৱা ৬ আগষ্টত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক গুৰু প্ৰসাদ খাটনীয়াৰক ঠিকাদাৰৰ পৰা উৎকোচ লোৱা অৱস্থাত গুৱাহাটীত গ্ৰেপ্তাৰ কৰিছিল দুৰ্নীতি নিবাৰক শাখাই।প্ৰায় দুই ঘণ্টা সময় ধৰি বিশ্ববিদ্যালয়খনত অভিযান চলাই আছে দুৰ্নীতি নিবাৰক শাখাই।বিশ্ববিদ্যালয়খনত সাংবাদিকৰ প্ৰবেশত বাধা প্ৰদান কৰিছিল।জানিব পৰা মতে ভট্টদেব বিশ্ববিদ্যালৰ পঞ্জীয়কৰ কাৰ্যালয়ৰ পৰা বহু নথি পত্ৰ জব্দ কৰে অভিযানকাৰী দলে।উল্লেখযোগ্য যে সাংবাদিকৰ প্ৰবেশ নিষিদ্ধ কৰাৰ পিছত একাংশ সাংবাদিকৰ প্ৰবেশ ভট্টদেব বিশ্ববিদ্যালয়ত ।সাংবাদিকৰ প্ৰবেশৰ উমান পাই বিশ্ববিদ্যালয়ৰ মূল তোৰন এৰি অইন তোৰনৰে অভিযানকাৰী দল ওলাই যায় বুলি জানিব পৰা গৈছে।
Read More

পাঠশালাত কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

কংগ্ৰেছৰ গৌৰৱ যাত্ৰাক লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কটাক্ষ কৰা পৰিলক্ষিত হৈছে।কংগ্ৰেছৰ এই যাত্ৰা গান্ধী নেহেৰু পৰিয়ালৰ গৌৰৱ গাঁথা নে অসমৰ বংশবাদ ৰক্ষা কৰা তৰুণ গগৈৰ পুতেকৰ গৌৰৱ যাত্ৰা সেয়া আমি বুজি পোৱা নাই বুলিও উল্লেখ কৰে।যদি বংশবাদ বাদ দি গৌৰৱ গগৈৰ স্হানৰ বাবে এই যাত্ৰা তেন্তে তাত মূল্য আছে ।যদি গান্ধী নেহেৰু পৰিয়ালৰ কিবা গৌৰৱ গাঁথা লৈ যদি কিবা কৰিছে সেয়া ভাৰতৰ মানুহে গ্ৰহণ নকৰে বুলি উল্লেখ কৰে।আমি বিৰোধী দল শক্তিশালী হোৱাটো বিচাৰো বুলি মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই।ভূপেন বৰাই কবিতা লিখাত কৈ সংগঠনৰ কাম কৰিলে আমি ভাল পাম বুলি মত পোষণ কৰে মন্ত্ৰী গৰাকীয়ে।ভূপেন বৰা, ৰিপুণ বৰা আদিৰ…
Read More

বটদ্ৰৱা বৰভেটি প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনত চূড়ান্ত অনিয়ম

নগাঁও জিলাৰ বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বটদ্ৰৱা বৰভেটি প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজন আঁচনিত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ গুৰুত্বৰ অভিযোগ উঠিছে ৷ প্ৰাপ্ত অভিযোগ মতে, বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনে চৰম দুৰ্নীতিৰ আশ্ৰয় লৈ আঁচনিখন এক প্ৰকাৰে ভেকো ভাওনাত পৰিণত কৰি তুলিছে ৷ কিয়নো, চৰকাৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক দুপৰীয়াৰ আহাৰ খোৱাবৰ বাবে যি নীতি-নিয়ম আৰোপ কৰি দিছে সেয়া বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনে সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি আহিছে ৷ অভিযোগ অনুসৰি, চৰম মইমতালিৰে প্ৰধান শিক্ষকজনে ছাত্ৰ-ছাত্ৰীসকলক দুপৰীয়া আহাৰৰ নামত কেৱল ভাতৰ লগতে দাইলৰ নামত পানী আৰু কেইডোখৰমান আলুু দিয়েই আভুৱা ভাৰি আহিছে ৷ আচলতে, চৰকাৰী নিৰ্দেশনা অনুসৰি ছাত্ৰ-ছাত্ৰীক দুপৰীয়া আহাৰ হিচাপে নিৰ্দিষ্ট দিনত ভাতৰ…
Read More

সৰভোগত মটৰ চাইকেলৰ বৃহৎ সমদল

ব্ৰিটিছ সকলৰ শাসনৰ পৰা আমাৰ দেশখন ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি সৰভোগ থানাৰ উদ্যোগত এক পদযাত্ৰা মটৰ চাইকেল সমদল উলিয়াই । সৰভোগ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্জীৱ কুমাৰ দাসে কয় হৰ ঘৰ তিৰংগা ’ কাৰ্যসূচী সফল কৰি তুলিবলৈ সৰভোগবাসী ৰাইজে সহায়-সহযোগিতা আগবঢ়াই বুলি জানিব দিয়ে। অসমৰ মুখ্যমন্ত্ৰী নিৰ্দেশমৰ্মে বৰপেটা জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ নেতৃত্বত বৰপেটাৰ পৰা একশতকৈ অধিক বাইকৰে সৰভোগ থানাৰ বাইক ৰেলীত অংশগ্ৰহণ কৰি ঘৰে ঘৰে তিৰংগা লগোৱা সম্পকে সজাগতা অভিযান চলাই । এই ৰেলী ৬-৭ কিলোমিটাৰ পদযাত্ৰা মটৰ চাইকেলৰে অমৃত কা মহোৎসৱ আৰু ১৫ আগষ্ট উপলক্ষে হৰে ঘৰে ঘৰে তিৰংগা পতাকা লগোৱা লগাবলৈ আহ্বান জনায় । প্ৰতিজন…
Read More

বৰপেটা উন্নয়ন প্ৰাধিকাৰীৰ কাৰ্যালয় ভৱন উদ্বোধন মন্ত্ৰী ৰণজিৎ দাসৰ

বৰপেটা উন্নয়ন প্ৰাধিকাৰীৰ কাৰ্যালয় ভৱন উদ্বোধন মন্ত্ৰী ৰণজিৎ দাসৰ CIDF আঁচনিৰ ১০০ কোটিৰে বৰপেটাৰ উন্নয়নৰ পৰিকল্পনা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ৷ উল্লেখযোগ্য যে বৰপেটাত আজি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বৰপেটা উন্নয়ন প্ৰাধিকাৰীৰ নৱনিৰ্মিত কাৰ্যালয় ভৱনটো মুকলি কৰে ৷ নৱনিৰ্মিত কাৰ্যালয় ভৱনতো মুকলি কৰি বৰপেটা চহৰৰ উন্নয়ন সম্পৰ্কতো মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷আনকি পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত CIDF আচনিৰ জৰিয়তে বৰপেটা চহৰৰ উন্নয়নৰ বাবে আৱন্টন দিয়া ১০০ কোটি টকা কিদৰে মোকলাই আনিব পাৰি সেইসম্পৰ্কে জিলা উপায়ুক্তক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ ইপিনে শতিকাপ্ৰাচীন বৰপেটা চহৰৰ উন্নয়নৰ বাবে বৰপেটা উন্নয়ন প্ৰাধিকাৰী, পৌৰসভা আৰু জিলা উপায়ুক্তক লৈ এখন যৌথসভা…
Read More
কমনৱেলথ গেমছ-২০২২ত মল্লযুঁজ-ভাৰোত্তোলকত অভূতপূৰ্ব প্ৰদৰ্শন

কমনৱেলথ গেমছ-২০২২ত মল্লযুঁজ-ভাৰোত্তোলকত অভূতপূৰ্ব প্ৰদৰ্শন

বিশ্বৰ ক্ৰীড়া প্ৰেমীৰ মন মোহিত কৰি ৰখা কমনৱেলথ গেমছ-২০২২ৰ ইভেণ্টৰ অন্ত পৰিছে। ভাৰতে ২২ টা সোণৰ পদকসহ ৬১ টা পদকৰ সৈতে তেওঁলোকৰ অভিযান সমাপ্ত কৰে। ইয়াৰ সৈতে, ভাৰতে পদক তালিকাত চতুৰ্থ স্থান লাভ কৰে। এইবাৰ ভাৰতে ভাৰোত্তোলন, বক্সিং, লন বল, কুস্তি আৰু এথলেটিকছত যথেষ্ট পদক জিকিছিল। কিছু ক্ৰীড়াত আনকি ইতিহাস ৰচনা কৰিছিল।এইবাৰ এথলেটিকছত ভাৰতীয় খেলুৱৈসকলে ইতিহাস সৃষ্টি কৰিছিল। পুৰুষৰ ট্ৰিপল-জাম্প ইভেণ্টত এলডছ পল আৰু আব্দুল্লাহ আবুবাকাৰে প্ৰথম দুটা স্থান দখল কৰে। এইটো প্ৰথম বাৰৰ বাবে আছিল যে ভাৰতে ট্ৰিপল জাম্পত ২ টা পদক লাভ কৰিছিল আৰু সেইটোও সোণ আৰু ৰূপ। এথলেটিকছত ভাৰতে এটা স্বৰ্ণ, চাৰিটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদক…
Read More
২০২৬ৰ কমনৱেলথ গেমছ অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়াত

২০২৬ৰ কমনৱেলথ গেমছ অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়াত

কমনৱেলথ গেমছ ২০২২ৰ অন্ত পৰিছে। এই ছিজনত যোৱা ১১ দিনত বিশ্বৰ এই প্ৰতিষ্ঠিত প্ৰতিযোগিতাখনত ৫,০০০ ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। এই সময়ছোৱাত, অষ্ট্ৰেলিয়াৰ দলটোৱে সদায়েই আধিপত্য বজাই ৰাখিছিল। সামৰণি অনুষ্ঠানত, কমনৱেলথ গেমছৰ ২৩ তম ছিজন ক'ত খেলা হ'ব সেয়াও সিদ্ধান্ত লোৱা হৈছে। বাৰ্মিংহামৰ আলেকজেণ্ডাৰ ষ্টেডিয়ামত সামৰণি অনুষ্ঠানৰ সময়ত কমনৱেলথ গেমছৰ পতাকা ভিক্টোৰিয়াৰ গভৰ্ণৰক হস্তান্তৰ কৰা হৈছিল। কমনৱেলথ গেমছৰ ২৩ তম ছিজন এতিয়া ২০২৬ চনত অষ্ট্ৰেলিয়াৰ নেতৃত্বত ভিক্টোৰিয়াত খেলা হ'ব। কমনৱেলথ গেমছ ২০২২ ৰ সামৰণি অনুষ্ঠানত ভাৰতীয় দলটোৰ নেতৃত্ব দিছিল অচন্ত শৰৎ কমল আৰু নিখাত জাৰিনে।অনুৰাগীসকলে অষ্ট্ৰেলিয়াত অনুষ্ঠিত কমনৱেলথ গেমছৰ ২৩ তম ছিজনত বহুতো পৰিৱৰ্তন পৰিলক্ষিত হ'ব। ইয়াত প্ৰথমবাৰৰ বাবে, ক্ৰীড়া…
Read More
বাৰ্মিংহাম কমনৱেলথ গেমছত ভাৰতৰ ২২ টা সোণৰ পদক

বাৰ্মিংহাম কমনৱেলথ গেমছত ভাৰতৰ ২২ টা সোণৰ পদক

ভাৰতৰ ২১০ জনীয়া দলটোৱে বাৰ্মিংহাম কমনৱেলথ গেমছত ৬১ টা পদক অর্জন কৰে, যাৰ ভিতৰত আছিল এথলেটিকছ, ক্ৰিকেট, হকী, বক্সিং আৰু  কুস্তিত ২২ টা সোণ, ১৬ টা ৰূপ আৰু ২৩ টা ব্ৰঞ্জ। ভাৰতীয় স্বৰ্ণ পদক বিজয়ীৰ তালিকা আছে- অচিন্ত শৌলী (ভাৰোত্তোলন): সোণ, জেৰেমি লালৰিনুঙ্গা (ভাৰোত্তোলন): সোণ,  মীৰাবাঈ চানু (ভাৰোত্তোলন): সোণ, ৰূপা ৰাণী তিৰ্কী, লাভলী চৌবে, নয়নমনী শইকীয়া, পিঙ্কি সিং (লন বল): সোণ, বজৰং পুনিয়া (কুস্তি): সোণ,  সাক্ষী মালিক (কুস্তি): সোণ, দীপক পুনিয়া (কুস্তি): সোণ, ৰবি কুমাৰ দাহিয়া (কুস্তি): সোণ, বিনেশ ফোগাট (কুস্তি): সোণ, নবীন মালিক (কুস্তি): সোণ, নিখাত জাৰিন (বক্সিং): সোণ,  অমিত পাংঘাল (বক্সিং): সোণ, নীতু গাংহাচ (বক্সিং): সোণ,  সুধীৰ (পাৱাৰ…
Read More