অসম

অহা ৩০ দিনৰ ভিতৰত ৰাজ্যৰ পৰা উৎখাত হ’ব নকল সোণ আৰু জাল নোটৰ ব্যৱসায়ঃ DGP জি পি সিং

অহা ৩০ দিনৰ ভিতৰত ৰাজ্যৰ পৰা উৎখাত হ’ব নকল সোণ আৰু জাল নোটৰ ব্যৱসায়ঃ DGP জি পি সিং

অসমৰ আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে শনিবাৰে ৰাজ্যত ভুৱা সোণ আৰু নকল ভাৰতীয় মুদ্ৰাৰ নোটৰ ৰেকেটৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱাৰ আশ্বাস দিয়ে। তেওঁ লগতে উল্লেখ কৰে যে যোৱা নিশা অসম আৰক্ষীয়ে সমগ্ৰ ৰাজ্যতে ভুৱা সোণ আৰু এফআইচিএনৰ ব্যৱসায়ৰ সৈতে জড়িত প্ৰায় ৭৫ জন লোকক আটক কৰিছে। বিশ্বনাথ জিলাতো আৰক্ষীয়ে ৬.৫ লাখ টকা আৰু ভুৱা সোণৰ টুকুৰা উদ্ধাৰ কৰিছে বুলি সংবাদ মাধ্যমৰ আগত ডিজিপিয়ে জানিবলৈ দিয়ে। লগতে অহা ৩০ দিনৰ ভিতৰত অসমৰ পৰা নকল নোট আৰু জালি নোটৰ ব্যৱসায় উৎখাত কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে ডিজিপিয়ে। তদুপৰি অসম আৰক্ষীৰ ডিজিপিয়ে আৰু কয় যে অপৰাধমূলক প্ৰকৃতিৰ যিকোনো ধৰণৰ কামত নিয়োজিত আৰক্ষী বিষয়াৰ…
Read More
IPS আনন্দ মিশ্ৰক লখিমপুৰৰ আৰক্ষী অধীক্ষক নিযুক্তি…

IPS আনন্দ মিশ্ৰক লখিমপুৰৰ আৰক্ষী অধীক্ষক নিযুক্তি…

এছ আই জোনমণি ৰাভাৰ ৰহস্যঘন মৃত্যুক লৈ ৰাজ্যজুৰি চাঞ্চল্য অব্যাহত থকাৰ সময়তে লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হ’ল আইপিএছ আনন্দ মিশ্ৰক। অন্যতম আৰক্ষী বিষয়া আনন্দ মিশ্ৰক লখিমপুৰত নিযুক্তি প্ৰদান কৰাত আনন্দ ব্যক্ত কৰিছে বিভিন্ন জনে। উল্লেখ্য যে, জোনমণি ৰাভাৰ মৃ্ত্যুৰ প্ৰসংগতে শনিবাৰে লখিমপুৰৰ পৰা বদলি কৰা হৈছিল এছ পি বেদান্ত মাধৱ ৰাজখোৱাক। এতিয়া তেওঁক ক্ৰীড়া বিভাগৰ এআইজি পদত নিযুক্ত কৰা হৈছে। ইফালে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেক বদলি কৰি হাইলাকান্দিৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। যাৰ পিছত আইপিএছ নৱনীত মহন্তক নগাঁৱৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব অৰ্পণ কৰা হৈছে।
Read More
ঘোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল মহেন্দ্ৰ নাথ

ঘোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল মহেন্দ্ৰ নাথ

ৰাজ্যত পুনৰ ঘোচ কাণ্ড। এইবাৰ কামৰূপ জিলাৰ নগৰবেৰা চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। অভিযানৰ সময়ত ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ লাট মণ্ডল। ধৃত লাটমণ্ডল জনৰ নাম মহেন্দ্ৰ নাথ।
Read More
ধুবুৰীত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত মৃত্যু ৩ বাইক আৰোহীৰ, হেলমেট নিপিন্ধাৰ বাবেই এই অঘটন…

ধুবুৰীত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত মৃত্যু ৩ বাইক আৰোহীৰ, হেলমেট নিপিন্ধাৰ বাবেই এই অঘটন…

বৃহস্পতিবাৰে বিয়লি ধুবুৰী জিলাৰ অন্তৰ্গত বেলগুৰিত এখন তীব্ৰবেগী ট্ৰাকে খুন্দা মৰাৰ ফলত তিনিজন বাইক আৰোহীৰ থিতাতে মৃত্যু ঘটে। জানিব পৰা মতে, একেখন বাইকত যাত্ৰা কৰা যুৱক তিনিজনক বিপৰীত দিশৰ পৰা এখন ট্ৰাকে খুন্দা মৰাত তিনিওজনৰ থিতাতে মৃত্যু হয়। বেলগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হয়। উল্লেখযোগ্য যে এই দুৰ্ঘটনা সংঘটিত কৰাৰ সময়ত মৃত যুৱকসকলৰ কোনো এজনেই হেলমেট পিন্ধা নাছিল। ঘটনাৰ পিছতে দুৰ্ঘটনাস্থলীৰ চাৰিওফালে সামান্য জনসমাগম হৈ স্থানীয় আৰক্ষীক খবৰ দিয়ে। মৃত যুৱক কেইজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।
Read More
২ বছৰত ৬০ শতাংশ বৃদ্ধি কৰা হৈছে MBBSৰ আসনৰ সংখ্যাঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

২ বছৰত ৬০ শতাংশ বৃদ্ধি কৰা হৈছে MBBSৰ আসনৰ সংখ্যাঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

যোৱা ২ বছৰত অসমৰ ৰাজ্য চৰকাৰে স্বাস্থ্যৰ আন্তঃগাঁথনি সম্প্ৰসাৰণৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। তদুপৰি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰত চৰকাৰে ৫৬ লাখ পৰিয়ালক ৫ লাখ টকাৰ বীমা কভাৰেজ প্ৰদান কৰিছে। ইয়াৰ লগতে ৭খন কেন্সাৰ চিকিৎসালয় আৰু উপলব্ধ এমবিবিএছৰ আসন ৬০ শতাংশ বৃদ্ধি পাই ১৫০০লৈ বৃদ্ধি পাইছে কাৰণ ২৪খন পৰিকল্পিত চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত ১২খনে কাৰ্যক্ষম হৈ উঠিছে। আগতে চিকিৎসা বৃত্তিত অৰ্জন কৰা বহু ছাত্ৰ-ছাত্ৰীয়ে অন্য ৰাজ্য বা বিদেশলৈ যাবলগীয়া হৈছিল, অৱশ্যে এই চৰকাৰৰ কার্যকালত ভালে সংখ্যক চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছে যাৰ ফলত অসমৰ ছাত্র-ছাত্রীসকল উপকৃত হৈছে৷ ইফালে উত্তৰ-পূর্বাঞ্চলৰ প্রথমখন এইমছৰ লগতে ৯খন চিকিৎসা মহাবিদ্যালয়ৰ কাম সম্পূর্ণ হোৱাৰ বিভিন্ন পর্যায়ত…
Read More
ঘোচ লৈ এইবাৰ জালত পৰিল আন এগৰাকী চৰকাৰী বিষয়া, গ্ৰেপ্তাৰ সহকাৰী ৰাজ্যিক কৰ আয়ুক্ত মিনাক্ষী কাকতি কলিতা…

ঘোচ লৈ এইবাৰ জালত পৰিল আন এগৰাকী চৰকাৰী বিষয়া, গ্ৰেপ্তাৰ সহকাৰী ৰাজ্যিক কৰ আয়ুক্ত মিনাক্ষী কাকতি কলিতা…

একেদিনাই দ্বিতীয়টো ঘোচ কাণ্ড। এইবাৰ মহানগৰীৰ কৰ ভৱনত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। অভিযানত ঘোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ সহকাৰী ৰাজ্যিক কৰ আয়ুক্তক। ধৃত ঘোচখোৰ বিষয়াগৰাকীৰ নাম মিনাক্ষী কাকতি কলিতা। উল্লেখ্য যে, ইয়াৰ পূৰ্বে আজি নগৰবেৰাত দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছিল ঘোচখোৰ লাট মণ্ডল মহেন্দ্ৰ নাথ।
Read More
SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত CIDৰ হাতত! দুৰ্ঘটনাস্থলীত উপস্থিত তিনিজনীয়া দল

SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত CIDৰ হাতত! দুৰ্ঘটনাস্থলীত উপস্থিত তিনিজনীয়া দল

ৰহস্যজনক পৰিস্থিতিত পথ দুৰ্ঘটনাত উপ-পৰিদৰ্শক জোনমনি ৰাভাৰ মৃত্যুৰ তদন্তৰ বাবে কলিয়াবৰত উপস্থিত হৈছে অপৰাধ অনুসন্ধান বিভাগৰ তিনিজনীয়া এটা দল। সূত্ৰ অনুসৰি বুধবাৰে পুৱা পথ দুৰ্ঘটনা সংঘটিত হোৱা স্থান পৰিদৰ্শন কৰিছে চি আই ডিৰ দলটোৱে। চি আই ডিৰ দলটোৰ সৈতে উপস্থিত থাকে ৰাজহুৱা কাম-কাজ বিভাগ আৰু নগাঁও আৰক্ষীৰ বিষয়াসকল। কলিয়াবৰৰ উপ-পৰিদৰ্শক জোনমনি ৰাভাৰ সন্দেহজনক পথ দুৰ্ঘটনাৰ পিছতে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইটযোগে জনাইছিল যে অসম আৰক্ষীৰ চি আই ডিক তদন্ত অৰ্পণ কৰা হৈছে। উল্লেখযোগ্য যে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক (এছ আই) জোনমনি ৰাভাৰ মৃত্যুৰ গোচৰত ৰহস্যৰ সৃষ্টি হৈছে। পৰিয়ালৰ লোকে আৰক্ষী বিষয়াগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ তুলিছে।
Read More
নিশা পথ দুৰ্ঘটনাত অকাল মৃত্যু ‘লেডী সিংঘম’ৰূপে পৰিচিত SI জোনমণি ৰাভাৰ…

নিশা পথ দুৰ্ঘটনাত অকাল মৃত্যু ‘লেডী সিংঘম’ৰূপে পৰিচিত SI জোনমণি ৰাভাৰ…

নিশা দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যু নগাঁও থানাৰ মৰিকলং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ। নিশা জখলাবন্ধাৰ সমীপত সৰুভগীয়াত সংঘটিত হয় দুৰ্ঘটনা। এছআই জোণমনি ৰাভাৰ মাৰুতী বাহনখনৰ সৈতে এখন কণ্টেইনাৰ ট্ৰাকৰ সংঘৰ্ষ ঘটাত থিতাতে মৃত্যু ঘটে আৰক্ষী বিষয়াগৰাকীৰ। জানিব পৰা মতে, নিশা নগাঁৱৰ পৰা যোৰহাট অভিমুখে গৈ আছিল জোনমণি ৰাভা। সেই সময়তে নিশা প্ৰায় ২ বজাত বিপৰীত দিশৰ পৰা আহি থকা কণ্টেইনাৰ ট্ৰাকখনৰ সৈতে সংঘৰ্ষ ঘটে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
Read More
শৈক্ষিক অৰ্হতা জালিয়াতিৰ গোচৰত AIUDF বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

শৈক্ষিক অৰ্হতা জালিয়াতিৰ গোচৰত AIUDF বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টৰ নেতা তথা বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ শৈক্ষিক অৰ্হতা জাল কৰাক লৈ অহা ১৮ মে’ত ভাৰতৰ উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হ’ব। খবৰ অনুসৰি কৰিমুদ্দিনে নিৰ্বাচনী শপতনামাত চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ পৰা বি এ উত্তীৰ্ণ হোৱাৰ তথ্য দিছিল। কিন্তু সোণাইৰ প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰে সোণাইৰ বিধায়কে প্ৰদান কৰা এই তথ্য ভুল বুলি কৈ গৌহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল। কৰিমুদ্দিন বৰভূঞাক এই তথ্য গৌহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিবলৈ কোৱা হয়। ইফালে কৰিমুদ্দিন বৰভূঞাই ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে। ইতিমধ্যে আৰ টি আইৰ অধীনত লাভ কৰা তথ্য অনুসৰি ২০১৯ চনত চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা…
Read More
ৰাজ্যত ৪১ শতাংশ হ্ৰাস পাইছে মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ হাৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যত ৪১ শতাংশ হ্ৰাস পাইছে মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ হাৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বিগত ২ বছৰত বিক্ষিপ্ত হিংসাৰ ঘটনাৰ মাজতে অসম চৰকাৰে মহিলাসকলৰ বাবে এক সুৰক্ষিত স্থান সৃষ্টি কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৃঢ়তাৰে কয় যে মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ ৪১ শতাংশ হ্ৰাস পাইছে আৰু বাল্যবিবাহৰ ওপৰত অভূতপূৰ্ব দমন ঘটিছে। ইয়াত উল্লেখ কৰিব পাৰি যে বাল্যবিবাহৰ বিৰুদ্ধে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক বিগত সময়ত ৩২০০ জন লোকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰত ৰাখিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও ৰাজ্যখনত শিশুৰ বিৰুদ্ধে অপৰাধৰ দৃষ্টান্তও হ্ৰাস পাইছে যিটো যোৱা দুবছৰত ১৮ শতাংশ আছিল। ইয়াৰ পূৰ্বে ২০২২ চনত ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ ব্যুৰোৰ ২০২১ বৰ্ষৰ ৬৯ সংখ্যক সংস্কৰণৰ প্ৰতিবেদন অনুসৰি একেৰাহে পঞ্চমবাৰৰ বাবে অসমত মহিলাৰ বিৰুদ্ধে অপৰাধৰ সৰ্বাধিক…
Read More