উত্তৰ-পূৱ

অলিম্পিকত তৃতীয়টো পদকৰ দৌৰত মনু ভাকৰ

অলিম্পিকত তৃতীয়টো পদকৰ দৌৰত মনু ভাকৰ

অলিম্পিকত তৃতীয়টো পদকৰ দৌৰত মনু ভাকৰ। মনু ভাকৰলৈ ৪০টা ব্ৰেণ্ডৰ এণ্ডাৰছমেণ্টৰ প্ৰস্তাৱ। পেৰিছ অলিম্পিকৰ পৃৰ্বে ব্ৰেণ্ডৰ এণ্ডাৰছমেণ্টৰ বাবে ২০ৰ পৰা ২৫ লাখ টকা মাচুল লৈছিল মনু ভাকৰে। সম্প্ৰতি ২০ লাখৰ পৰা কোটিলৈ বৃদ্ধি পালে মনু ভাকৰৰ মাচুল। ইতিমধ্যে দুটা ব্ৰেণ্ডৰ এণ্ডাৰছমেণ্টৰ প্ৰস্তাৱৰ প্ৰতি সহাৰি জনাইছে মনুৰ এজেন্সীয়ে।
Read More
নগাঁৱত উচ্ছেদ অভিযান প্ৰশাসনৰ

নগাঁৱত উচ্ছেদ অভিযান প্ৰশাসনৰ

নগাঁৱৰ বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত দেউৰা বিলত নগাঁও জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। বটদ্ৰৱা থানৰ দক্ষিণ দিশত অৱস্থিত দেউৰা বিলৰ ৬৩ বিঘা ২ কঠা, ৪ লেচা ভূমি দীৰ্ঘদিন ধৰি বেদখলকাৰীৰ কৱলত আছিল। থলুৱা মৎস্য তথা পক্ষীৰ আৱাসস্থলী এই দেউৰা বিলত একাংশ দুষ্ট প্ৰকৃতিৰ লোকে অৱাধে বেদখল চলাই, পুখুৰী খান্দি, আলি দি পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰি আহিছে। এইদৰে বেদখল কৰি পৰিবেশ তথা ঐতিহাসিক বিলখন ধ্বংস কৰা পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে নগাঁৱৰ ধিং ৰাজহ চক্ৰ বিষয়াক বহুবাৰ অভিযোগ কৰিছিল। তাৰ পৰিপ্ৰেক্ষিতত আজি নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত উচ্ছেদ অভিযান আৰম্ভ কৰে। ধিং ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতত বটদ্ৰৱা আৰক্ষীৰ সহযোগত এই উচ্ছেদ অভিযান আৰম্ভ হয়।
Read More
পুনৰ বিষাক্ত সাপ উদ্ধাৰ

পুনৰ বিষাক্ত সাপ উদ্ধাৰ

তেজপুৰৰ বিহগুৰিত পুণৰবাৰ অতি বিষাক্ত প্ৰজাতিৰ সাপ ৰাচেল ভাইপাৰ উদ্ধাৰ কৰে সৰ্প বান্ধৱ সৌৰভ বৰকটকীয়ে৷ ইতিপূৰ্বে একেটা অঞ্চলতে তন্ময় কেওঁট নামৰ এটি শিশু ৰাচেল ভাইপাৰৰ দংশনত মৃত্যু ঘটিছিল৷ সৌৰভে সাপডাল উদ্ধাৰ কৰি বন বিভাগৰ হাতত চমজাই দিছে যাতে সুৰক্ষিত স্হানত মুকলি কৰি দিয়া হয়৷ লগতে অজগৰ বা আন প্ৰজাতিৰ সাপ বুলি ৰাচেল ভাইপাৰ প্ৰত্যক্ষ কৰিলে স্পৰ্শ কৰাৰ পৰা ৰাইজক আঁতৰি থাকিবলৈ আহ্বান জনায় সৌৰভ বৰকটকীয়ে৷
Read More
আজিৰে পৰা কাৰ্যকৰী FASTagৰ নতুন নিয়ম

আজিৰে পৰা কাৰ্যকৰী FASTagৰ নতুন নিয়ম

আজিৰে পৰা কাৰ্যকৰী FASTagৰ নতুন নিয়ম। FASTag নথকা বাহনে ভৰিব লাগিব দুগুন টোলকৰ। সলনি কৰিব লাগিব ৫ বছৰ পুৰণি FASTag। আপডেট কৰিব লাগিব ৩ বছৰীয়া FASTagৰ KYC। নতুন নিয়ম অনুসৰি বাহনৰ পঞ্জীয়ন নম্বৰ আৰু চেছিছ নম্বৰ FASTagৰ সৈতে লিংক কৰিব লাগিব আৰু গাড়ীৰ সন্মুখ আৰু কাষৰ ফটো আপলোড কৰিব লাগিব।
Read More
হিমাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণ

হিমাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণ

হিমাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণ। কুৰিৰো অধিক লোক সন্ধানহীন। হিমাচল প্ৰদেশৰ কুলুত ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হৈছে প্ৰলয়ৰ। মালানা শক্তি প্ৰকল্পৰ বিস্তৰ ক্ষতি হৈছে এই ডাৱৰ বিস্ফোৰণত। বানৰ প্ৰবাল সোঁতে উটুৱাই নিয়ে বিদ্যালয় গৃহ,বহু পৰিয়ালৰ ঘৰ আদি। ইতিমধ্যে প্ৰলয়ক প্ৰত্যাহ্বান জনাই এছ ডি আৰ এফে যুদ্ধকালীনভাৱে চলাইছে উদ্ধাৰ অভিযান। ডাৱৰ বিস্ফোৰণৰ ফলত এতিয়ালৈকে অঞ্চলটোৰ প্ৰায় ২০ জন লোক সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে। এই ঘটনাৰ পিছৰে পৰা অঞ্চলটোৰ লোকসকলৰ মাজত আতংকৰ সৃষ্টি হৈছে।
Read More
২ আগষ্টৰ পৰা শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ এদিনীয়া শৃংখলা

২ আগষ্টৰ পৰা শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ এদিনীয়া শৃংখলা

২ আগষ্টৰ পৰা শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ এদিনীয়া শৃংখলা। শ্ৰীলংকাৰ বিৰুদ্ধে ৩খনকৈ এদিনীয়া শৃংখলাৰ মেচ খেলিব ভাৰতে। বিয়লি ২:৩০ বজাত শ্ৰীলংকাৰ কলম্বোৰ আৰ প্ৰেমদাছা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াত অনুষ্ঠিত হ’ব প্ৰথমখন মেচ। ইতিমধ্যে ৩-০ৰ ব্যৱধানত T-20 শৃংখলা দখল কৰিছে ভাৰতীয় দলটোৱে। টীম ইণ্ডিয়াৰ T20 দলটোত আছে অসম সন্তান ৰিয়ান পৰাগ।
Read More
ৰঙিয়া ৰে’ল ষ্টেচনত দুটাক পিষ্টল, গুলী,চোকা অস্ত্ৰসহ আটক এজনক

ৰঙিয়া ৰে’ল ষ্টেচনত দুটাক পিষ্টল, গুলী,চোকা অস্ত্ৰসহ আটক এজনক

ৰঙিয়া ৰে'ল ষ্টেচনত দুটাক পিষ্টল, গুলী,চোকা অস্ত্ৰসহ আটক এজনক। ৰে'ল আৰক্ষীৰ তালাচিত আটক নুৰ আলী যুৱক এজনক। আটকাধীন যুৱকজনৰ বেগৰ পৰা ১১ টা সজীৱ গুলী দুটা পিষ্টল এখন চুৰিকে ধৰি বিভিন্ন চোকা অস্ত্ৰ আৰু নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৰে'ল আৰক্ষীয়ে। আটকাধীন যুৱকজনৰ নাম নুৰ আলী। বিহাৰৰৰ বাসিন্দা যুৱকজনে প্ৰাথমিক তদন্তত আহমদাবাদলৈ যাবলৈ অহা বুলি স্বীকাৰ কৰে।
Read More
নগাঁৱ আৰক্ষীৰ বৃহৎ সফলতা

নগাঁৱ আৰক্ষীৰ বৃহৎ সফলতা

নগাঁৱৰ ৰূপহীহাটৰ কাৱৈমাৰী আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অভিযানত ৮১টা ড্ৰাগছ ভৰ্তি কণ্টেনাৰসহ আটক সৰবৰাহকাৰী ৱাহিদুল ইছলাম। আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান শলমাৰী দলংৰ পৰা ড্ৰাগছসহ আটক কৰে ৱাহিদুল ইছলামক। ৱাহিদুলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৮১টা ড্ৰাগছ ভৰ্তি কণ্টেনাৰ ১৪০টা খালি কণ্টেনাৰ লগতে কিছু নগদ ধনসহ তিনিটাকৈ মোবাইল ফোন। আৰক্ষীয়ে জব্দকৃত ড্ৰাগছখিনিৰ ওজন ১২৪গ্ৰাম। কাৱৈমাৰী আৰক্ষীয়ে ধৃত ৱাহিদুলক জেৰা অব্যাহত ৰাখিছে।
Read More
ৰাজস্থানত শোকাৱহ ঘটনা

ৰাজস্থানত শোকাৱহ ঘটনা

ৰাজস্থানত শোকাৱহ ঘটনা ৷ ৰাজস্থানৰ ৰাজসামন্দ জিলাৰ খামনোৰত নিৰ্মাণাধীন এটা বিল্ডিঙৰ চাদ ভাঙি পৰাৰ ফলত থিতাতে মৃত্যু ঘটে 4 শ্ৰমিকৰ । সোমবাৰে নিশাৰ ভাগত সংঘটিত হৈছিল এই দুৰ্ঘটনাটো ৷ প্ৰায় 5 ঘণ্টা পৰ্যন্ত ধৰি চলোৱা উদ্ধাৰ অভিযানৰ অন্তত মঙলবাৰৰ পুৱা ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰা 9 শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰকাৰী দল ।নিশা নিৰ্মাণাধীন অট্টালিকাটোৰ চাদৰ তলৰ পৰা কিছু বাঁহৰ খুঁটা আঁতৰাই নিয়াৰ পিছত এই ঘটনা সংঘটিত হয় । 13 জন শ্ৰমিক বিল্ডিংটো চাফা আৰু ৰং কৰিবলৈ ভিতৰলৈ যোৱাৰ সময়তে চাদখন খহি পৰে ।"চাদৰ তলত আৱদ্ধ হৈ হীৰালালে গাঁওবাসীক ফোনযোগে দুৰ্ঘটনা সম্পৰ্কে অৱগত কৰে আৰু গাঁওবাসীয়ে আৰক্ষীক জনায় ৷…
Read More
মণিপুৰত বৃহৎ প্ৰতিবাদ

মণিপুৰত বৃহৎ প্ৰতিবাদ

অসমত হোৱা এনকাউণ্টাৰৰ প্ৰতিবাদ জনাই অসম আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে মাৰ আৰু কুকিসকলে ৷ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ লগতে অসম আৰক্ষীৰ বিৰুদ্ধেও সাব্যস্ত কৰা প্ৰতিবাদত কঁপি উঠিল অশান্তজৰ্জৰ মণিপুৰৰ ভূমি ৷ উল্লেখ্য যে, কাছাৰৰ ভূৱন পাহাৰত আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংৰ্ঘষ সংঘটিত হৈছিল ৷ এই গুলীয়াগুলীত তিনি মাৰ যুৱকৰ মৃত্যুৰ ঘটিছিল ৷ এই ঘটনাৰ পাচতে উত্তপ্ত হৈ পৰিছিল কাছাৰ ৷ কাছাৰৰ পাছত এইবাৰ মণিপুৰত আৰম্ভ হৈছে অসম আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ ।অসম আৰক্ষীয়ে তিনি নীৰিহ মাৰ যুৱকক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি মণিপুৰৰ জিৰিবামত মাৰ আৰু কুকিসহ বিভিন্ন লোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । হাতে হাতে প্লে’কাৰ্ড লৈ…
Read More