উত্তৰ-পূৱ

অসম আৰক্ষীৰ বৃহৎ সফলতা

অসম আৰক্ষীৰ বৃহৎ সফলতা

ৰূপহীহাট আৰক্ষীৰ জালত কেঁকো সাপ সৰবৰাহকাৰী । ৰূপহীহাটৰ বৰপেটাত আৰক্ষীৰ অভিযানত ৫ডাল কেঁকো সাপ সহ আটক কৰে এজন সৰবৰাহকাৰীক । ধৃত কেঁকো সাপ সৰবৰাহকাৰী টো হৈছে বৰপেটা গাঁৱৰ জহিৰুল ইছলাম । আমনিৰ পৰা মাছৰ কাৰ্টুনত ভৰাই জহিৰুলে আনিছিল কেঁকুসাপ কেইডাল । বহিৰাজ্যত সৰবৰাহৰ যো-জা চলোৱাৰ পূৰ্বেই আৰক্ষীয়ে গোপন খবৰ ভিত্তিত অভিযান চলাই জহিৰুলৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰে দুষ্প্ৰাপ্য সাপকেইডাল। সম্প্ৰতি ৰূপহীহাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ধৃত সৰবৰাহকাৰীটোক।
Read More
তেজপুৰত অসম আৰক্ষীৰ এনকাউণ্টাৰ

তেজপুৰত অসম আৰক্ষীৰ এনকাউণ্টাৰ

ৰাজ্যত বিগত কেইবাদিন ধৰি সংঘটিত হৈছে অপৰাধমূলক ঘটনা। শুকুৰবাৰে সান্ধ্য ভ্ৰমণলৈ যোৱা অসমীয়া যুৱতীক নিৰ্যাতন চলাইছিল দুই পাষণ্ডই। তেজপুৰৰ অম্বিকাগিৰি নগৰত সংঘটিত হৈছিল এই জঘন্য ঘটনা। ঘটনাৰ সময়ত চাইকেলেৰে আহি আছিল দুই অভিযুক্ত। দুয়োজন অভিযুক্ত পেছাত শ্ৰমিক। দুয়োৰে ঘৰ তেজপুৰৰ যোৰগড়ত। সান্ধ্য ভ্ৰমণৰ সময়তে পিছফালৰ পৰা যুৱতীক আক্ৰমণ কৰিছিল মিৰাজে৷ঘটনাৰ পিছতে আটক কৰা হৈছিল এটা অভিযুক্তক।ইয়াৰ পাছতে নিশা মিৰাজক লৈ অভিযান চলাইছিল আৰক্ষীয়ে। সেই সময়তে পলায়নৰ চেষ্টা কৰিছিল। আৰক্ষীৰ পিষ্টল কাঢ়ি পলাবলৈ চেষ্টা কৰিছিল মিৰাজ আলীয়ে। যাৰ ফলত গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী। সোঁ ভৰিত গুলী লগা মিৰাজক TMCHত ভৰ্তি কৰোৱা হৈছে। ইফালে আৰক্ষীৰ অভিযানত কৰায়ত্ত হৈছে আনটো লম্পট শ্বাহৰুখ…
Read More
এতিয়া মন গ’লেই ভাৰতত প্ৰৱেশ কৰিব পাৰিব বাংলাদেশীয়ে!

এতিয়া মন গ’লেই ভাৰতত প্ৰৱেশ কৰিব পাৰিব বাংলাদেশীয়ে!

মন গ’লেই ভাৰতত প্ৰৱেশ কৰিব পাৰে বাংলাদেশী অনুপ্ৰৱেশকাৰী। লাগে মাথোঁ টকা। মোটা ধনৰ বিনিময়ত দালালে জংঘলৰ পথেৰে ভাৰতলৈ অহাত সুবিধা কৰি দিয়ে বাংলাদেশী নাগৰিকক। শুকুৰবাৰে দিনৰ ভাগত নিউ বঙাইগাঁও ৰে’লৱে’ ষ্টেচনত ৰে’ল আৰক্ষীয়ে আটক কৰিছিল তিনি যুৱতীসহ চাৰি বাংলাদেশী নাগৰিকক। গোপন খবৰৰ ভিত্তিত নামনিমুৱা ত্ৰিপুৰা সুন্দৰী ৰে’লৰ পৰা আটক কৰিছিল বাংলাদেশী নাগৰিককেইজনক। আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি দিছে বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে। দালাল চক্ৰৰ সহায়ত ত্ৰিপুৰা সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছে ১১ অনুপ্ৰৱেশকাৰীয়ে।
Read More
পুনৰ বিপদত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাচিনা

পুনৰ বিপদত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাচিনা

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিপদৰ অন্ত পৰা নাই। ৫ আগষ্টত প্ৰাণ ৰক্ষা কৰিবলৈ তেওঁ ঢাকাৰ পৰা ভাৰতলৈ আহি আশ্ৰয় ল’ব লগা হৈছিল। ভাৰতলৈ অহাৰ পূৰ্বে শ্বেখ হাছিনাইও প্ৰধানমন্ত্ৰীৰ পদ এৰিব লগা হৈছিল। এতিয়া বৰ্তমানৰ বাংলাদেশ চৰকাৰেও শ্বেখ হাছিনাৰ কূটনৈতিক পাছপ’ৰ্ট বাতিল কৰাৰ কথা ঘোষণা কৰিছে, অৰ্থাৎ শ্বেখ হাছিনা ভাৰতলৈ অহা পাছপ’ৰ্টটো এতিয়া বৈধ নহয়। পাছপ’ৰ্ট বাতিলৰ বাবে এতিয়া শ্বেখ হাছিনা বাংলাদেশলৈ উভতি যোৱাৰ হেঁচাত পৰিব।বাংলাদেশৰ চৰকাৰী পাছপ’ৰ্ট থকা এজন ব্যক্তিয়ে ভাৰতত ভিছা অবিহনে ৪৫ দিন থাকিব পাৰিব। বৰ্তমান ভাৰতত আশ্ৰয় লোৱাৰ বাবে শ্বেখ হাছিনাই ভাৰতত থকাত কোনো সমস্যাৰ সন্মুখীন নহ’বও পাৰে, কিন্তু এতিয়া তেওঁ আন কোনো দেশলৈ যাব নোৱাৰিব।
Read More
ত্ৰিপুৰাত ধাৰাসাৰ বৰষুণৰ ফলত বহু লোকৰ মৃত্যু

ত্ৰিপুৰাত ধাৰাসাৰ বৰষুণৰ ফলত বহু লোকৰ মৃত্যু

বিগত কেইদিনমানৰ পৰা ত্ৰিপুৰাত অব্যাহত আছে ধাৰাসাৰ বৰষুণ। বৰষুণৰ ফলত কমেও ২২জন লোক নিহত হোৱাৰ উপৰিও আন দুজন সন্ধানহীন হৈ আছে। বিষয়াসকলে দিয়া তথ্য অনুসৰি ধাৰাসাৰ বৰষুণৰ ফলত তেওঁলোকৰ ঘৰ ক্ষতিগ্ৰস্ত হোৱাৰ বাবে ৬৫,৪০০ৰো অধিক লোকে ৪৫০টা সাহায্য শিবিৰত আশ্ৰয় লৈছে।২,০৩২টা স্থানৰ পৰা ভূমিস্খলনৰ খবৰ পোৱা গৈছে। যাৰ ভিতৰত ১,৭৮৯খন আন ঠাই পৰিষ্কাৰ কৰা হৈছে। অন্য ঠাইত উদ্ধাৰৰ কাম চলি আছে।অসম ৰাইফলছে কৈছে যে ৰাজ্যজুৰি ৭৫০গৰাকীতকৈও অধিক লোকক স্থানান্তৰ কৰা হৈছে। তেওঁলোকে কোৱা অনুসৰি অসম ৰাইফলছৰ মহিলা ৰাইফলসকলে ত্ৰিপুৰাত উদ্ধাৰ আৰু সাহায্য অভিযানৰ নেতৃত্ব দিছে।
Read More
ৰাজ্যত বৰ্তমানো অব্যাহত বোমাতংক

ৰাজ্যত বৰ্তমানো অব্যাহত বোমাতংক

অসম-অৰুণাচল সীমান্তত ৬ কুইণ্টল ওজনৰ বোমা উদ্ধাৰ । ঘটনাস্থলীত উপস্থিত আৰক্ষী-বায়ুসেনা বাহিনীৰ লোক।ৰাজ্যত বৰ্তমানো অব্যাহত বোমাতংক। ১৫ আগষ্টৰ স্বাধীনতা দিৱসত বিস্ফোৰণৰ উদ্দেশ্যেৰে ২৫টা স্থানত বোমা স্থাপনৰ দায়িত্ব স্বীকাৰ কৰিছিল আলফা স্বাধীনে । কিন্তু আলফা স্বাধীনে এই কথা প্ৰকাশ কৰিছিল যে, কাৰিকৰী বিফলতাৰ বাবে তেওঁলোকৰ পৰিকল্পনা বিফল হয়। আলফা স্বাধীনে ৰাজ্যৰ ২৫ টা স্থানত বিস্ফোৰক সামগ্ৰী সংস্থাপন কৰাৰ অপৰাধত ১০টা গোচৰ ৰুজু কৰিছিল অসম আৰক্ষীয়ে ।এইবাৰ অসম-অৰুণাচল সীমান্তত উদ্ধাৰ কৰা হৈছে বৃহৎ আকাৰৰ বোমা। লখিমপুৰ জিলাৰ দুলুং সংৰক্ষিত বনাঞ্চলৰ দুলুং নদীত উদ্ধাৰ শক্তিশালী বোমা দুটা। বোমা দুটাৰ ওজন ৬ কুইণ্টল। ৫০০ আৰু ১০০ কেজি ওজনৰ দুটা সক্ৰিয় বোমা প্ৰত্যক্ষ স্থানীয় লোকৰ।…
Read More
তিনিটা সন্তান জন্ম দিলে পাব টকা

তিনিটা সন্তান জন্ম দিলে পাব টকা

এটা বা দুটা নহয় ৩টাকৈ সন্তান জন্ম দিলে পাব ৫০ হাজাৰকৈ টকা, দিব বিশেষ সন্মান! কোনে ল’লে এই সিদ্ধান্ত?এফালে বৰ্ধিত জনসংখ্যাক লৈ চিন্তিত চৰকাৰ, আনহাতে ভূপালৰ মহেশ্বৰী সম্প্ৰদায়ে লৈছে এক ব্যতিক্ৰমী সিদ্ধান্ত। সমাজখনে কয় যে কোনো দম্পতীয়ে যদি দুটাৰ পিছত তৃতীয়টো সন্তান জন্ম দিয়ে, তেওঁলোকক সমাজৰ পৰা ৫০ হাজাৰ টকা দিয়া হ'ব।কিষাণগড়ত শেহতীয়াকৈ অনুষ্ঠিত এখন বৈঠকত সৰ্বভাৰতীয় মহেশ্বৰী মহাসভাই এই সিদ্ধান্ত লৈছে। অখিল ভাৰতবৰ্ষীয় মহেশ্বৰী মহাসভাৰ কাৰ্যকৰী সমিতিৰ সদস্য ৰমেশ মহেশ্বৰীয়ে কয় যে তৃতীয় সন্তান থকা স্বামী-স্ত্ৰীক কেৱল FD প্ৰদান কৰাই নহয়, এক বিশেষ সন্মানো প্ৰদান কৰা হ’ব। সম্প্ৰদায়টোক বিশেষ অনুষ্ঠানত বন্তি প্ৰজ্জ্বলন কৰোৱা হ’ব লগতে মঞ্চত এক বিশেষ ঠাই…
Read More
আজিৰে পৰা আৰম্ভ বিধানসভাৰ শৰৎকালীন অধিবেশন

আজিৰে পৰা আৰম্ভ বিধানসভাৰ শৰৎকালীন অধিবেশন

আজিৰে পৰা আৰম্ভ অসম বিধান সভাৰ শৰৎকালীন অধিৱেশন। পাঁচ দিনীয়া অধিৱেশন ৩০ আগষ্টত সামৰণি পৰিব। বিধান সভাৰ অধিৱেশনৰ বাবে সাজু হৈছে শাসক-বিৰোধী উভয়ে। ২২ আগষ্টৰ পৰা ৩০ আগষ্টলৈ চলিব অসম বিধান সভাৰ শৰৎকালীন অধিৱেশন। অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ বাবে সাজু শাসক-বিৰোধী সদস্য সকল।অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনটোত ১১খন বিধেয়ক উত্থাপন হ’ব। ইয়াৰে ৮খন সংশোধনী বিধেয়ক। তিনিখন বিধেয়ক উত্থাপন হ’ব। নতুন ৩খন বিধেয়ক ক্ৰমে ‘দি আছাম ৰিপিলিং বিল ২০২৪’, ‘আছাম ভেটেৰীনেৰী এণ্ড ফিছাৰী ইউনিভাৰ্ছিটি বিল ২০২৪’, দি আসাম আৰবান ৱাটাৰ বডিজ প্ৰিভেঞ্চন এণ্ড কনজাৰভেশ্যন বিল ২০২৪’।
Read More
বিত্তীয় সংকট হ্ৰাস কৰিবলৈ সম্পত্তি বিক্ৰী কৰিবলৈ ওলাইছে জেএনইউ

বিত্তীয় সংকট হ্ৰাস কৰিবলৈ সম্পত্তি বিক্ৰী কৰিবলৈ ওলাইছে জেএনইউ

দেশৰ প্ৰতিষ্ঠিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জেএনইউ) এক ভয়ংকৰ বিত্তীয় সংকটৰ সন্মুখীন হৈছে। বিশ্ববিদ্যালয়খনে প্ৰতি মাহে এক স্থিৰ উপাৰ্জন সৃষ্টি কৰিবলৈ তেওঁ দুটা মুখ্য সম্পত্তি (গোমতী গেষ্ট হাউচ আৰু ৩৫ ফিৰোজ শ্বাহ ৰোড) বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে। বিশ্ববিদ্যালয়খনে এই দুয়োটা সম্পত্তিৰ পৰা ধন উপাৰ্জন কৰাৰ প্ৰস্তুতি চলাই আছে। ইয়াৰ উপৰিও, জেএনইউয়ে তেঁওলোকৰ সম্পত্তিত চলি থকা ১২ খন ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ ভাড়া দাবী কৰি শিক্ষা মন্ত্ৰালয়লৈ চিঠি লিখাৰ পৰিকল্পনা কৰিছে। জেএনইউৰ উপাচাৰ্য (ভিচি) শান্তিশ্ৰী ধুলিপুড়ি পণ্ডিতে কয় যে কোনো উপাৰ্জন নোহোৱাৰ বাবে বিশ্ববিদ্যালয়খন বৰ্তমান তীব্ৰ বিত্তীয় চাপৰ মাজেৰে পাৰ হৈ আছে। আমি উৎকৃষ্ট প্ৰতিষ্ঠানৰ মৰ্যাদা দাবী কৰি আহিছো। ই আমাক ১,০০০ কোটি টকা…
Read More
কৰ সংগ্ৰহত অভিলেখ ভংগ কৰিছে ৰাজ্যৰ আবকাৰী বিভাগে । ২০২৩-২৪ বিত্তীয় বৰ্ষত আবকাৰী বিভাগৰ অভিলেখ ভংগকাৰী ৰাজহ সংগ্ৰহৰ তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী কাৰ্যালয়ে । প্ৰকাশিত তথ্য অনুসৰি, ২০২৩-২৪ বিত্তীয় বৰ্ষত বিভাগটোৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ হৈছে ৩,১৩৮.৭৫ কোটি টকা । উল্লেখ্য যে, এই বিত্তীয় বৰ্ষত বিভাগটোৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য আছিল ৩,০০০ কোটি টকা । ১০৪.৬২ শতাংশ কৰ সংগ্ৰহৰ সাফল্যই বিভাগটোৰ কৌশলগত বিত্তীয় ব্যৱস্থাপনাক প্ৰতিফলিত কৰিছে ।

কৰ সংগ্ৰহত অভিলেখ ভংগ কৰিছে ৰাজ্যৰ আবকাৰী বিভাগে । ২০২৩-২৪ বিত্তীয় বৰ্ষত আবকাৰী বিভাগৰ অভিলেখ ভংগকাৰী ৰাজহ সংগ্ৰহৰ তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী কাৰ্যালয়ে । প্ৰকাশিত তথ্য অনুসৰি, ২০২৩-২৪ বিত্তীয় বৰ্ষত বিভাগটোৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ হৈছে ৩,১৩৮.৭৫ কোটি টকা । উল্লেখ্য যে, এই বিত্তীয় বৰ্ষত বিভাগটোৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য আছিল ৩,০০০ কোটি টকা । ১০৪.৬২ শতাংশ কৰ সংগ্ৰহৰ সাফল্যই বিভাগটোৰ কৌশলগত বিত্তীয় ব্যৱস্থাপনাক প্ৰতিফলিত কৰিছে ।

কৰ সংগ্ৰহত অভিলেখ ভংগ কৰিছে ৰাজ্যৰ আবকাৰী বিভাগে । ২০২৩-২৪ বিত্তীয় বৰ্ষত আবকাৰী বিভাগৰ অভিলেখ ভংগকাৰী ৰাজহ সংগ্ৰহৰ তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী কাৰ্যালয়ে । প্ৰকাশিত তথ্য অনুসৰি, ২০২৩-২৪ বিত্তীয় বৰ্ষত বিভাগটোৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ হৈছে ৩,১৩৮.৭৫ কোটি টকা । উল্লেখ্য যে, এই বিত্তীয় বৰ্ষত বিভাগটোৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য আছিল ৩,০০০ কোটি টকা । ১০৪.৬২ শতাংশ কৰ সংগ্ৰহৰ সাফল্যই বিভাগটোৰ কৌশলগত বিত্তীয় ব্যৱস্থাপনাক প্ৰতিফলিত কৰিছে ।
Read More