অসম

অৱশেষত হাৰ মানিলে ম্যানমাৰৰ সামৰিক শাসকে!

অৱশেষত হাৰ মানিলে ম্যানমাৰৰ সামৰিক শাসকে!

অৱশেষত হাৰ মানিলে ম্যানমাৰৰ সামৰিক শাসকে! গৃহযুদ্ধত বিধ্বস্ত দেশখনলৈ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ চেষ্টা জেনেৰেল মিন আং হ্লিং নেতৃত্বাধীন চৰকাৰৰ।জেনেৰল মিন আং হ্লিং নেতৃত্বাধীন চৰকাৰে দেশখনৰ পৰা জৰুৰীকালীন অৱস্থা প্ৰত্যাহাৰ কৰি গণতান্ত্ৰিক কাৰ্যকলাপৰ ওপৰত থকা সকলো ধৰণৰ নিষেধাজ্ঞা উঠাই লৈছে। তাৰোপৰি অহা ডিচেম্বৰত দেশখনত নিৰ্বাচন অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছে। উল্লেখ্য যে, চুবুৰীয়া দেশখনত সশস্ত্ৰ বিদ্ৰোহী মিত্ৰজোঁটৰ লগতে গণন্ত্ৰৰ সমৰ্থকসকলে বিদ্ৰোহ অব্যাহত ৰাখিছে। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত সেই সময়ৰ গণতান্ত্ৰিক নেত্ৰী তথা দেশখনৰ প্ৰধানমন্ত্ৰী আং ছাং চ্যু কিৰ দল নেচনেল লীগ ফৰ ডেম’ক্ৰেচিৰ নেতৃত্বাধীন চৰকাৰখনক ভংগ কৰিছিল। আৰম্ভ হৈছিল সামৰিক জুন্টাৰ শাসন। তাৰ মাজতেই বিভিন্ন বিদ্ৰোহী সংগঠনে সামৰিক বাহিনীৰ বিৰুদ্ধে…
Read More
গুৱাহাটী পৌৰ নিগমৰ স্বাস্থ্য বিভাগৰ অভিযানত ধৰা পৰিল বিলাসী হোটেলত অস্বাস্থ্যকৰ পৰিবেশত খাদ্য প্ৰস্তুত কাৰ্য ; ডেৰ লাখৰো অধিক টকাৰ জৰিমনা সংগ্ৰহ

গুৱাহাটী পৌৰ নিগমৰ স্বাস্থ্য বিভাগৰ অভিযানত ধৰা পৰিল বিলাসী হোটেলত অস্বাস্থ্যকৰ পৰিবেশত খাদ্য প্ৰস্তুত কাৰ্য ; ডেৰ লাখৰো অধিক টকাৰ জৰিমনা সংগ্ৰহ

গুৱাহাটী মহানগৰীৰ একাংশ  বিলাসী হোটেল বা ৰেষ্টুৰেণ্টত জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি অতি অস্বাস্থ্যকৰ পৰিবেশত খাদ্য প্ৰস্তুত কৰি   গ্ৰাহকক যোগান ধৰা ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে পহিলা আগষ্টৰ দিনা সন্ধিয়া গুৱাহাটী পৌৰ নিগমৰ স্বাস্থ্য বিভাগৰ দলে চলোৱা এক  আকস্মিক অভিযানত। জানিব পৰা মতে পৌৰ  নিগমৰ সহকাৰী আয়ুক্ত  তৃষাণু বিমল বৰা আৰু কাৰ্যবাহী বিষয়া গীতাঞ্জলী পাঠকৰ নেতৃত্বত নিগমৰ স্বাস্থ্য বিভাগৰ এটি দলে গুৱাহাটী জি  এছ ৰোডৰ বিলাসী হোটেল ডায়াৰ্চ ৰন্ধনশাল পৰিদৰ্শন কালত এই দুস্কাৰ্য ধৰা পৰে। কিয়নো ৰন্ধনশালটো ইমানেই লেতেৰা হৈ আছিল যে লেতেৰা পৰিবেশত জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি গ্ৰাহকৰ খাদ্য প্ৰস্তুত কৰি যোগান ধৰা হৈছিল। ফলত নিগমৰ দলটোৱে অস্বাস্থ্যকৰ পৰিবেশত…
Read More
৯ ছেপ্টেম্বৰত উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন

৯ ছেপ্টেম্বৰত উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰৰ পদত্যাগৰ দহ দিনৰ পাছত নিৰ্বাচন আয়োগে ঘোষণা কৰিছে যে অহা ৯ ছেপ্টেম্বৰত এই পদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচনৰ সময়সূচী অনুসৰি ৭ আগষ্টত এই অধিসূচনা জাৰি কৰাৰ লগতে ২১ আগষ্টত মনোনয়ন দাখিলৰ অন্তিম তাৰিখ। ২২ আগষ্টত মনোনয়নৰ তদন্ত আৰু ৯ ছেপ্টেম্বৰত ভোটগ্ৰহণ আৰু গণনা কৰা হ’ব। সংসদৰ দুয়োটা সদনৰ সদস্যৰে গঠিত এখন নিৰ্বাচনী মণ্ডলীৰ দ্বাৰা উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন কৰা হয়। এই নিৰ্বাচন আনুপাতিক প্ৰতিনিধিত্ব ব্যৱস্থা আৰু একক হস্তান্তৰযোগ্য ভোট পদ্ধতি ব্যৱহাৰ কৰি অনুষ্ঠিত কৰা হয়। ইয়াত ভোটাৰসকলে প্ৰাৰ্থীৰ নামৰ সন্মুখত ১, ২, ৩, ৪, ৫ আদি নম্বৰ দি নিজৰ পছন্দৰ ক্ৰম সূচায়। গোপন বেলট পেপাৰৰ জৰিয়তে ভোটদান কৰা…
Read More
ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাক মৃ*ত আখ্যা ৰাহুল গান্ধীৰ

ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাক মৃ*ত আখ্যা ৰাহুল গান্ধীৰ

বিগত ১০ দিনত তৃতীয়বাৰৰ বাবে ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগক লক্ষ্য আক্ৰমণ কৰিছে। শনিবাৰে ৰাহুল গান্ধীয়ে ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাক মৃত আখ্যা দিয়ে। আমি আগন্তুক দিনত প্ৰমাণ কৰিম যে কেনেকৈ লোকসভা নিৰ্বাচনত বিসংগতি কৰিব পাৰি আৰু কৰা হৈছে। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সংখ্যাগৰিষ্ঠতা অতি কম। যদি ১০-১৫খন আসনতো বিসংগতি নহ’লহেঁতেন তেন্তে তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নহ’লহেঁতেন। দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত বাৰ্ষিক আইনী সন্মিলন- ২০২৫ত এই দাবী কৰে ৰাহুল গান্ধীয়ে। ইয়াৰ পূৰ্বে ৰাহুলে ১ আগষ্টত নিৰ্বাচন আয়োগে ভোট চুৰি কৰা বুলি অভিযোগ কৰিছিল। আমাৰ হাতত এটা পৰমাণু বোমা আছে। বিস্ফোৰণ হ’লে নিৰ্বাচন আয়োগ বাচি নাথাকিব। শনিবাৰে ৰাহুলৰ এই বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।…
Read More
২৯ আগষ্টত অসম ভ্ৰমণলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ

২৯ আগষ্টত অসম ভ্ৰমণলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ

অহা ২৯ আগষ্টত অসম ভ্ৰমণলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। এই ভ্ৰমণত তেওঁ নৱনিৰ্মিত ৰাজভৱন উদ্বোধন কৰিব। শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তথ্য প্ৰদান কৰে। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে নতুন ৰাজভৱন উদ্বোধন কৰাৰ পিছত এন ডি এৰ নৱনিৰ্বাচিত পঞ্চায়ত সদস্যসকলৰ অধিৱেশনত অংশগ্ৰহণ কৰিব, যিসকলক এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হব। সন্ধিয়া তেওঁ নতুন দিল্লীলৈ যাত্ৰা কৰাৰ পূৰ্বে অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ শুভাৰম্ভণি কৰিব।
Read More
ফটাশিল বজাৰত মৃতদেহ উদ্ধাৰ

ফটাশিল বজাৰত মৃতদেহ উদ্ধাৰ

মহানগৰীৰ ভৰলুমুখ আৰক্ষী থানাৰ অন্তৰ্গত ফটাশিল বজাৰত ২৯ জুলাইৰ দিনা বিয়লি এটা মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। প্ৰায় ৪৫ বছৰ বয়সৰ নীলা জিনচ পেণ্ট লোকজনক তাত পাপু নামেৰে পৰিচিত আছিল যদিও এই পৰ্যন্ত তাৰ কোনো আত্মীয় - স্বজনক বিচাৰি পোৱা হোৱা নাই । জানিব পৰা মতে বিয়লি ৩.৩০ বজাত লোকজনক ফটাশিল বজাৰত মৃত অৱস্থাত প্ৰত্যক্ষ কৰি কোনো লোকে ভৰলুমুখ আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষীৰ এটা দল আহি মৃতদেহটো উদ্ধাৰ কৰে । ৩০ জুলাইত মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ মৃতদেহটো প্ৰেৰণ কৰা হয় । আনহাতে মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহটো ৭২ ঘন্টাৰ চিনাক্তকৰণৰ বাবে মৰ্গত ৰখা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে…
Read More
ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰি পাকিস্তানৰে চুক্তি সাক্ষৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰি পাকিস্তানৰে চুক্তি সাক্ষৰ আমেৰিকাৰ

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক ঘোষণা কৰাৰ মাত্ৰ কেইঘণ্টামানৰ পাছতে পাকিস্তানৰ সৈতে তেঁওলোকৰ তেলৰ ভাণ্ডাৰ বিকাশৰ বাবে চুক্তি সম্পূৰ্ণ কৰে। ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত লিখিছে যে আমেৰিকাই  পাকিস্তানৰ সৈতে চুক্তি সম্পূৰ্ণ কৰিছে। ইয়াৰ অধীনত দুয়োখন দেশে মিলি পাকিস্তানৰ বৃহৎ তেলৰ মজুত প্ৰক্ৰিয়া গঢ়ি তুলিব। এই চুক্তিৰ সন্দৰ্ভত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ইনষ্টাগ্ৰামত লিখিছে-আমেৰিকা-পাকিস্তানৰ ঐতিহাসিক বাণিজ্য চুক্তি চূড়ান্ত কৰাৰ ক্ষেত্ৰত নেতৃত্বৰ ভূমিকা লোৱাৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পক মই সম্পূৰ্ণ হৃদয়েৰে ধন্যবাদ জনাইছো। বুধবাৰে ভাৰতৰ সৈতে চলি থকা বাণিজ্যিক চুক্তিৰ আলোচনাৰ সময়ত ট্ৰাম্পে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক ঘোষণা কৰিছিল। তেওঁ ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতক পেনাল্টি আৰোপ…
Read More
ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ সামৰণি ; কৰ্মফল নাট মঞ্চস্থ

ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ সামৰণি ; কৰ্মফল নাট মঞ্চস্থ

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখস্থিত অগ্ৰণী নাট্য গোষ্ঠী 'অঙ্গনা'ই বিগত বৰ্ষৰ দৰে এইবেলিও ১০ জুলাইৰ পৰা  ১৫ দিনীয়া  কাৰ্যসূচীৰে অনুষ্ঠিত গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ ২৫ জুলাইত  সামৰণি পৰে। ১৫ দিনীয়া নাট কৰ্মশালাখন জালুকবাৰী সমষ্টিৰ অন্তৰ্গত আজাৰা ৰাজহ চক্ৰ এলেকাৰ ধাৰাপুৰ চাৰিআলিস্থিত  ভৱেন ঠাকুৰীয়া কমপ্লেক্সত  ১০ জুলাইৰ দিনা  শুভ উদ্বোধন কৰা হয়। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে  কামৰূপ মহানগৰ জিলাৰ সহকাৰী আয়ুক্ত নৱজ্যোতি নাথ ,  বিজেপিৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি  তপন চন্দ্ৰ দাস ,  ১নং ৰাণী চাপৰি জিলা পৰিষদৰ সদস্য কুশল দাসে  ভাগ লৈ শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে। আনহাতে ৰাষ্ট্ৰীয় নাট্য…
Read More
এইবাৰ মেঘালয়ত ৫৬ শতাংশ কম বৰষুণ

এইবাৰ মেঘালয়ত ৫৬ শতাংশ কম বৰষুণ

উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য মেঘালয়, যাৰ অৰ্থ হৈছে ‘মেঘৰ বাসস্থান’। বিশ্বৰ সৰ্বাধিক বৰষুণৰ পৰা ঠাই মৌচিনৰাম আৰু চেৰাপুঞ্জিৰ বাবে ৰাজ্যখন বিখ্যাত। ইয়াৰ ৮৩ শতাংশ জনসংখ্যা বৰষুণেৰে খেতি কৰা কৃষিৰ ওপৰত নিৰ্ভৰশীল। কিন্তু শেহতীয়া বাৰিষা আৰু দীৰ্ঘম্যাদী বৰষুণৰ ধাৰালৈ চাই এতিয়া ৰাজ্যখনৰ নাম পুনৰ বিবেচনা কৰাৰ প্ৰয়োজন হৈছে। এই পৰিস্থিতি কেৱল জীৱিকাৰ প্ৰতি ভাবুকি নহয় বৰঞ্চ জল সুৰক্ষাৰ ক্ষেত্ৰতো গুৰুতৰ চিন্তাৰ বিষয় হৈ পৰিছে। ২০২৫ চনৰ দক্ষিণ-পশ্চিম বাৰিষাৰ বাবে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত মেঘালয়ত সৰ্বাধিক বৰষুণৰ ঘাটি (৫৬ শতাংশ) হৈছে। আনকি তুলনামূলকভাৱে খৰাং ৰাজ্য ঝাৰখণ্ডতো এইবাৰ মেঘালয়তকৈ অধিক বৰষুণ হৈছে। দৰাচলতে ২০২৫ চনৰ বাৰিষাত মুঠ সাতখন ৰাজ্য…
Read More
গৌৰৱ গগৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন মুখ্যমন্ত্ৰীৰ

গৌৰৱ গগৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে অতি গুৰুতৰ অভিযোগ উত্থাপন কৰে। কিন্তু মুখ্যমন্ত্রীয়ে গৌৰৱ গগৈৰ নাম পোনপটীয়াকৈ নোলোৱাকৈ লোকসভা সমষ্টিৰ কথা উল্লেখ কৰি তেওঁক লক্ষ্য কৰি লয়৷ মুখ্যমন্ত্ৰী ড০ শৰ্মাই মঙলবাৰে ছ’চিয়েল মিডিয়া এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি গৌৰৱ গগৈক অসমৰ বাবে অপমানজনক বুলি আখ্যা দিয়ে। সোমবাৰে সংসদত আমাৰ ৰাজ্যৰ সাংসদগৰাকীয়ে দিয়া ভাষণে তেওঁ যে পাকিস্তানৰ হৈ কাম কৰে সেয়া নিঃসন্দেহে প্রমাণ কৰিছে বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰিছে৷ তেওঁৰ গোপন ভ্ৰমণ আৰু পাকিস্তানী শাসকৰ সৈতে ঘনিষ্ঠ সম্পৰ্কই বহু কথাই কয়। যিহেতু তেওঁৰ পত্নী আৰু দুয়োটা সন্তানৰ বিদেশী নাগৰিকত্ব আছে, সেয়েহে তেওঁ…
Read More