উত্তৰ-পূৱ

তামিলনাডুত প্ৰকৃতিৰ তাণ্ডৱ

তামিলনাডুত প্ৰকৃতিৰ তাণ্ডৱ

তামিলনাডুত প্ৰকৃতিয়ে চলাইছে তাণ্ডৱলীলা। ধাৰাষাৰ বৰষুণৰ ফলত স্তব্ধ হৈ পৰিছে জনজীৱন। বন্ধ হৈ পৰিছে বাছ,ৰে'ল,উৰা জাহাজ। ফলস্বৰূপে আজি বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যখনত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। চেন্নাই, তিৰুৱল্লুৰ, কাঞ্চীপুৰম, চেংগালপট্টু, ভিল্লুপুৰম, কুড্ডালোৰ আৰু ডেল্টা জিলাত প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা থকা বাবে বতৰ বিজ্ঞান কেন্দ্ৰই বুধবাৰে ​​এই জিলাকেইখনত ৰেড এলাৰ্ট জাৰি কৰিছে।
Read More
আজিৰে পৰা অসম মেঘালয় ভ্ৰমণ কৰিব উপ-ৰাষ্ট্ৰপতিয়ে

আজিৰে পৰা অসম মেঘালয় ভ্ৰমণ কৰিব উপ-ৰাষ্ট্ৰপতিয়ে

আজি পৰা দুদিনীয়া ভ্ৰমণসূচীৰে অসম আৰু মেঘালয় ভ্ৰমণ কৰিব দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰে । উপ-ৰাষ্ট্ৰপতি গৰাকীৰ এই ভ্ৰমণৰ লক্ষ্য হৈছে অঞ্চলটোৰ সম্পৰ্ক শক্তিশালী কৰাৰ লগতে সামগ্ৰিক উন্নয়নক প্ৰসাৰিত কৰা । উপ-ৰাষ্ট্ৰপতি গৰাকীৰ ভ্ৰমণসূচী সন্দৰ্ভত প্ৰকাশ পোৱা এক আনুষ্ঠানিক বিবৃতি অনুসৰি, উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে শ্বিলঙৰ মাওদিয়াংদিয়াঙত মেঘালয় দক্ষতা আৰু উদ্ভাৱন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব। এই পদক্ষেপে ৰাজ্য়খনত দক্ষতা বিকাশ আৰু উদ্ভাৱনক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
Read More
প্ৰধানমন্ত্ৰীৰ আন এক পৰ্টেল মুকলি

প্ৰধানমন্ত্ৰীৰ আন এক পৰ্টেল মুকলি

প্ৰধানমন্ত্ৰী ইণ্টাৰ্নশ্বীপ আঁচনিলৈ ব্যাপক সঁহাৰি দেশৰ যুৱ প্ৰজন্মৰ। প'ৰ্টেল মুকলিৰ এদিনৰ ভিতৰতে ১.৫৫ লাখতকৈ অধিক প্ৰাৰ্থীৰ নাম পঞ্জীয়ন। নিবনুৱা সমস্যাৰ সমাধান আৰু নিযুক্তি বৃদ্ধিৰ বাবে এই পদক্ষেপ কেন্দ্ৰৰ। ইণ্টাৰ্নশ্বীপৰ সময়ত প্ৰাৰ্থীসকলক দিয়া হ'ব ৫০০০ হাজাৰকৈ টকা। দেশৰ ৫০০ টা আগশাৰীৰ কোম্পানীত ইণ্টাৰ্নশ্বীপ সুবিধা দিয়া হ'ব। ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৩৭ জিলাত উপলব্ধ এই আঁচনি। আবেদনকাৰীৰ পৰিয়ালত থাকিব নোৱাৰিব কোনো চৰকাৰী চাকৰিয়াল। আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় হ’ব লাগিব ৮ লাখ টকাতকৈ কম।
Read More
সুৰাপায়ী সকলে গঢ়িলে আন এক অভিলেখ

সুৰাপায়ী সকলে গঢ়িলে আন এক অভিলেখ

পুনৰ অভিলেখ ভংগ!দুৰ্গা পূজাৰ সময়ছোৱাত গুৱাহাটীত সুৰা বিক্ৰীৰ ক্ষেত্ৰত অভিলেখ। ৰাজ্যবাসীয়ে উলহ-মালহেৰে উদযাপন কৰিলে দুৰ্গা পূজা। ৯ অক্টোবৰত ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা মা দুৰ্গাক শনিবাৰ আৰু দেওবাৰে অশ্ৰুসিক্ত নয়নেৰে বিদায় জনালে ভক্তই।ইয়াৰ মাজতে পুনৰ নতুন অভিলেখ গঢ়িলে গুৱাহাটীত সুৰাপায়ীয়ে। পূজাৰ ৪টা দিনত মহানগৰীৰ সুৰাপায়ীয়ে কিনিলে ৩০ কোটিৰো অধিক টকাৰ সুৰা।গুৱাহাটী সুৰা বিক্ৰীৰ ২০২২-২৩ বৰ্ষৰ অভিলেখ ভংগ কৰিলে সুৰাপায়ীয়ে।
Read More
পূজাৰ বতৰত বৰষুণে পেলাব ম্লান

পূজাৰ বতৰত বৰষুণে পেলাব ম্লান

আজি দেশজুৰি উদযাপন কৰা হৈছে মহাসপ্তমী। পূজাৰ আনন্দত মতলীয়া হৈ পৰিছে ৰাজ্যবাসী। এই আনন্দৰ মাজতে ৰাজ্যৰ বিভিন্নপ্ৰান্তত হৈছে মুষলধাৰ বৰষুণ।আজি ৰাজ্যৰ ১৮খনকৈ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।দক্ষিণ শালমাৰা, ধুবুৰী, বঙাইগাঁও, বৰপেটা,নলবাৰী, কামৰূপ(গ্ৰাম্য), কামৰূপ(মহানগৰ), পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং জিলাত আজি Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।নগাঁও, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, গোলাঘাট, মাজুলী, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া জিলাত আজি Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।বতৰ বিজ্ঞান বিভাগে Yellow Alert জাৰি কৰা জিলাসমূত আজি ধাৰাসাৰ বৰষুণৰ লগতে বজ্ৰপাত অহাৰ সম্ভাৱনা আছে।
Read More
অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান

অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান

শাৰদীয় দুৰ্গোৎসৱৰ মাদকতাই সমগ্ৰ ঢকুৱাখনা উপজিলা আচ্ছন্ন কৰি ৰখাৰ সময়তে ঢকুৱাখনা আবকাৰী চক্ৰ তৎপৰ হৈ পৰিছে অবৈধ সুৰাৰ বিৰুদ্ধে । পূজাৰ বতৰত সমজিলাখনৰ সামাজিক পৰিবেশ যাতে বিঘ্নিত নহয় তাৰ বাবে ঢকুৱাখনা আবকাৰী চক্ৰই অহৰ্নিশে তৎপৰতা প্ৰদর্শন কৰি আহিছে ।ধাৰাবাহিক হাৰত অবৈধ সুৰা বিৰোধী অভিযান চলাই উৎখাত কৰি আহিছে বহু সংখ্যক চুলাই ভাটি ।অভিযান কালত বহু কেইটা চুলাই ভাটি উচ্ছেদ কৰি বহু পৰিমাণৰ অবৈধ সামগ্ৰী জব্দ কৰে । দলটোৱে ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত ৰাইদঙীয়া ,ভাটি ফুকন গাঁও , লাহিবাৰী আৰু জালভাৰী আদি গাঁৱত চলোৱা অভিযান কালত প্ৰায় ২১০ লিটাৰ চুলাই প্ৰস্তুত কৰা "পাজ" , প্ৰায় ২০লিটাৰ চুলাই , ৩টা চুলাই বনোৱা…
Read More
মাজুলীত অঘটন

মাজুলীত অঘটন

নামনি মাজুলীৰ মলয়া চাপৰি ঘাটত অঘটন। নাৱৰ পৰা পৰি সন্ধানহীন লংকেশ্বৰ কুলি নামৰ এজন লোক। ৭০ৰ ঊৰ্ধ্বৰ লংকেশ্বৰ কুলিৰ ঘৰ কুলিচাপৰি গাঁৱত। সোৱণশিৰি নৈৰ সিটোপাৰে থকা এখনৰ গাঁৱৰ সকামলৈ বুলি গৈছিল লংকেশ্বৰ কুলি। নাৱেৰে গৈ থকা সময়ত অচেতন হৈ নাৱৰ পৰা পৰি যায় লোকজন। SDRFয়ে লোকজনৰ সন্ধানত আৰম্ভ কৰিছে উদ্ধাৰ অভিযান।
Read More
পূজা সমিতি সমূহলৈ ভাল খবৰ

পূজা সমিতি সমূহলৈ ভাল খবৰ

দুৰ্গা পূজাৰ সময়ত ৰাজ্যৰ দুৰ্গা পূজা সমিতিসমূহলৈ ভাল খবৰ! ৰাজ্যৰ অধিকাংশ পূজা সমিতিলৈ অসম চৰকাৰে প্ৰদান কৰিছে আৰ্থিক সাহাৰ্য। কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল এই কথা। ৰাজ্যৰ দুৰ্গা পূজা সমিতিসমূহক ১০ হাজাৰ টকাকৈ আৰ্থিক অনুদান আহবঢ়াব। এই অনুসৰি এই ধন প্ৰদান কৰিছে। ইতিমধ্যে ৰাজ্যৰ একাংশ সমিতিয়ে লাভ কৰিছে ধন। কামৰূপ জিলাৰ ৮৫ খন দুৰ্গা পূজা সমিতিক চৰকাৰৰ ফালৰ পৰা চেক প্ৰদান কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। জিলা প্ৰশাসনৰ উদ্যোগত এই চেক বিতৰণ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে।
Read More
পশ্চিমবংগত ভয়ংকৰ ঘটনা

পশ্চিমবংগত ভয়ংকৰ ঘটনা

পশ্চিমবংগৰ বীৰভূমৰ কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ। বিস্ফোৰণত ৭জনকৈ শ্ৰমিকৰ কৰুণ মৃত্যু। গুৰুতৰভাৱে আহত আন বহু শ্ৰমিক। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি। ঘটনাস্থলীত উদ্ধাৰকাৰী দলে চলাই আছে অভিযান। গংগাৰামচ’ক মাইনিং প্ৰাঃ লিঃ নামৰ প্ৰতিষ্ঠানটোত এই বিস্ফোৰণ। এতিয়াও জানিব পৰা হোৱা নাই বিস্ফোৰণৰ কাৰণ।
Read More
ড্ৰাগছৰ বৃহৎ অভিযান

ড্ৰাগছৰ বৃহৎ অভিযান

দেশৰ সৰ্বপ্ৰান্তত চলিছে ড্ৰাগছ বিৰোধী অভিযান। মাৰাত্মক ড্ৰাগছৰ প্ৰচলন ৰোধ কৰাৰ বাবে তীব্ৰ অভিযানত নামি পৰিছে প্ৰশাসন। কিন্তু প্ৰশাসনৰ চকুত ধূলি দি অসাধু চক্ৰই এতিয়াও চলাই আছে এই মাৰাত্মক ড্ৰাগছৰ চোৰাং বেহা। মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত এইদৰেই প্ৰশাসনৰ চকুত ধূলি দি চলি আছিল ড্ৰাগছৰ এক কাৰখানা। আজি এক অভিযানত উৎখাত কৰা হৈছে এই কু-চক্ৰটোক। ভূপালৰ কাটাৰা হিলছ থানাৰ বাগ্ৰোডা অঞ্চলৰ এটা কাৰখানাত অভিযান চলাই এণ্টি টেৰ’ৰ স্কোৱাড (এ টি এছ) আৰু নাৰ্কটিকছ কণ্ট্ৰ’ল ব্যুৰোৱে অভিযান চলাই লাভ কৰিছে বৃ্হৎ সাফল্য।অভিযানত প্ৰশাসনিক দলটোৱে ৯০৭ কিলোগ্ৰাম এম ডি ড্ৰাগছ উদ্ধাৰ কৰিছে। এই বৃ্হৎ পৰিমাণৰ ড্ৰাগছখিনিৰ দাম প্ৰায় ১৮১৪ কোটি টকা হ’ব বুলি অনুমান…
Read More