উত্তৰ-পূৱ

নগাঁৱত ড্ৰাগছ ব্যৱসায়ী আটক

নগাঁৱত ড্ৰাগছ ব্যৱসায়ী আটক

নগাঁৱৰ বটদ্ৰৱাত ড্ৰাগছ সহ ড্ৰাগছ ব্যৱসায়ী আটক। নগাঁৱৰ বটদ্ৰৱাৰ সমীপৱৰ্তী সোনাইবেৰাত আটক ড্ৰাগছ ব্যৱসায়ী ফকৰুল ইছলামক। ইছলাম ধীর্ঘদিনৰে পৰাই ড্ৰাগছৰ ব্যৱসায়ত লিপ্ত হৈ আছিল। দগাওঁ আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পিংকু ফুকনৰ নেতৃত্বত এক অভিযান চলাই আটক কৰে ড্ৰাগছ ব্যৱসায়ী জনক। ধৃত ড্ৰাগছ ব্যৱসায়ী জন নগাঁও চহৰৰ এখন বিদ্যালয়ত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। এখন বিদ্যালয়ৰ লগত জড়িত এজন কৰ্মচাৰীয়ে ড্ৰাগছৰ মুকলি বেহাত জড়িত হোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
Read More
গুৱাহাটীত ভয়ংকৰ লজ্জাজনক ঘটনা

গুৱাহাটীত ভয়ংকৰ লজ্জাজনক ঘটনা

গুৱাহাটীত মানৱ সমাজক লজ্জানত কৰা ঘটনা। পাষাণ স্বামী, কুলাংগাৰ পুত্ৰৰ নিৰ্যাতনৰ বলি ৬৫ বছৰীয়া এগৰাকী মহিলা। স্বামী-পুত্ৰই ঘৰৰ পৰা বাহিৰ কৰি দিছিল মহিলাগৰাকীক। বৰপুত্ৰৰ অভিযোগৰ ভিত্তিত বন্ধ কোঠাৰ পৰা সাতগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰে মহিলাগৰাকীক।
Read More
আৰক্ষীৰ নামত ধন সংগ্ৰহ কৰি গ্ৰেপ্তাৰ হাচিনা

আৰক্ষীৰ নামত ধন সংগ্ৰহ কৰি গ্ৰেপ্তাৰ হাচিনা

আৰক্ষীৰ নামত ধন সংগ্ৰহ কৰি পলাতক লখিমপুৰৰ হাছিনা বেগমক আটক।গুৱাহাটী মহানগৰৰ এখন হোটেলত আত্ম গোপন কৰি আছিল হাছিনাই।বিহপুৰীয়া আৰু বঙালমৰা আৰক্ষী থানাৰ বিষয়াৰ নামত ধন দাবীৰে অভিযোগ হাছিনাৰ।উল্লেখ্য যে নকল সোণ বেপাৰীক ৰক্ষণাবেক্ষণ দিবলৈ OC, IC ৰ নামত ধন ল'লে হাছিনাই।বঙালমৰাৰ সোণাপুৰৰ এটা পৰিয়ালৰ বিৰুদ্ধে থানাত নকল সোণ বেপাৰৰ গোচৰ আছে বুলি ভীতি প্ৰদৰ্শন কৰি আহিছিল হাছিনাই।পৰিয়ালটোক বঙালমৰা আৰু বিহপুৰীয়া থানালৈ লৈ গৈ আৰক্ষীৰ ভয় দেখুৱাই ধন দাবী।পৰিয়ালটোৰ পৰা প্ৰথমে ৭০ হেজাৰ টকা আদায় কৰিলে হাছিনাই।দুই দালালৰ সৈতে মিলি পুনৰ ২০ হেজাৰ টকা দাবী কৰি ১০ হেজাৰ টকা কৰিলে আদায়।পৰিয়ালটোৱে আৰক্ষীৰ ওচৰলৈ গৈ গম পালে তেওঁলোকৰ বিৰুদ্ধে নাই কোনো নকল…
Read More
কাইলৈ অনুষ্ঠিত হ’ব NEET-PG পৰীক্ষা

কাইলৈ অনুষ্ঠিত হ’ব NEET-PG পৰীক্ষা

কাইলৈ অনুষ্ঠিত হ'ব NEET-PG পৰীক্ষা। দেশৰ ১৮৫ খন চহৰৰ ৫০০টা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা। চিকিৎসা বিজ্ঞানৰ ৰাষ্ট্ৰীয় পৰীক্ষা ব'ৰ্ডে অনুষ্ঠিত কৰিব পৰীক্ষা। দুবেলা অনুষ্ঠিত হ'ব পৰীক্ষা। পৰীক্ষাত অৱতীৰ্ণ হ'ব ২ লাখ ২৮ হাজাৰ ৫৪২ গৰাকী পৰীক্ষাৰ্থী।
Read More
নগাঁৱৰ-নলতলীত ভয়ংকৰ পথ দুৰ্ঘটনা

নগাঁৱৰ-নলতলীত ভয়ংকৰ পথ দুৰ্ঘটনা

নগাওঁ-নলতলী ৰাজ্যিক ঘাইপথত ভয়ংকৰ পথ দূৰ্ঘটনা। এখন বাইক আৰু বলেৰ' পিকাপ বাহনৰ মাজত সংঘৰ্ষ, গুৰুতৰ ভাৱে আহত বাইকত অহা এহাল দম্পতি। স্থানীয় ৰাইজৰ তৎপৰতাত উন্নত চিকিৎসাৰ বাবে দুয়োকে নগাঁৱলৈ প্ৰেৰণ। ৰাজ্যিক ঘাইপথটোৰ নগাঁৱৰ লাওঁখোৱা তিনিআলিৰ সমীপত সংঘটিত হৈছে এই পথ দূৰ্ঘটনা। আহত দম্পতিহাল হৈছে ক্ৰমে আমিনুল ইছলাম আৰু জেছমিনা আখতাৰ বুলি জানিব পৰা গৈছে। প্ৰত্যক্ষদৰ্শীৰ মতে বলেৰ' পিকাপ বাহনৰ চালকৰ গাফিলতিৰ বাবেই সংঘটিত হৈছে এই পথ দূৰ্ঘটনা। সম্প্ৰতি ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।
Read More
এজাক বৰষুণতেই ভয়ংকৰ পৰিস্থিতি

এজাক বৰষুণতেই ভয়ংকৰ পৰিস্থিতি

নিশা এজাক মুষলধাৰ বৰষুনৰ ফলত নগাঁৱৰ ৰূপহীহাটৰ ছাইদৰীয়াৰ পৰা গড়াজান অভিমুখে যোৱা গড়কাপ্তানি পথটোৰ যাতায়তৰ ব্যৱস্থা ব্যাহত হৈ পৰিছে।একাংশ অবৈধ পুখুৰীৰ গৰাকীয়ে অবৈধ ভাৱে ফিছাৰী খননৰ ফলত সৃষ্টি হৈছে কৃত্ৰিম বানৰ।গড়কাপ্তানী পথৰ কালভাৰ্ট দুই কাষে বন্ধ কৰি দিয়াত কৃত্ৰিম বানে আৱৰি ৰাখিছে ছাইদৰীয়াৰ পৰা গড়াজানলৈ যোৱা মূল পথছোৱা।অবৈধ ফিছাৰী সমূহ বন্ধ কৰিবলৈ জিলা প্ৰশাসনক কাতৰ আহ্বান আৰু অবৈধ পুখুৰীৰ মালিকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে।
Read More
চোৰৰ উপদ্ৰৱ

চোৰৰ উপদ্ৰৱ

আকৌ অভয়াপুৰীৰ ঐতিহাসিক গনেশ মন্দিৰত চোৰৰ অভিযান। নিশা বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ লালমাটি-ডুৰামাৰীস্থিত ঐতিহাসিক গনেশ মন্দিৰত চোৰৰ প্ৰবেশ। মূল মন্দিৰৰ তলা ভাঙি চোৰে প্ৰৱেশ কৰি লুটি নিলে গনেশ প্ৰভুৰ ৰূপৰ মুকুটকে ধৰি ৰূপৰ অন্যান্য অলংকাৰ। চোৰে মন্দিৰৰ চি চি টিভি কেমেৰাৰ সংযোগ কাটি চলালে অভিযান । পুৱা মন্দিৰৰ পুৰোহিত মন্দিৰত উপস্থিত হৈ চুৰিকাণ্ড সংঘটিত হোৱা সন্দৰ্ভত অৱগত হয়। ইতিমধ্যে ঘটনাস্থলীত অভয়াপুৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। উল্লেখযোগ্য যে পুৰ্বেও ঐতিহাসিক মন্দিৰটোত সংঘটিত হৈছিল চুৰিকাণ্ড।
Read More
স্বৰ্ণজয়ৰ সপোন চাৰখাৰ

স্বৰ্ণজয়ৰ সপোন চাৰখাৰ

১৪০ কোটি ভাৰতীয়ৰ সপোন থানবান, অলিম্পিকত স্বৰ্ণজয়ৰ সপোন চাৰখাৰ ভিনেশ ফোগাটৰ, অযোগ্য ঘোষণাৰ পিছত পাবনে ৰূপৰ পদক?পেৰিছ অলিম্পিকত স্বৰ্ণজয়ৰ সপোন চূৰমাৰ হ’ল মল্লযোদ্ধা ভিনেশ ফোগাটৰ। ভাৰতৰ তাৰকা মল্লযোদ্ধা ভিনেশ ফোগাটক ওজন অধিক হোৱা বাবে অলিম্পিকৰ পৰা অযোগ্য ঘোষণা কৰা হৈছে। স্বৰ্ণজয়ৰ প্ৰাকক্ষণত ভিনেশ ফোগাটৰ বাবে এই আহিল এই দুঃখবৰ।স্বৰ্ণপদকৰ পৰা মাত্ৰ এটা ষ্টেপ দূৰত আছিল ভিনেশ ফোগাট। কিন্তু তাৰ পূৰ্বে আশাত পৰিল চেঁচাপানী। ৫০ কেজি শাখাত স্বৰ্ণ পদকৰ বাবে যুঁজৰ পূৰ্বে ওজন বেছি হোৱা বাবে তেওঁক অযোগ্য ঘোষণা কৰা হয়। ভিনেশ ফোগাটে মঙলবাৰে পেৰিছ অলিম্পিক প্ৰি-কোৱাৰ্টাৰ আৰু কোৱাৰ্টাৰ ফাইনেলত জিকি মহিলাৰ ৫০ কিলোগ্ৰাম ফ্ৰীষ্টাইলত ছেমি ফাইনেলত স্থান দখল কৰিছিল। ছেমিত…
Read More
লামডিং আৰক্ষীৰ বৃহৎ সফলতা

লামডিং আৰক্ষীৰ বৃহৎ সফলতা

অবৈধ তথা নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহৰ কৰিডৰলৈ ৰূপান্তৰ হৈছে লামডিং। লামডিং আৰক্ষী, লামডিং ৰে'ল আৰক্ষীৰ ধাৰাবাহিক তৎপৰতাত বাৰে বাৰে লামডিঙত এনে অবৈধ আৰু নিষিদ্ধ সামগ্ৰী জব্দ কৰি অহাৰ পিছতো নিষিদ্ধ ড্ৰাগছ, গাঞ্জা, অবৈধ সুৰা, বাৰ্মিজ চুপাৰী, বিদেশী চিগাৰেট আদিৰ সৰবৰাহ হৈয়ে আছে। আজি তেনে এক অভিযানতে লামডিং আৰক্ষীয়ে পুনৰ জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী। লামডিং ৰে'ল আৰক্ষী আৰু চি আই বিৰ যৌথ অভিযানত প্ৰায় ২০ হাজাৰ নিচা জাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে।
Read More
নগাঁওত এতিয়াও মাৰ যোৱা নাই স্প্ৰে গেঙৰ সন্ত্ৰাস

নগাঁওত এতিয়াও মাৰ যোৱা নাই স্প্ৰে গেঙৰ সন্ত্ৰাস

নগাঁওত এতিয়াও মাৰ যোৱা নাই স্প্ৰে গেঙৰ সন্ত্ৰাস। এইবাৰ স্পে গেংৰ টাৰ্গেট হৈছে ই ৰিক্সা চালক। জুৰীয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ই ৰিক্সা ভাড়ালৈ নি চালকক স্পে দি ই ৰিক্সা, ধন লৈ উধাও দুৰ্বৃত্ত। ইক্ৰামুল হক নামৰ লোক জনৰ ৰিক্সা খন জুৰীয়াৰ পৰা নগাঁৱলৈ ভাড়ালৈ নিছিল তিনিজনকৈ লোকে। পিছত নিশা ই ৰিক্সা খনৰ গৰাকী ইক্ৰামুল হকক স্পে মাৰি অচেতন কৰি নগদ ধন সহ ই ৰিক্সা খন লৈ যায় দুৰ্বৃত্তৰ দলটোৱে। পুৱা পৰিয়ালৰ লোকে ইক্ৰামুলক জুৰীয়াৰ আলিটাঙনীৰ পৰা অচেতন অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। ঘটনা সংক্ৰান্তত ভূক্তভোগী গৰাকীয়ে জুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে স্পে গেংটোক আটক…
Read More