উত্তৰ-পূৱ

মহাকুম্ভমেলাৰ আজি দ্বিতীয় দিন

মহাকুম্ভমেলাৰ আজি দ্বিতীয় দিন

মহাকুম্ভ মেলাৰ আজি দ্বিতীয়টো দিন ৷ মকৰ সংক্ৰান্তিৰ দিনাৰ পুৱা পবিত্ৰ সংগম স্থলীত স্নান কৰিবলৈ দেশ-বিদেশৰ পৰা অহা অগণন ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে ৷মহাকুম্ভ মেলাৰ আজি দ্বিতীয়টো দিন ৷ মকৰ সংক্ৰান্তিৰ দিনাৰ পুৱা পবিত্ৰ সংগম স্থলীত স্নান কৰিবলৈ দেশ-বিদেশৰ পৰা অহা অগণন ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে ৷বৈদিক জ্যোতিষৰ মতে পুহ মাহৰ পূৰ্ণিমা শুক্ল পক্ষক সূৰ্য ভগৱানৰ মাহ বুলি কোৱা হয় । এই মাহত সূৰ্য দেৱতাক পূজা কৰি মানুহে মোক্ষ লাভ কৰে বুলি জনবিশ্বাস আছে ।সোমবাৰে মহাকুম্ভত প্ৰায় ১.৬৫ কোটি ভক্তৰ সমাগম হোৱা দেখা যায় । ইয়াৰ পিছত মঙলবাৰে অৰ্থাৎ আজি মকৰ সংক্ৰান্তিৰ দিনা পবিত্ৰ সংগম স্থলীত স্নান কৰিবলৈ ভক্তসকল অধীৰ…
Read More
আজি ভোগালী বিহু

আজি ভোগালী বিহু

আজি অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু। পুহৰ অন্তত হাঁড় কঁপোৱা শীতত পুৱাই উঠি মেজি জ্বলাই অগ্নি দেৱতাক সেৱা জনাইছে প্ৰতিজন অসমীয়াই। আজি অসমীয়াতে ভোগালী বিহুৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্নজনে।পুৱতি নিশাই উঠি অসমীয়াই মেজিত অগ্নিসংযোগ কৰে আৰু কনিষ্ঠজনে জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লয়।
Read More
অসমত ধৰা পৰিল HMPVৰ ৰোগী

অসমত ধৰা পৰিল HMPVৰ ৰোগী

বৰ্তমান দেশৰ বিভিন্ন প্ৰান্তত HMPVৰ সংক্ৰমণ ধৰা পৰিছে । শিশুৰ পৰা আৰম্ভ কৰি জ্য়েষ্ঠ লোকো আক্ৰান্ত হৈছে এই ভাইৰাছত। অসমতো ধৰা পৰিছে HMPVৰ উপস্থিত। HMPVত আক্ৰান্ত অসমৰ প্ৰথমজন ৰোগী চিনাক্ত কৰা হৈছে।এই পৰ্যন্ত ভাৰতত প্ৰায় ১৩গৰাকী লোকৰ দেহত ধৰা পৰিছে এই ভাইৰাছৰ উপস্থিতি। ইয়াৰ ভিতৰত বেংগালুৰুত দুজন, গুজৰাটত এজন, চেন্নাইত দুজন, কলকাতা দুজনৰ দেহত ধৰা পৰিছে এই ভাইৰছৰ উপস্থিতি।যাৰ বাবে এতিয়া আতংকিত হৈ পৰিছে সকলো।অসমত ১০ মহীয়া শিশুৰ দেহত ধৰা পৰিছে HMPVৰ অৱস্থিতি। ডিব্ৰুগড়ৰ আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্রত ধৰা পৰিছে HMPV। নিয়মীয়া পৰীক্ষাত শিশুটিৰ দেহত ধৰা পৰে HMPV। শিশুটিক AMCHত আছুতীয়াকৈ ৰাখি কৰা হৈছে উন্নত চিকিৎসা। আক্ৰান্ত শিশুটি লখিমপুৰৰ বুলি…
Read More
মহানগৰীত আৰক্ষীৰ গু/লী/চালনা

মহানগৰীত আৰক্ষীৰ গু/লী/চালনা

মহানগৰীত আৰক্ষীৰ এনকাউণ্টাৰ! আৰক্ষীৰ গুলীত আহত এজন অপৰাধী ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰোঁতেই আজুল হকক গুলীয়ালে আৰক্ষীয়ে৷ পুৱতি নিশা ভঙাগড় পাহাৰত গুলীচালনাৰ ঘটনা। ভেটাপাৰাৰ গ’ল্ডেন পথত এগৰাকী মহিলাক আক্ৰমণ কৰিছিল আজুলে। সম্প্ৰতি GMCHত চিকিৎসাধীন গুলীবিদ্ধ আজুল হক।
Read More
পুনৰ অসম আৰক্ষীৰ তীব্ৰ অভিযান

পুনৰ অসম আৰক্ষীৰ তীব্ৰ অভিযান

লামডিং ৰে'ল আৰক্ষী নিষিদ্ধ নিচা জাতিও সামগ্ৰী বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। লামডিং ৰে'লৱে ষ্টেচনত নিষিদ্ধ ভাং সহ আটক এজন যুৱক। গোপন সূত্ৰৰ পম খেদি লামডিং ৰেল আৰক্ষী অভিযান চলাই কলকাতা গৰিব ৰথ এক্সপ্ৰেছ ট্ৰেইন পৰা ভাং সহ এজন যুৱকক আটক।অভিযানত AC ডবাৰ পৰা ১১ কেজি ভাং জব্দ কৰিছে ৷আটকাধীন যুৱক জনৰ নাম টাইজুল ইছলাম ত্ৰিপুৰা বৰমুৰা বাসিন্দা বুলি জানিব পৰা গৈছে আটকাধীন যুৱক জনে ত্ৰিপুৰা পৰা কলকাতা লৈ গৈ আছিল ভাং খিনিআগৰতলাৰ পৰা বিভিন্ন কৌশলেৰে নিষিদ্ধ সামগ্ৰী প্ৰতিদিনেই ৰেল যোগে বহি:ৰাজ্যলৈ সৰৱৰাহ হৈ আহিছে
Read More
আপুনিও বাৰু গুগল মেপ ব্যৱহাৰ কৰে নেকি

আপুনিও বাৰু গুগল মেপ ব্যৱহাৰ কৰে নেকি

গুগল মেপ ব্যৱহাৰ কৰি বিপদত পৰিল অসম আৰক্ষী। অজানিতে অসম সীমান্ত অতিক্ৰম কৰি নাগালেণ্ডলৈ গৈছিল আৰক্ষীৰ এটা দল। কেৱল ইমানে নহয় গোটেই নিশা স্থানীয় লোকে আৱদ্ধ কৰি ৰাখিলে দলটোক।কেতিয়াবা গুগল মেপ ব্যৱহাৰ কৰি যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। তেনে এটা ঘটনা সংঘটিত হৈছে অসমত।গুগল মেপৰ জৰিয়তে এজন অপৰাধীৰ অনুসন্ধানত গৈছিল অসম আৰক্ষীয়ে। কিন্তু ভুলবশতঃ তেওঁলোক নাগালেণ্ডত উপস্থিত হয়। তেওঁলোকৰ ভিতৰত মাত্ৰ তিনিজনে আৰক্ষীৰ পোছাক পিন্ধিছিল। বাকীবোৰ সাধাৰণ পোছাকত আছিল। নাগালেণ্ডৰ স্থানীয় লোকে ভাবিছিল যে কোনোবা অপৰাধী হয়তো তেওঁলোকৰ এলেকাত প্ৰৱেশ কৰিছে। তাৰ পাছতে তেওঁলোকে আৰক্ষীৰ দলটোক আক্ৰমণ কৰিছিল আৰু তেওঁলোকক গোটেই নিশা বন্দী কৰি ৰাখিছিল। অসম আৰক্ষীৰ এটা ১৬জনীয়া দলে…
Read More
BSFৰ জোৱানক হ*ত্যাৰ চেষ্টা বাংলাদেশী দুৰ্বৃত্তৰ

BSFৰ জোৱানক হ*ত্যাৰ চেষ্টা বাংলাদেশী দুৰ্বৃত্তৰ

কৰ্তব্যৰত BSFৰ জোৱানক হত্যাৰ চেষ্টা বাংলাদেশী দুৰ্বৃত্তৰ। দিনৰ পোহৰতে হাতে হাতে লাঠী-দা লৈ লৈ BSF জোৱানৰ দলৰ ওপৰত আক্ৰমণ কৰিলে বাংলাদেশী দুৰ্বৃত্তৰ এটা দলে। কেৱল আক্ৰমণ কৰায়ে নহয় BSF জোৱানৰ পৰা বন্দুক কাঢ়ি লৈ যোৱাৰো চেষ্টা চলালে বাংলাদেশী আক্ৰমণকাৰী দলটোৱে।ত্ৰিপুৰাৰ ভাৰত বাংলা সীমান্তত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।সীমান্তৰে অবৈধভাৱে বিড়ি সৰবৰাহৰ চেষ্টা চলাইছিল বাংলাদেশী সৰবৰাহকাৰীয়ে। সেই সময়ত ত্ৰিপুৰাৰ সীমান্তৰ পৰা বাংলাদেশী সৰবৰাহকাৰী দলটোক বাধা দিছিল পেট্ৰ’লিং দি থকা BSFৰ দলটোৱে। সেই সময়তে বাংলাদেশী সৰবৰাহকাৰীয়ে অপমান কৰাৰ লগতে প্ৰত্যাহ্বান জনাইছিল সীমান্তত কৰ্তব্যৰত BSFৰ দলটোক।পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত উপস্থিত হয় অতিৰিক্ত BSFৰ দল। পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ লগতে ঘটনাস্থলীৰ…
Read More
আজি সন্ধিয়া ৰাজ্যত পুনৰ হ’ব বৰষুণ

আজি সন্ধিয়া ৰাজ্যত পুনৰ হ’ব বৰষুণ

বুধবাৰে পুনৰ ৰাজ্যত ধাৰাসাৰ বৰষুণ অহাৰ আজজাননী দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। অসমৰ কেইবাখনো জিলা আজিৰ দিনটোত ডাৱৰীয়া হৈ থকাৰ লগতে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা থকা বুলি উল্লেখ কৰিছে। সেয়েহে বতৰ বিজ্ঞান কেন্দ্ৰই এই জিলা দুখনৰ জনসাধাৰণৰ বাবে সতৰ্কবাণী জাৰি কৰিছে। ইয়াৰ উপৰি আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰ হ’ব ২৫ ডিগ্ৰী চেলছিয়াচ আৰু সৰ্বনিম্ন তাপমাত্ৰা হ’ব ১৪ ডিগ্ৰী চেলছিয়াচ।
Read More
ভাৰতলৈ ভাবুকি অহাৰ সম্ভাৱনা

ভাৰতলৈ ভাবুকি অহাৰ সম্ভাৱনা

ব্ৰহ্মপুত্ৰ নদীত বিশ্বৰ সৰ্ববৃহৎ নদী বান্ধ নিৰ্মাণ কৰিবলৈ ওলাইছে চীনে। এই নিৰ্মাণক লৈ ভাৰতে উদ্বেগ প্ৰকাশ কৰাৰ পিছতে চীনে দিছে স্পষ্টীকৰণ। চীনৰ মতে, এই নদী বান্ধৰ ফলত ভাৰতৰ পানীৰ সোঁতত কোনো প্ৰভাৱ নপৰে।এই প্ৰকল্পৰ আনুমানিক ব্যয় প্ৰায় ১৩.৭ বিলিয়ন মাৰ্কিন ডলাৰ। অতি স্পৰ্শকাতৰ হিমালয় অঞ্চলৰ টেকটনিক প্লেটৰ সীমাত চীনে এই বান্ধটো নিৰ্মাণ কৰি আছে। ইয়াত সঘনাই ভূমিকম্প আহি থাকে। এই নিৰ্মাণক লৈ যেতিয়া ভাৰতে উদ্বেগ প্ৰকাশ কৰে, তেতিয়া চীনে এই সন্দৰ্ভত দিয়ে স্পষ্টীকৰণ। চীনে জনাই যে, এই নদী বান্ধৰ ফলত ভাৰতৰ পানীৰ সোঁতত কোনো প্ৰভাৱ নপৰে।
Read More
আজি দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব জে পি নাড্ডা

আজি দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব জে পি নাড্ডা

আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব জে পি নাড্ডা। নিশা ১০ বজাত বৰঝাৰ বিমানবন্দৰত উপস্থিত হ’ব নাড্ডা। বিমানবন্দৰৰ পৰা কইনাধৰালৈ যাব জে পি নাড্ডা। নিশাটো কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত কটাব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ৮ জানুৱাৰীৰ পুৱা নাৰেংগী সেনা ছাউনীৰ পৰা তেজপুৰলৈ উৰা মাৰিব নাড্ডা। তেজপুৰৰ পাছত মঙলদৈত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এইমছৰ এক কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। কাৰ্যসূচী সামৰি দিল্লীলৈ উৰা মাৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকী।
Read More