29
Jul
ৰাজ্যৰ বিধান সভাৰ উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনত আম আদমী পাৰ্টিয়ে আন কোনো দলৰ সৈতে বুজাবুজি নকৰে। উপ - নিৰ্বাচনত কোন কোন সমষ্টিত আপে প্ৰতিদ্বন্দ্বিতা কৰিব সেই সন্দৰ্ভত শীঘ্ৰেই দলৰ সিদ্ধান্ত প্ৰকাশ কৰিব।' গোলাঘাটত আপৰ কৰ্মকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰে কৰি দলটোৰ ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই এই মত ব্যক্ত কৰে। আপৰ নেতাগৰাকীয়ে দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে আম আদমী পাৰ্টিৰ কল্যাণকামী আদৰ্শ তথা কৰ্মৰ ৰাজনীতিৰ সপক্ষে অসমবাসীক ওলাই আহিবলৈ আহ্বান জনায়।তেওঁ কয়, " দুৰ্নীতিৰ ক্ষেত্ৰত কংগ্ৰেছ আৰু বিজেপিৰ কোনো নীতিগত পাৰ্থক্য নাই। এইক্ষেত্ৰত কংগ্ৰেছ আৰু বিজেপি এটা মুদ্ৰাৰ ইপিঠি সিপিঠি স্বৰূপ।" গোলাঘাট চহৰৰ প্ৰগতি চ'ৰাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহুসংখ্যক…
