উত্তৰ-পূৱ

বাক্সাৰ ভূটানখুটীত অন্ন সুৰক্ষা যোজনাৰ চাউলত ওলাল গ্লাচৰ টুকুৰা

বাক্সাৰ ভূটানখুটীত অন্ন সুৰক্ষা যোজনাৰ চাউলত ওলাল গ্লাচৰ টুকুৰাবাক্সাত চৰকাৰী চাউলত ওলাল গ্লাচৰ টুকুৰা ৷ সুলভ মূল্যৰ দোকানৰ চাউলত ওলাল গ্লাচৰ টুকুৰা ৷ চাউলত গ্লাচৰ টুকুৰা ওলোৱাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ জিলাখনৰ ভূটানখুটিৰ দিল অধিকাৰী নামৰ লোকজনে আজি স্থানীয় সুলভ মূল্যৰ এজেন্টৰ পৰা নিছিল অন্ন সুৰক্ষা যোজনাৰ অধীনৰ চাউলখিনি ৷ পিচে ঘৰত গৈ চাউলখিনি চাফা কৰিবলৈ লওতে প্ৰত্যক্ষ কৰে গ্লাচৰ টুকুৰা ৷ দিল অধিকাৰীয়ে জানিব দিয়া মতে মংগলবাৰে চাউলখিনি সুলভ মূল্যৰ দোকানৰ পৰা আনিছিল চাউলখিনি ৷ এনেদৰে যদি চাউলত গ্লাচৰ টুকুৰা থাকে মানুহ মৰিব ৷ চৰকাৰে যোগান ধৰা চাউলত এনেদৰে মৰণফান্দ সদৃশ গ্লাচৰ টুকুৰা ওলোৱাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷…
Read More

বিলাসীপাৰাৰ মাছপাৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

বিলাসীপাৰাৰ মাছপাৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন আৰু গুৰুত্বৰ বাবে আহত এজন,আজি ৰাতিপুৱা ৬.০০ বজাত বিলাসীপাৰাৰ মাছপাৰাত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংগঠিত হৈছে, AS-12T0290 নন্বৰ মটৰ চাইকেল আৰু WB -57C-3092 নন্বৰ ট্ৰাকৰ মাজত মূখামুখি সংঘৰ্ষ হৈ থিতাতে এজন নিহত, নিহত ব্যক্তি গৰাকী আছিল ৰফিকুল ইছলাম, আৰু গুৰুত্বভাৱে আহত ব্যক্তি গৰাকী আছিল জাকিৰ হোসেন বুলি জানিব পৰা গৈছে, বিলাসীপাৰা অসামৰিক চিকিৎসালয়ত জাকিৰ হোসেন বৰ্তমান চিকিৎসাধীন হৈ আছে,
Read More

ধিঙৰ জৱাহৰ নৱোদয় বিদ্যালয়ত উতপ্ত পৰিস্থিতি

বুধবাৰে নিশা ধিঙৰ জৱাহৰ নৱোদয় বিদ্যালয়ত উতপ্ত পৰিস্থিতি । অভিযোগ উত্থাপিত হৈছে যে, মদ্যপান কৰি এজন শিক্ষকে এজন ছাত্ৰক মাৰপিট কৰাক লৈ সৃষ্টি হয় উত্তপ্ত এই পৰিস্থিতি। আৰক্ষীৰ সহায় বিচাৰি দুই কিলোমিটাৰ পথ খোজ কাঢ়ি প্ৰায় ৩০ জন ছাত্ৰ উপস্থিত হয় ধিং আৰক্ষী থানাত । অভিযোগ অনুসৰি, মদ্যপান কৰি মাৰ পিট কৰা শিক্ষক জনৰ নাম জ্যোতি প্ৰসাদ গৌৰ।আৰক্ষীয়ে ছাত্ৰ জনক চিকিৎসাৰ বাবে লৈ যায় ধিং এফ আৰ ইউলৈ । আঘাতপ্রাপ্ত ছাত্ৰ জনৰ নাম বিকাশ দাস বুলি জানিব পৰা গৈছে।ছাত্ৰ জনৰ ঘৰ ধিঙৰ লহকৰ গাৱঁত।
Read More
নেডাৰলেণ্ডৰ বিৰুদ্ধে ৩-০ত এদিনীয়া শৃংখলা দখল পাকিস্তানৰ

নেডাৰলেণ্ডৰ বিৰুদ্ধে ৩-০ত এদিনীয়া শৃংখলা দখল পাকিস্তানৰ

পাকিস্তানে অধিনায়ক বাবৰ আজমৰ (৯১) অৰ্ধশতকৰ পিছত নাছিম শ্বাহ (৫ উইকেট) আৰু মহম্মদ ৱাছিম (৪ উইকেট)ৰ দুৰ্দান্ত প্ৰদৰ্শনৰ সহায়ত তৃতীয় আৰু অন্তিম এদিনীয়াত নেডাৰলেণ্ডক ন ৰানত পৰাস্ত কৰি দেওবাৰে ইয়াত ৩-০ত শৃংখলা দখল কৰে। টছত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত পাকিস্তানে ৪৯.৪ অভাৰত ২০৬ ৰানত অলআউট হয়, অধিনায়ক আজমৰ ১২৫ টা বলত ৭টা চাৰি আৰু দুটা ছয়েৰে অৰ্ধশতক অৰ্জন কৰাৰ উপৰিও ফখৰ জামানে ২৬ আৰু মহম্মদ নৱাজে ২৭ ৰানৰ অৱদান আগবঢ়ায়। ইয়াৰ পিছত পাকিস্তানৰ বলাৰসকলে নেডাৰলেণ্ডক ৪৯.২ অভাৰত ১৯৭ ৰানত অলআউট কৰি দলটোৱে জয় লাভ কৰে। পাকিস্তানৰ নাছিম শ্বাহে ৩৩ ৰানত পাঁচটা উইকেট দখল কৰাৰ বিপৰীতে মহম্মদ ৱাছিমে…
Read More
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মহাৰজত জয়ন্তীৰ আয়োজন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মহাৰজত জয়ন্তীৰ আয়োজন

উত্তৰ-পূৰ্বাঞ্চলৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগে সুদীৰ্ঘ সময় জ্ঞানৰ পোহৰেৰে লুইতৰ পাৰ আলোকিত কৰি চলিত বৰ্ষত ৭৫ বছৰত ভৰি দিছে । উদ্ভিদ বিজ্ঞান বিষয়টোৰ প্ৰসাৰ আৰু প্ৰচাৰৰ মাধ্যমেৰে স্বদেশ আৰু স্বজাতিৰ উন্নয়নৰ হকে নিৰবিচ্ছিন্ন প্ৰয়াস কৰি আগুৱাই যোৱা বিভাগটোৱে বছৰজোৰা কাৰ্যসূচীৰে মহাৰজত জয়ন্তী উদযাপনৰ আয়োজন কৰিছে। এই বিশেষ উদ্দেশ্য আগত ৰাখি মহাৰজত জয়ন্তী উদযাপনৰ বিভিন্ন দিশ আলোচনা কৰাৰ বাবে অহা ২৭ আগষ্ট, শনিবাৰে দিনৰ ২ বজাত বিভাগৰ সভাকক্ষত এখন সভা আয়োজন কৰা হৈছে । মাত্ৰ ৫ গৰাকী ছাত্র-ছাত্ৰী আৰু ৩জন অধ্যাপকেৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আটাইতকৈ পুৰনি বিজ্ঞান বিভাগ হিচাপে ১৯৪৮ চনতে প্ৰতিষ্ঠা লাভ কৰা উদ্ভিদ বিজ্ঞান বিভাগটোৱে…
Read More
 গুৱাহাটী প্ৰেছ ক্লাৱত “অনুৰ” ৰ পোষ্টাৰ মুকলি

 গুৱাহাটী প্ৰেছ ক্লাৱত “অনুৰ” ৰ পোষ্টাৰ মুকলি

 ডাঃ গােপেন্দ্র মােহন দাসৰ শিৱম ক্রিয়েচনৰ প্রযােজনাত একাদিক্রমে “কেকটাচ“ আৰু “কানীন নামৰ দুখন চলচ্চিত্র নির্মানৰ পাছত, বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ এটি চুটি গল্পৰ আধাৰত যুৱ পৰিচালক মঞ্জুল বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত “অনুৰ”(Eyes on the Sunshine) চলচ্চিত্রখনি সম্প্ৰতি মুক্তিৰ বাবে সাজু হৈ উঠিছে। মংগলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ছবিখনিৰ পোষ্টাৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। অভিনেত্ৰী ড° জাহানাৰা বেগমে আঁতধৰা অনুষ্ঠানটিত উপস্থিত থাকে সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী, জ্যেষ্ঠ অভিনেতা নিপন গোস্বামী, প্ৰাঞ্জল শইকীয়া, জ্যেষ্ঠ অভিনেত্ৰী মৃদুলা বৰুৱা, মলয়া গোস্বামী, পূৰ্ণিমা পাঠক  শইকীয়াৰ লগতে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি। মূলতঃ বৃদ্ধাৱস্থাত একাংশ পিতৃ-মাতৃয়ে নিজৰ সন্তান থকাৰ পাছতো কেনেদৰে নিসংগ হৈ পৰে আৰু সেই শোক-সন্তাপবোৰ…
Read More

শ্ৰীলংকাৰ ক্ৰিকেটৰৰ মুখত জয় আই অসম ধ্বনি

শ্ৰীলংকাৰ ক্ৰিকেটৰৰ মুখত জয় আই অসম ধ্বনিহোজাইত আজি উপস্থিত হয় শ্ৰীলংকা দলৰ প্ৰাক্তন ক্ৰিকেটা কুমাৰ ধৰ্মসেনা।হোজাই আন্তৰ্জাতিক আগৰ ব্যৱসায়িক তমজিৎ আলীৰ গোপাল নগৰৰ বাসগৃহত উপস্থিত হয় শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ গৰাকী।ক্ৰিকেটা গৰাকী আগৰৰ ব্যৱসায় ক্ষেত্ৰত অসমলৈ আহে আৰু অসমৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি ভাল পায়।সদৌ শেষত জয় আই অসম বুলি কয়।
Read More

লিডুৰ ক্ষুদ্ৰ প্রাথমিক স্বাস্থ্য কেন্দ্ৰটো উন্নত কৰণৰ দাবীত জাতীয়তা যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ সাব্যস্ত

লিডুৰ ক্ষুদ্ৰ প্রাথমিক স্বাস্থ্য কেন্দ্ৰটো উন্নত কৰণৰ দাবীত জাতীয়তা যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ সাব্যস্তলিডুৰ ক্ষুদ্ৰ প্রাথমিক স্বাস্থ্য কেন্দ্ৰটো উন্নত কৰণৰ ও পৰ্যাপ্ত ঔষধ যোগান ধৰা লগতে শিশু চিকিৎসক এজন নিয়োগ কৰাৰ দাবীত দাবীত জাতীয়তা যুৱ ছাত্ৰ পৰিষদে এক বিক্ষোভ কাৰ্যসূচী সাব্যস্ত কৰে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লিডু শাখা সমিতি উদ্যোগত ৰূপায়ণ কৰা এই বিক্ষোভ কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলাৰ সাধাৰণ সম্পাদক কাঞ্চন বড়া উপস্থিত থাকি অসমৰ চৰকাৰ তথা স্বাস্থ্য বিভাগৰ প্ৰতি সৰৱ হৈ পৰে। প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায়! হায়! বিজেপিৰ চৰকাৰ মুৰ্দাবাদ, বিধায়ক ভাস্কৰ মুৰ্দাবাদ আদি শ্লোগানেৰে লিডু ৰাজপথ উত্তাল কৰি তোলে। ঃ
Read More

পত্নীক বিচাৰি কান্দোনত ভাঙি পৰিল এগৰাকী স্বামী

হঠাৎ নিজ গৃহৰ পৰা নিৰুদ্দেশ হৈছে পত্নী।সেয়ে পত্নীক বিচাৰি কান্দোনত ভাঙি পৰিল এগৰাকী স্বামী৷কান্দি কান্দি কেমেৰাৰ সন্মুখত আৰক্ষীক আহ্বান স্বামীৰ৷তদন্ত কৰি মোৰ পত্নীক ঘুৰাই আনি দিয়ক৷অন্যথাই পত্নীক নাপালে আত্মহত্যা কৰিম৷১৬ বছৰ পূৰ্বে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ মেৰগাণ্ডা গাঁৱৰ আশ্ৰফ আলীয়ে বিবাহ কৰিছিল ছয়গাঁৱৰ আমবাৰীত। বিবাহ হোৱাৰ পিছতে সংসাৰ পাতি তিনিজনকৈ সন্তানো জন্ম দিছিল দুয়োগৰাকীয়ে। কিন্তু মঙলবাৰে হঠাৎ নিজ ঘৰৰ পৰা নিৰুদ্দেশ হল তেওঁৰ পত্নী তথা তিনি সন্তানৰ মাতৃয়ে। আশ্ৰফৰ পত্নীয়ে নিৰুদ্দেশ হোৱাৰ পিছতে আশ্ৰফ আলীৰ অভিযোগ তেওঁৰ পত্নীৰ হেনো আছিল পৰকীয়া প্ৰেম। সেয়ে অন্য যুৱকৰ সৈতে পলায়ন কৰা বুলি আশ্ৰফ আলীয়ে অভিযোগ উত্থাপন কৰিছে৷ইপিনে গৰৈমাৰী আৰক্ষীক বিষয়টো তদন্ত কৰি পত্নীক ঘুৰাই…
Read More

পুণৰ সামাজিক সংকীৰ্ণতাৰ বলি হ’ল এটা ব্ৰাহ্মণ পৰিয়াল

পুণৰ সামাজিক সংকীৰ্ণতাৰ বলি হ'ল এটা ব্ৰাহ্মণ পৰিয়াল। কিছুদিন পূৰ্বে সংঘটিত ধৰ্মীয় বৈষম্যতাৰ চাঞ্চল্য মাৰ নৌ- যাওঁতেই পুণৰ আন এটা পৰিয়াল বলি হ'ল সামাজিক গোড়ামিৰ।পূৰ্বে এঘৰীয়া কৰা এটা পৰিয়ালক প্ৰসাদ খুৱাইছিল ছিপাঝাৰৰ ২ নং ঘোঁৰাশাল গাঁৱৰ আনন্দিপাৰাৰ দীনেশ শৰ্মাই।সেই অপৰাধত ব্ৰাহ্মণ সমাজৰ শাস্তিৰ সন্মূখীন হ'ল দীনেশ শৰ্মাৰ পৰিয়াল।সমাজৰ পৰা কৰা হ'ল এঘৰীয়া ।উল্লেখ যোগ্য যে, দীনেশ শৰ্মাৰ গৃহত ধৰ্মীয় সকামত প্ৰসাদ খাবলৈ আহিছিল পূৰ্বে এঘৰীয়া কৰা এজন লোকে।ব্ৰাহ্মণ সমাজে এঘৰীয়া কৰা লোকজনক ব্ৰাহ্মণ পৰিয়ালৰ গৃহত প্ৰৱেশ আৰু প্ৰসাদ খোৱাটোৱেই হ'ল দীনেশ শৰ্মাৰ ভয়ংকৰ অপৰাধ। কিন্তু কৌশলগতভাৱে জাননী পত্ৰত এঘৰীয়া শব্দটোৰ ব্যৱহাৰ নকৰাকৈয়ে সমাজচ্যুত কৰি শাস্তি বিহিলে দৰিদ্ৰ দীনেশ শৰ্মাৰ পৰিয়ালটোক…
Read More