09
Aug
আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজত দশক দশক ধৰি চলি অহা সংঘাতৰ অন্ত পেলাবলৈ শুকুৰবাৰে হোৱাইট হাউছত শান্তি চুক্তি স্বাক্ষৰিত হয়। দুয়োখন দেশৰ মাজত শান্তি চুক্তি স্বাক্ষৰ ড'নাল্ড ট্ৰাম্পৰ মধ্যস্থতাত হয়। এই চুক্তিৰ পিছতে আজাৰবাইজানৰ ৰাষ্ট্ৰপতি ইলহাম আলিয়েভ আৰু আৰ্মেনিয়াৰ প্ৰধানমন্ত্ৰী নিকল পাছিনিয়ানে হাত মিলাই। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এই মুহূৰ্তক এক ঐতিহাসিক পৰিঘটনা বুলি অভিহিত কৰে। এই চুক্তিৰ বিষয়ে ট্ৰাম্পে কয় যে ইয়াৰ বাবে বহু সময় লাগিছিল। এই চুক্তিৰ জৰিয়তে দুয়োখন দেশৰ মাজত কিছুমান গুৰুত্বপূৰ্ণ পৰিবহণ পথ পুনৰ মুকলি হোৱাৰ লগতে অঞ্চলটোত আমেৰিকাৰ প্ৰভাৱ বৃদ্ধি পাব।১৯৮০ আৰু নব্বৈৰ দশকত আজাৰবাইজানৰ আৰ্মেনিয়ান মূলৰ অঞ্চল নাগৰ্নো-কাৰাবাখক লৈ আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজত যুদ্ধ হৈছিল আৰু তেতিয়াৰ…
