উত্তৰ-পূৱ

মৰিগাঁও সাপমাৰীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলা বিকাশ কেন্দ্ৰত শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমী মহোৎসৱ উদযাপন

মৰিগাঁও সমীপৰ সাপমাৰীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলা বিকাশ কেন্দ্ৰত শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ উপলক্ষে দিনযোৰা কাৰ্যসূচী ৰূপায়ন। কাৰ্যসূচী অনুসৰি পুৱা ভাগত ভাগৱত পাঠ আৰু দুপৰীয়া ভাগত সনাতন সংস্কৃতিৰ পৰম আৰাধ্য পুৰুষ শ্ৰীকৃষ্ণৰ দৰ্শন , শিশু শীৰ্ষক গাম্ভীৰ্য পূৰ্ণ আলোচনাচক্ৰ,শিশু কৃষ্ণ পুজনৰ লগতে এক শোভাযাত্ৰাৰ উলিয়াই । লগতে দেশৰ প্ৰতিজন শিশু যাতে শ্ৰী কৃষ্ণৰ আৰ্দশৰে আদৰ্শ বান হ পিতৃমাতৃক শ্ৰীকৃষ্ণৰ দৰেই নন্দ-যশোদা, দৈবকী-নন্দৰ লেখীয়াকৈ শ্ৰদ্ধা ভকতি কৰে সেই উদ্দেশ্যৰে এই আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয় বুলি সদৰী কৰে হিন্দু জাগৰণ মঞ্চৰ মৰিগাঁও জিলা সমিতিৰ সম্পাদক উৎপল কুমাৰ নাথে।
Read More

স্বামীৰ মৃত্যুৰ ভৱিষ্যতবাণী কৰি লুটি নিলে নগত ধন আৰু অলংকাৰ

টেঙাখাতত আয়ুৰ্বেদিক চিকিৎসকৰ ৰুপত ঠগ প্ৰৱঞ্চক ৷স্বামীৰ মৃত্যুৰ ভৱিষ্যতবাণী কৰি লুটি নিলে নগত ধন আৰু অলংকাৰ ৷উল্লেখযোগ্য যে ৰাজ্যত চলি থকা দালাল ৰাজ ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে পুলিচ প্ৰশাসনৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিওঁ টেঙাখাত আৰক্ষী থানাৰ অন্তগত বায়নচুক গাওঁ বাসিন্দা লুকুমণী গগৈ পৰা প্ৰৱঞ্চনাৰে নগদ ধন আৰু সোণৰ আ অলংকাৰ লুটি নিয়া ঘটনাই অঞ্চলতটো চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হয় ৷জানিব পৰা মতে ঘটনাটো স্বামী ধনঞ্জয় গগৈ(কলিয়া) ঘৰত নথকা অৱস্থাত ঠগ প্ৰৱঞ্চক দুটাই পন্তী লুকুমণী গগৈ স্বামী ৭ দিনৰ পিছত মৃত্যু হব বুলি ভূৱা ভৱিষ্যত বাণী কৰি লুটি লৈ যায় নগদ ধন আৰু সোণৰ আ অলংকাৰ ৷ঘটনাৰ সন্ধৱত ভুক্ত…
Read More

বাক্সাৰ ডুমুনী বজাৰ নিবিদা দিয়াৰ নামত অনিয়মৰ অভিযোগ

বাক্সা জিলাৰ বিটিচিৰ দিহিৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ডুমুনী সাপ্তাহিক বজাৰৰ নিবিদা দিয়াৰ নামত ব্যাপক খেলিমেলিৰ অভিযোগ উত্থাপিত হৈছে ৷ এই লৈ নিবিদাৰ পৰা বঞ্চিত কেবাগৰাকীও যুৱকে আজি যৌথভাৱে ডুমুনীত এক সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদমেলত ইউপিপিএলৰ ডুমুনী প্ৰাথমিক সমিতিৰ যুৱ শাখাৰ সভাপতি নেলছন মুছাহাৰীয়ে কৰা অভিযোগ মতে যোৱা ২৭ জুনত বিটিচিৰ মাৰ্কেটিং এণ্ড ফেয়াৰ বিভাগে আহ্বান কৰা নিবিদা প্ৰক্ৰিয়াত ডুমুনী অঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকক সাঙুৰি সুজিত বড়োৰ নেতৃত্বত গঠিত ৩৫ জনীয়া গোট এটাই বাচনিভূক্ত হোৱাৰ পিচতো আজিলৈ তেওঁলোকক কাম কৰাৰ অনুমতি প্ৰদান কৰা নাই ৷ তেওঁলোকে জানিবলৈ দিয়া অনুসৰি নিবিদা গ্ৰহণৰ ক্ষেত্ৰত অযোগ্য জিএছপিৰ কৰ্মী চাহিদুল ইছলামে অন্যায়ভাৱে লাভ কৰাৰ…
Read More

বৰচলা গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ

বৰচলা গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ,চাৰি জনীয়া তদাৰক দলৰ দুদিনীয়া তদন্তমৰিগাঁও জিলাৰ লাহৰিঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰচলা গাঁও পঞ্চায়তত বৃহৎ কেলেংকাৰীৰ অভিযোগ। ADC ৰঞ্জিত গোস্বামীৰ নেতৃত্বত চাৰিজনীয়া এটা তদন্তকাৰী দলে দুদিনীয়া তদন্তৰে বৰচলা গাঁও পঞ্চায়তত প্ৰতিটো ৱাৰ্ডত চৰকাৰী আবাস গৃহ সমূহৰ তদন্ত কৰে।ৰাইজৰ অভিযোগত চৰজমিন তদন্ত কৰিবলৈ বৰচলা গাঁও পঞ্চায়তত উপস্থিত হৈছিল তদন্তকাৰী দলটি।উল্লেখ যে বৰচলা গাঁও পঞ্চায়তৰ সভাপতি সহ,বহু কেইগৰাকী ৱাৰ্ড সদস্যৰ লগতে পঞ্চায়ত সচিব আৰু প্ৰায় সংখ্যক পঞ্চায়ত কৰ্মছাৰী লোক এই বৃহৎ কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে বৰচলাৰ ৰাইজে।পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্তৰ পৰা অহা চাৰিজনীয়া তদাৰক দলটিৰ তদন্তত বৰচলা গাঁও পঞ্চায়তত ওলোৱা দুৰ্নীতিৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কি…
Read More

বিহপুৰীয়া-নাৰায়ণপুৰ জিলা শাখাৰ নামঘৰে নামঘৰে আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপিত হয়

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বিহপুৰীয়া-নাৰায়ণপুৰ জিলা শাখাৰ নামঘৰে নামঘৰে আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপিত হয়।নগঞাৰ হৰিসেৱক প্ৰাথমিক শাখাৰ নামঘৰত ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰে।পতাকা উত্তোলন কৰে সভাপতি ভবেন বৰুৱাই আৰু ইয়াৰ পিছতেনাম-প্ৰসংগ কৰে প্ৰাথমিক শাখাৰ প্ৰাক্তন সভাপতি উমা বৰুৱাই।।গুৰু পৰিচয় প্ৰদান কৰে নাৰায়ণপুৰ আঞ্চলিক শাখাৰ শিশু আৰু আইমাতৃ কল্যাণ সমিতিৰ উপ-সভানেত্ৰী ৰুণু বৰুৱাই।।শিশু আৰু যুৱক-যুৱতীসকলে দলীয় বৰগীত,শিশুসকলে গায়ন-বায়ন,প্ৰিন্সিপিয়া ভৰালীয়ে বৰগীত পৰিবেশন কৰে।।উক্ত অনুষ্ঠানত সদ্যঘোষিত দশম শ্ৰেণীৰ চিবিএছচি পৰীক্ষাত ৯১ .৬ শতাংশ নম্বৰসহ উত্তীৰ্ণ হোৱা নৱকৃষ্ণ বৰুৱা আৰু প্ৰথম বিভাগত উত্তীৰ্ণ চিন্ময়ী ভৰালীক সম্বৰ্ধনা জ্ঞাপন কৰে।।জন্মাষ্টমী নামেৰে সকলোৱে মিলিজুলি পৰিবেশন কৰে।।নাৰায়ণপুৰ আঞ্চলিক শাখাৰ বন্তিপুৰ প্ৰাথমিক, শ্ৰীৰাম আতা প্ৰাথমিক, ৰামচৰণ প্ৰাথমিক, হৰিচৰণ প্ৰাথমিক শাখাকে…
Read More
নিউজীলেণ্ডৰ বিৰুদ্ধে প্ৰথম এদিনীয়াত ৱেষ্ট ইণ্ডিজৰ জয়

নিউজীলেণ্ডৰ বিৰুদ্ধে প্ৰথম এদিনীয়াত ৱেষ্ট ইণ্ডিজৰ জয়

শ্বামাৰ ব্ৰুকছৰ ৭৯ ৰান আৰু অধিনায়ক নিকোলাছ পুৰানৰ (২৮) সৈতে তেওঁৰ ৭৫ ৰানৰ সহযোগিতাই ৱেষ্ট ইণ্ডিজক প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত বিশ্বৰ এক নম্বৰ নিউজীলেণ্ডক পাঁচ উইকেটত পৰাস্ত কৰাত সহায় কৰে। প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ পিছত নিউজীলেণ্ড ৪৫.২ অভাৰত ১৯০ ৰানত অলআউট হৈছিল। ৱেষ্ট ইণ্ডিজে ৩৯ অভাৰত পাঁচ উইকেটত ১৯৩ ৰান সংগ্ৰহ কৰি তিনিখন খেলৰ শৃংখলাত প্ৰাৰম্ভিক অগ্ৰগতি লাভ কৰে। ব্ৰুকছে এদিনীয়াত ৫৮ টা বলত তেওঁৰ চতুৰ্থ অৰ্ধশতক অৰ্জন কৰে। তেওঁ ৩৪ তম অভাৰত আউট হৈছিল কিন্তু তেতিয়ালৈকে ৱেষ্ট ইণ্ডিজৰ বিজয় নিশ্চিত হৈছিল। ব্ৰুকছে তেওঁৰ ইনিংছত ৯১ টা বলৰ সন্মুখীন হৈছিল আৰু নটা চাৰি আৰু এটা ছয় মাৰিছিল। জেচন হোল্ডাৰ…
Read More
১৪ কোটি বাজেটৰ অনুৰ্ধ-১৭ মহিলা ফিফা বিশ্বকাপৰ ভৱিষ্যত অনিশ্চয়তাত

১৪ কোটি বাজেটৰ অনুৰ্ধ-১৭ মহিলা ফিফা বিশ্বকাপৰ ভৱিষ্যত অনিশ্চয়তাত

ফুটবলৰ শীৰ্ষ গোলকীয় সংস্থা ফিফাই এটা অতি শক্তিশালী পদক্ষেপ গ্ৰহণ কৰি সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনক নিলম্বিত কৰিছে। ফিফাই তৃতীয় পক্ষৰ (চিঅএ) অপ্ৰয়োজনীয় হস্তক্ষেপৰ কথা উল্লেখ কৰি এই পদক্ষেপ গ্ৰহণ কৰিছে। এই নিষেধাজ্ঞাৰ সৈতে, ১১ ৰ পৰা ৩০ অক্টোবৰলৈ অনুষ্ঠিত হ'বলগীয়া অনুৰ্ধ-১৭ মহিলা বিশ্বকাপৰ ভাৰতৰ আয়োজন সংকটত পৰিছে। যদি এই নিষেধাজ্ঞা বঢ়োৱা হয়, ভাৰতে এই বিশ্বকাপৰ আয়োজনৰ অধিকাৰ হেৰুৱাব। ভাৰতে এই বিশ্বকাপ কিয় আয়োজন কৰিবলৈ পাইছিল আৰু ই ভাৰতীয় ফুটবলক কি লাভান্বিত কৰিব? এই বিশ্বকাপৰ খেলসমূহ ক'ত অনুষ্ঠিত হ'ব আৰু ইয়াৰ বাজেট কিমান সেইটো সকলোৰে এক চৰ্চাৰ বিষয়। ভাৰতে ২০১৭ চনত পুৰুষৰ অনুৰ্ধ-১৭ বিশ্বকাপ আয়োজন কৰিছিল। ভাৰতত প্ৰথমবাৰৰ বাবে ফিফা প্ৰতিযোগিতা অনুষ্ঠিত…
Read More
অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয়ৰ পাঠদান আৰম্ভনি

অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয়ৰ পাঠদান আৰম্ভনি

সাংস্কৃতিক নগৰী যোৰহাটত অসম সত্ৰ মহাসভাৰ  নতুনকৈ সংযোজন হ'ল এখন সাংস্কৃতিক মহাবিদ্যালয়।  অসম সত্ৰ মহাসভাৰ সাংস্কৃতিক মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ পাঠদান আৰম্ভনি  হয় যোৱা ১৭ আগষ্ট ২০২২ তাৰিখে। অসম সত্ৰ মহাসভাৰ মুখ্য কাৰ্যালয়, যোৰহাটৰ কলাভৱনত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে আৰম্ভ হয়। যোৰহাটৰ অসম  সত্ৰ মহাসভাৰ কলাভৱত  “অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয়”ৰ অধ্যক্ষ ডঃ ৰঞ্জিত কুমাৰ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠানটি অনুষ্ঠিত হয়। যোৰহাট মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ শ্ৰীযুতা ৰূপা দত্তই বন্তি প্ৰজ্বলন আৰু শিৱসাগৰৰ নটৰাজ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত দূৰ্গেশ্বৰ বৰুৱাই সৰস্বতী বন্দনাৰে অনুষ্ঠান  শুভাৰম্ভ কৰে। মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী শ্ৰীযুতা সংগীতা শ‍ইকীয়াই আঁত ধৰা সভাখনিত উদ্দেশ্য বাখ্যা কৰে অসম সত্ৰ মহাসভাৰ পৰীক্ষা পৰিষদৰ সচিব…
Read More

আজি ভাদৰ মাহৰ পহিলা দিনটোত মৈৰাবাৰী শ্ৰী শ্ৰী আলিপুখুৰী পাটেকীবড়ীত সত্ৰত দেখা গল এক মনজুৰোৱা পৰিৱেশ

আজি ভাদৰ মাহৰ পহিলা দিনটোত মৈৰাবাৰী শ্ৰী শ্ৰী আলিপুখুৰী পাটেকীবড়ীত সত্ৰত দেখা গল এক মনজুৰোৱা পৰিৱেশ ।আজি অসমীয়া পবিত্ৰ ভাদ মাহৰ ১ তাৰিখ অৰ্থাৎ পহিলা ভাদ। আজিৰে পৰা ৰাজ্যৰ প্ৰতিখন সত্ৰ-নামঘৰ হৰি নামৰ ধ্বনিৰে গুঞ্জৰিত হব। ইয়াৰ ব্যতিক্ৰম নহয় মৈৰাবাৰী শ্ৰী শ্ৰী আলিপুখুৰী পাটেকীবড়ীত সত্ৰ ।আজিৰে পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান শ্ৰী শ্ৰী আলিপুখুৰী পাটেকীবড়ী সত্ৰত মাহজোৰা চাৰি প্ৰসঙ্গীয়া পাল নামৰ আশিষ লোৱাৰ লগতে নেদেখাজনৰ ওচৰত আশিষ লবলৈ ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটিছে। নেদেখা জনৰ ওচৰত ধূপ-দীপ, নৈবেদ্য আগবঢ়াই প্ৰতিজন ভক্তই নিজৰ লগতে পৰিয়ালৰ মংগল কামনা কৰি অক্ষয় বন্তিত সেৱা লৈছে।
Read More

আধাৰ কার্ডৰ নামত ধন সংগ্ৰহ সুলভ মূল্য দোকানীৰ

দক্ষিণ গৰুৱাঝাৰত ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড সংযোগ কৰাৰ বাবদ ধন দাবী এজেন্টৰ।হিতাধিকাৰী পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ নামত ৩০০ টকাকৈ নিদিলে কাৰ্ড বিকল বা নিস্ক্ৰিয় কৰাৰ ধমক কণ্টেইল দোকানীৰ।সমবায় এজেন্টৰ বিৰুদ্ধে হিতাধিকাৰী ৰাইজৰ উত্তাল প্ৰতিবাদ।চৰকাৰী আঁচনিৰ সুফল প্ৰকৃত হিতাধিকাৰীক প্ৰদানৰ লক্ষ্যৰে নিত্য নতুন নতুন সংশোধন কৰি আহিছে ৷ খাদ্য আৰু অসামৰিক যোগান বিভাগেও প্ৰকৃত হিতাধিকাৰীক খাদ্য-সামগ্ৰী যোগানৰ বাবে ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড সংলগ্ন কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিছে ৷ এই নিৰ্দেশ মানি বহু সমবায় এজেণ্টে নিষ্ঠা আৰু সততাৰে ৰেচন কাৰ্ডত উল্লেখিত সদস্যৰ আধাৰ কাৰ্ড সংগ্ৰহ কৰি সংলগ্ন কৰাৰ ব্যৱস্থা কৰিছে যদিও আন একাংশ সমবায়ৰ এজেণ্টে এই নিৰ্দেশৰ অচিলা লৈ নিয়ম…
Read More