18
Jul
কয়াকুছিস্থিত দাৰুল হিকমাহ একাডেমীৰ এখন অভিভাৱক সভা অনুষ্ঠিত হৈ যায়। ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ মাজৰ যি গুৰু শিষ্যৰ সম্পৰ্ক সেই সন্দৰ্ভত বিচ্যুতি হোৱা বুলি উদ্বেগ প্ৰকাশ কৰে উপস্থিত বিশিষ্ট ব্যক্তিসকলে । বিশিষ্ট সাংবাদিক ছাহেদ আলী আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ পৰিধি বিকাশ সন্দৰ্ভত বিশদভাৱে বক্তব্য আগবঢ়ায় কয়াকুছি মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহযোগী অধ্যাপক ড ০ হান্নান আলী আহমেদৰ লগতে বিশিষ্ট সাংবাদিক তথা কয়াকুছি প্ৰেছ এচোছিয়েশ্যনৰ সভাপতি আব্দুল জলিলে । সভাখনত উপস্থিত বিশিষ্ট ব্যক্তিসকলে বিদ্যালয়ৰ পৰিৱেশ তথা ছাত্ৰ-শিক্ষক আৰু অভিভাৱকৰ সম্পৰ্কই শিশুৰ বিকাশত অৰিহণা যোগাব বুলি মন্তব্য প্ৰকাশ কৰে। সভাখনত…
