উত্তৰ-পূৱ

বিশাল ফুকনক পুনৰ ন্যায়ালয়ত হাজিৰ

বিশাল ফুকনক পুনৰ ন্যায়ালয়ত হাজিৰ

ট্ৰেডিঙত ধন বিনিয়োগ কৰি ৩০ শতাংশ পৰ্যন্ত লাভৰ আশা দেখুৱাই ধন লুণ্ঠন কৰি বিলাসী জীৱন কটোৱা বিশাল ফুকনক আজি পুনৰ ন্যায়ালয়ত হাজিৰ কৰোৱা হ’ব। ডিব্ৰুগড় সত্ৰ ন্যায়াধীশ আদালতে ইতিমধ্যে বিশালক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল।সেই ন্যায়িক জিম্মাৰ ম্যাদ আজিক অন্ত পৰিব। আজি পুনৰ ন্যায়ালয়ে বিশালক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে।পৰৱৰ্তী সময়ত অনলাইন ট্ৰেডিঙৰ এই বিষয়টোৰ লগত জড়িত অধিক ব্যক্তি আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে।
Read More
বঙাইগাঁও আৰক্ষীৰ বৃহৎ সফলতা

বঙাইগাঁও আৰক্ষীৰ বৃহৎ সফলতা

বঙাইগাঁৱত নকল নোটসহ এজনক আটক GRPৰ। জব্দ প্ৰায় ১ লাখ ৭৮ হাজাৰ ৫০০ টকাৰ নকল নোট। চাবিৰ নামৰ এজন লোকক আটক আৰক্ষীৰ। নকল নোটখিনি কঢ়িয়াই লৈ ফুৰাৰ সময়তে আটক চাবিৰক। আটকাধীন চাবিৰৰ ঘৰ উত্তৰ প্ৰদেশত।
Read More
দুলীয়াজানত অঘটন

দুলীয়াজানত অঘটন

দুলীয়াজানৰ ৰাজপথত অঘটন। দাওদাওকৈ জ্বলি উঠিল এখন চলন্ত বাহন। দুলীয়াজান মহাবিদ্যালয়ৰ সন্মুখতে এই ঘটনা। অসম গেছ কোম্পানীৰ অগ্নিনিৰ্বাপক গাড়ীৰে জুই নিৰ্বাপণ। কথমপি প্ৰাণ ৰক্ষা বাহনখনৰ চালকজনৰ। জানিব পৰা মতে চালকজন দুলীয়াজান মহাবিদ্যালয়ৰে ছাত্ৰ।
Read More
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চালাক “ঘোঁৰা বেপাৰী”

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চালাক “ঘোঁৰা বেপাৰী”

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা হৈছে চালাক 'ঘোঁৰা বেপাৰী’। নিৰ্বাচন আহিলেই ঘোঁৰাৰ বেচা-কিনাত নামে হিমন্ত বিশ্ব শৰ্মা। ঝাৰখণ্ডৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাক 'ঘোঁৰাৰ বেপাৰ’ত লগাই দিছে।লখিমপুৰ ভোগপুৰস্থিত নিজ বাসগৃহত এক সংবাদমেল সম্বোধন কৰি এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই। সভাপতি বৰাই কয় যে, ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেনৰ ৰূপত প্ৰথমটো ঘোঁৰা ক্ৰয় কৰিছে।
Read More
খিলঞ্জীয়া যুৱকক প্ৰহাৰ

খিলঞ্জীয়া যুৱকক প্ৰহাৰ

ৰাজ্য়ত অনাঅসমীয়াৰ বিৰুদ্ধে প্ৰতিবাদ অব্য়াহত থকাৰ মাজতে পুনৰ বহিৰাগতৰ আক্ৰমণত আহত হ'ল এজন খিলঞ্জীয়া যুৱক । ডেলিভাৰী বয় হিচাপে কৰ্মৰত যুৱক এজনক সামান্য় কথাতেই গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিলে বহিৰাগত পৰিয়াল এটাৰ পিতা-পুত্ৰই । যুৱকজনে ডেলিভাৰী দিবলৈ যাওতেই সংঘটিত হয় এই ঘটনাটো । এইবাৰ ঘটনাৰ স্থান তিনিচুকীয়া । ডেলিভাৰী বয় হিচাপে কৰ্মৰত কাকপথাৰৰ ৰঞ্জন মৰাণ নামৰ যুৱকজনক ডেলিভাৰী দিবলৈ যাওতে চলিহানগৰত বহিৰাগত পিতা-পুত্ৰই প্ৰহাৰ কৰে ৷ ইয়াৰ পিচতেই যুৱকজনে উক্ত ঘটনাৰ বিষয়ে তেওঁ কৰ্মৰত কোম্পানীটোৰ বিষয়াক অৱগত কৰে । পৰৱৰ্তী সময়ত অভিযুক্ত পিতা-পুত্ৰৰ বিৰুদ্ধে তিনিচুকীয়াৰ সদৰ আৰক্ষী থানাত যুৱকজনৰ লগতে ডেলিভাৰী কোম্পানীয়ে দাখিল কৰে এজাহাৰ।
Read More
বক্সাৰ লাভলীনা বৰগোঁহাইক অভিনন্দন মুখ্যমন্ত্ৰীৰ

বক্সাৰ লাভলীনা বৰগোঁহাইক অভিনন্দন মুখ্যমন্ত্ৰীৰ

পেৰিছ অলিম্পিক গেমছত অংশগ্ৰহণ কৰা অসমৰ তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁইক মঙলবাৰে অভিনন্দন জনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ২০২০ চনৰ টকিঅ’ অলিম্পিক গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোহাঁয়ে ভোগেশ্বৰ বৰুৱাৰ জন্ম দিন “অভিৰুচি ক্ৰীড়া দিৱস"ৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশ গ্ৰহণৰ বাবে গুৱাহাটীলৈ আহিছিল। পুৱা অভিৰুচি ক্ৰীড়া দিৱসৰ সামুহীয়া দৌৰত অংশ লোৱা লাভলীনাই দুপৰীয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। সাক্ষাৎ কালত মুখ্যমন্ত্ৰীয়ে দুবাৰৰ অলিম্পিয়ানগৰাকীক খেলৰ সা-সুবিধা তথা পেৰিছ অলিম্পিক গেমছৰ অভিজ্ঞতা সম্পৰ্কত আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে লাভলীনাক আগন্তুক প্ৰতিযোগিতাত সফলতা অৰ্জনৰ বাবে এতিয়াৰ পৰা কঠোৰ অনুশীলনত ব্যস্ত হ’বলৈ পৰামৰ্শ দিয়ে। পেৰিছ অলিম্পিক গেমছত অংশগ্ৰহণ কৰা লাভলীনা বৰগোহাঁইক অভিনন্দন জনালে মুখ্যমন্ত্ৰী ড০…
Read More
কলকাতা কাণ্ডৰ নতুন মোৰ

কলকাতা কাণ্ডৰ নতুন মোৰ

দেশ জোকাৰি যোৱা আৰ জি কৰ কাণ্ডৰ নতুন মোৰ। অৱশেষত আৰ জি কাৰ হাস্পতালৰ দুৰ্নীতিৰ গোচৰত চিকিৎসালয়খনৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক গ্ৰেপ্তাৰ কৰিলে চি বি আইয়ে। সন্ধিয়া ছল্ট লেকৰ চি জি অ’ কমপ্লেক্সৰ পৰা নিজাম পেলেচৰ চি বি আইৰ কাৰ্যালয়লৈ অনা হয় সন্দীপ ঘোষক। ইয়াৰ পিছত জানিব পৰা গৈছে যে সন্দীপ ঘোষক গ্ৰেপ্তাৰ কৰা হৈছে। আজিৰ দিনটোতে সন্দীপ ঘোষক নিজাম পেলেচলৈ অনাৰ পূৰ্বে তাত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল। আৰ জি কাৰ হাস্পতালত এগৰাকী যুৱতী চিকিৎসকক হত্যাৰ ঘটনাৰ সন্দৰ্ভত ১৮ দিন ধৰি চিবিআইয়ে জেৰা অব্যাহত ৰাখিছে সন্দীপ ঘোষক। ইয়াৰ উপৰিও উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত আৰ জি কাৰ হাস্পতালৰ দুৰ্নীতিৰ গোচৰত সন্দীপৰ…
Read More
পুনৰ একচন আৰম্ভ বেদখলকাৰীৰ বিৰুদ্ধে

পুনৰ একচন আৰম্ভ বেদখলকাৰীৰ বিৰুদ্ধে

জুৰীয়াৰ কাবৈমাৰীত বেদখলকাৰীৰ বিৰুদ্ধে একচন আৰম্ভ ৰাজহ চক্ৰ বিষয়াৰ ।একে দিনাই কেইবাটাও অবৈধ ফিচাৰীৰ পাৰ ভাঙি পানী যোৱাৰ সুবিধা কৰি দিলে চক্ৰ বিষয়াই।জুৰীয়াৰ কাবৈমাৰীত বেদখলকাৰীৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ কৰাৰ পিছতে ৰুপহী চক্ৰ বিষয়াই ঘটনা স্থলীত লাট মণ্ডল নুৰজ্জামান চৰকাৰক পঠিয়াই।লাট মণ্ডল নুৰজ্জামান চৰকাৰৰ উপস্থিতত একে দিনাই কেইবাটাও অবৈধ ফিচাৰীৰ পাৰ ভাঙি পানী যোৱাৰ সুবিধা কৰি দিলে।চৰকাৰী নলা বন্ধ কৰি বেদখলকাৰীয়ে বনাইছিল ডাঙৰ ডাঙৰ ফিচাৰী।ফিচাৰীৰ মালিকে কালভাৰ্ড সমূহ বন্ধ কৰি ফিচাৰী বনোৱাৰ অভিয়োগ ৷প্ৰতিবাদকাৰী সকলে অতি শীৰ্ঘ্ৰেই কালভাৰ্ড সমূহ খুলি পানী চলাচল কৰিবৰ ব্যৱস্থাৰ দাবী জনাই ৷
Read More
আৰক্ষীৰ বাবে পৰীক্ষা দিবলৈ গৈ মৃত্যু বহুজনৰ

আৰক্ষীৰ বাবে পৰীক্ষা দিবলৈ গৈ মৃত্যু বহুজনৰ

আৰক্ষী কনিষ্টবল পদৰ নিযুক্তিৰ বাবে শাৰীৰিক পৰীক্ষাৰ সময়ত সংঘটিত হয় এক শোকাৱহ ঘটনা। শাৰীৰিক পৰীক্ষা দিবলৈ গৈ মৃত্যুক আকোৱালি ল’লে ১১জন পৰীক্ষাৰ্থীয়ে। পৰীক্ষাৰ সময়ত বহু পৰীক্ষাৰ্থী অসুস্থ হৈ পৰাৰ খবৰো পোহৰলৈ আহিছে। ইয়াৰ পিছতে বহু লোকে এই আৰক্ষী নিযুক্তি পৰীক্ষা সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে।এই কৰুণ ঘটনাতো সংঘটিত হৈছে ঝাৰখণ্ডত। আৰক্ষীৰ নিযুক্তি পৰীক্ষা দিবলৈ গৈ প্ৰাণ হেৰুৱাইছে ১১গৰাকীকৈ পৰীক্ষাৰ্থীয়ে। এই শোকাৱহ ঘটনাৰ পিছত আৰক্ষী নিযুক্তি পৰীক্ষাক লৈ নতুন গাইডলাইন অনা হৈছে। প্ৰতিটো বাছনি কেন্দ্ৰত খোৱাপানীৰ পৰ্যাপ্ত ব্যৱস্থা কৰা হৈছে। ঔষধৰ ব্যৱস্থা কৰিবলৈ প্ৰতিটো কেন্দ্ৰত চিকিৎসা দলৰ ব্যৱস্থা কৰাৰ কথাও আলোচনা কৰা হৈছে।
Read More
আজি অভিৰুচি ক্ৰীড়া দিৱস

আজি অভিৰুচি ক্ৰীড়া দিৱস

অভিৰুচি ক্ৰীড়া দিৱস হৈছে অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আয়োজিত হোৱা এক ক্ৰীড়া দিৱস৷ ১৯৮৪ চনৰ পৰা প্ৰত্যেক বছৰে ৩ ছেপ্টেম্বৰ তাৰিখে এই ক্ৰীড়া দিৱস অনুষ্ঠিত হৈ আহিছে৷ অভিৰুচি নামৰ অসমীয়া ক্ৰীড়া আলোচনী এখনৰ সম্পাদক বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীৰ উদ্যোগত এই ক্ৰীড়া দিৱসৰ আৰম্ভনি হৈছিল৷ অসমৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে অভিৰুচীয়ে উদযাপন কৰি আহিছে এই দিনটো, ক্ৰীড়া দিৱস উপলক্ষে পুৱা জজ খেলপথাৰৰ পৰা নেহৰু ষ্টেডিয়ামলৈ উলিওৱা হয় সমূহীয়া দৌৰ। এই সমূহীয়া দৌৰত অংশগ্ৰহণ কৰে লাভলীনা বৰগোহাঁই। ইফালে ৰাজ্যৰ ভিন্ন প্ৰান্তটো ভোগেশ্বৰী বৰুৱাক সুঁৱৰি ক্ৰীড়া দিৱসৰ আয়োজন কৰা হৈছে।
Read More