অসম

জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যত নাম সাঙোৰ খাইছে অভিনেত্ৰী নিশিতা গোস্বামীৰ

জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যত নাম সাঙোৰ খাইছে অভিনেত্ৰী নিশিতা গোস্বামীৰ

জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যত নাম সাঙোৰ খাইছে অভিনেত্ৰী নিশিতা গোস্বামীৰ। কিয়নো সেই সময়ত এইগৰাকী অভিনেত্ৰীও ছিংগাপুৰত আছিল। কিন্তু এতিয়ালৈকে তেওঁ মৌনতা অৱলম্বন কৰি আছে। অসমৰ হেঁপাহৰ শিল্পী জুবিন গাৰ্গে। কিন্তু এই মৃত্যু যেন এতিয়াও মানি ল’ব পৰা নাই অসমবাসীয়ে। কিয়নো জুবিন গাৰ্গৰ মৃত্যুৰ পূৰ্বৰ যিসমূহ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে সেইসমূহে এতিয়া তেওঁৰ মৃত্যু অধিক ৰহস্যৰ মাজলৈ ঠেলি দিছে।অসমৰ প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুত নাম সাঙোৰ খাইছে শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী, সঞ্জীৱ নাৰায়ণ, নিশিতা গোস্বামী আদিৰ। এতিয়ালৈকে এই বিষয়টোৰ ওপৰত বহু অভিযুক্তই কোনো মত প্ৰকাশ কৰা নাই। কিন্তু আশ্চৰ্যজনকভাৱে নিশিতা গোস্বামীয়েও এই বিষয়টোত মৌনতা অৱলম্বন কৰি আছে। কিন্তু সত্য…
Read More
জুবিন অনুৰাগীয়ে গ্ৰহণ কৰিছে চৰম পন্থা

জুবিন অনুৰাগীয়ে গ্ৰহণ কৰিছে চৰম পন্থা

জুবিন গাৰ্গৰ মৃত্যুই এতিয়াও শোকস্তব্ধ কৰি ৰাখিছে ৰাজ্য। ইয়াৰ মাজতে পোহৰলৈ আহিছে এক ডাঙৰ খবৰ। জানিব পৰা মতে এজন জুবিন অনুৰাগীয়ে গ্ৰহণ কৰিছে চৰম পন্থা।জুবিন দাৰ বিৰহত শৰাইঘাটত জাপ দিলে এজনে। আমিনগাঁৱৰ পৰা জালুকবাৰী অহা দিশত পৰা দুশ মিটাৰৰ পৰিসীমাত দলঙৰ ওপৰৰ পৰা জাপ দিয়ে জুবিন অনুৰাগী গৰাকীয়ে। এই সময়চোৱাত তেওঁ নিজ নিজক কাপোৰ, পইচা আদি ফালি পানীত জাপ দিয়ে।জানিব পৰা মতে, জাপ দিয়াৰ পূৰ্বে যুৱকজনে “জুবিন দাই যেতিয়া নাই আমি থাকি কি কৰিম? জয় জুবিন দা” বুলি কৈ জাপ দিয়ে ব্ৰহ্মপুত্ৰৰ বুকুত। এই ঘটনাৰ পাছত লগে লগে পাণ্ড নদী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।শুৱালকুছিৰ দাঁতিত থকা…
Read More
অসমত নিষিদ্ধ শ্যামকানু মহন্তৰ সকলো অনুষ্ঠান

অসমত নিষিদ্ধ শ্যামকানু মহন্তৰ সকলো অনুষ্ঠান

হাৰ্ট'থ্ৰব জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ পিছতেই কঠোৰ হৈছে অসম চৰকাৰ। অসম চৰকাৰে নিষিদ্ধ ঘোষণা কৰিলে জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ যোৱা বিতর্কিত শ্যামকানু মহন্ত আৰু তেওঁৰ প্ৰতিষ্ঠানৰ সকলো অনুষ্ঠান। সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে পুৱা সামাজিক মাধ্যমযোগে ঘোষণা কৰে এইদৰে ৰাজ্য চৰকাৰে শ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে সম্পর্কিত যিকোনো সংস্থাক অসমৰ ভিতৰত কোনো ধৰণৰ অনুষ্ঠান বা উৎসৱ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। তদুপৰি, ৰাজ্য চৰকাৰেও তেওঁৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে যিকোনো অনুষ্ঠানৰ সৈতে জড়িত কোনো অনুষ্ঠানলৈ কোনো ধৰণৰ আৰ্থিক অনুদান, বিজ্ঞাপন বা পৃষ্ঠপোষকতা প্ৰদান নকৰে।
Read More
১৬ বছৰ আগতে দীপৰ বিলৰ পাৰত জুবিন গাৰ্গৰ ৰুমাল নামৰ গীতৰ শ্বুটিঙৰ স্মৃতি ৰোমন্ঠন কৰিলে চকৰ্দো কলিতা পাৰাবাসীয়ে

১৬ বছৰ আগতে দীপৰ বিলৰ পাৰত জুবিন গাৰ্গৰ ৰুমাল নামৰ গীতৰ শ্বুটিঙৰ স্মৃতি ৰোমন্ঠন কৰিলে চকৰ্দো কলিতা পাৰাবাসীয়ে

ভাৰত ৰত্ন, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ দৰে জুবিন গাৰ্গেও প্ৰাকৃতিক ভাল পাইছিল। ভূপেন হাজৰিকাৰ দৰে জুবিন গাৰ্গৰ গীতত গুৱাহাটীৰ দীপৰ বিলৰ কথা উল্লেখ আছে। আনকি জুবিন গাৰ্গৰ অন্যতম জনপ্ৰিয় আৰু কালজয়ী গীত হিচাপে পৰিগণিত হোৱা ৰুমাল নামেৰ গীতটোৰ ভিডিঅ শ্বুটিং ২০০৯ চনৰ জানুৱাৰী মাহত দীপৰ বিলৰ পাৰত কৰা হৈছিল। জানুৱাৰী মাহৰ কোনো এটা দিনত পুৱাৰে পৰা সন্ধিয়া আন্ধাৰ হোৱাৰ আগলৈকে গীতটোৰ শ্বুটিং কৰা হৈছিল বৰ্তমানৰ পক্ষী নিৰীক্ষণ স্তম্ভ তথা ৱাচিং টাৱাৰৰ পৰা ৰেলৱে দলং হৈ চকৰ্দো কলিতাপাৰাৰ সমীপলৈকে । সেই কথাৰ স্মৃতি ৰোমন্ঠন  কৰি শিল্পী গৰাকীৰ অকাল মৃত্যুত আবেগিক হৈ পৰিছে চকৰ্দো কলিতাপাৰাৰ একাংশ বাসিন্দা। এই সন্দৰ্ভত চকৰ্দো কলিতাপাৰাৰ বাসিন্দা…
Read More
নামঘৰৰ পুনৰ নিৰ্মাণত সহযোগিতা আগবঢ়াবলৈ অসম চৰকাৰক আহ্বান ; সাংস্কৃতিক বিনিময় কাৰ্যসূচী

নামঘৰৰ পুনৰ নিৰ্মাণত সহযোগিতা আগবঢ়াবলৈ অসম চৰকাৰক আহ্বান ; সাংস্কৃতিক বিনিময় কাৰ্যসূচী

অসমৰ জনজীৱনত  গুৰুত্বপূৰ্ণ মাহ হিচাপে পৰিগণিত হৈ অহা ভাদ মাহত হৰি নামেৰে মুখৰিত হৈ থাকে অসমৰ  সত্ৰ আৰু নামঘৰ সমূহ । আনকি গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰ বিমানবন্দৰৰ পৰা প্ৰায় ৪০ কিঃমিঃ নিলগৰ  চুবুৰীয়া মেঘালয়ৰ ৰি-ভয় জিলাৰ মহকুমা সদৰ পাথাৰখামা চহৰৰ পৰা মাত্ৰ ২ কিঃমিঃ নিলগত থকা তথা জিৰাং বিধানসভা সমষ্টিৰ অন্তৰ্গত বাৰেগাওঁ আৰু উমচাও নামৰ গাওঁ দুখনত ২৫০ ঘৰ ৰাভা জনগোষ্ঠীৰ লোক বসবাস কৰি আহিছে।  পৰিস্থিতিৰ তাগিদাত পৰি বহিঃ ৰাজ্যত থাকিলেও তাৰ বাসিন্দা সকলে এতিয়াও শিপা এৰি দিয়া নাই ।  অবিভক্ত অসমত থকাৰ সময়তে  তাত স্থাপন কৰা হৈছিল শ্ৰী শ্ৰী কলীয়া ঠাকুৰ নামঘৰ আৰু মন্দিৰ।  নামঘৰ পৰিচালনা কমিটীৰ  সভাপতি সুৰেন…
Read More
Soul” তথ্য চলচ্চিত্র মহোৎসর

Soul” তথ্য চলচ্চিত্র মহোৎসর

ভূমিৰ লগত জন্মৰ পৰ্য মৃত্যুলৈকে প্রত্যেকজন মানুষৰ এক এৰাব নোৱাৰা সম্পর্ক থাকে। প্রত্যেক ধর্ম বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক জীৱনৰ বিশেষ মুহূর্তত আমি ভূমিক স্মৰণ কৰোঁ। গৃহ নির্মাণ, কৃষি কর্ম, নতুন বারানায়, আদি শুভ কামৰ আৰৱণিত ভূমিক স্মৰণ কৰা হয়। নর জাতকৰ আগমন, বিবাহৰ শুভক্ষণ আদি মাংগলিক অনুষ্ঠানত ভূমিৰ প্রতি সম্মান প্রদর্শন কৰা হয়। এইদৰে বিভিন্ন জাতি-জনকান্তি সম্প্রদায়ৰ সমাজ ব্যৱস্থাত তিন তিন পদ্ধতি, পৰম্পৰাগত ৰীতি-নীতিৰে ভূমিৰ প্রতি সম্মান প্রদর্শন বা কৃতজ্ঞতা প্রকাশ কথা হয়। প্রচলিত জনবিশ্বাস বা ধর্মীয় বীতি-নীতিৰে ঋতু পৰিবৰ্তনৰ লগে লগে প্রকৃতিৰ বিভিন্ন ৰূপত আমি উপাসনা কৰোঁ। প্ৰকৃতিৰ এক অলৌকিক শক্তিয়ে সময় জীবকূলক পৰিচালিত কৰে। এই প্রকৃতিৰ শক্তিষ আধাৰস্বৰূপ সূৰ্য্য,…
Read More
পুনৰ ক্ৰিকেট এছ’চিয়েশ্যন অৱ বেংগলৰ সভাপতি হোৱাৰ পথত সৌৰভ গাংগুলী

পুনৰ ক্ৰিকেট এছ’চিয়েশ্যন অৱ বেংগলৰ সভাপতি হোৱাৰ পথত সৌৰভ গাংগুলী

ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা বি চি চি আইৰ প্ৰাক্তন সভাপতি সৌৰভ গাংগুলীয়ে পুনৰবাৰ ক্ৰিকেট এছ’চিয়েশ্যন অৱ বেংগলৰ সভাপতি হ’ব পাৰে। তেওঁ কেবৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰিছে। তেওঁৰ বিৰুদ্ধে আন কোনো প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰা নাই। এনে পৰিস্থিতিত ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া  নিৰ্বাচনত তেওঁ নিজৰ জ্যেষ্ঠ ভাতৃ স্নেহাশিশ গাংগুলীৰ ঠাইত সভাপতি হ'ব বুলি আশা কৰা হৈছে। দেওবাৰে এক বিবৃতিত গাংগুলীয়ে কয়, সকলোকে সহায়ৰ বাবে ধন্যবাদ জনাইছো। ক্ৰিকেট এছ’চিয়েশ্যন অৱ বেংগলত কোনো বিৰোধিতা নাই। সকলোৱে এই সংঘৰ অংশ। আমি একেলগে ক্ৰিকেট এছ’চিয়েশ্যন অৱ বেংগল আৰু বংগ ক্ৰিকেটক আগুৱাই লৈ যাম। আগন্তুক ছিজনত ইডেন গাৰ্ডেনছত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট মেচ,…
Read More
মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডি ডি লাপাঙৰ মৃত্যু

মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডি ডি লাপাঙৰ মৃত্যু

মেঘালয়ৰ চাৰিবাৰৰ মুখ্যমন্ত্ৰী ডি ডি লাপাঙৰ মৃত্যু ঘটিছে। চিকিৎসালয়ত তেওঁৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে।লাপাঙে (৯৩) ইহ সংসাৰত পত্নী এমেথিষ্ট লিণ্ডা জ’নছ ব্লাহ আৰু দুটা সন্তানক এৰি থৈ যায়। খবৰ অনুসৰি সোমবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী লাপাঙক সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে দাহ কৰা হ’ব। দীৰ্ঘদিন ধৰি বয়সৰ লগত জড়িত ৰোগত আক্ৰান্ত হৈ থকা লাপাঙে শুকুৰবাৰে সন্ধিয়া চিকিৎসালয়ত মৃত্যুক সাৱটি লয় বুলি পৰিয়ালে জানিবলৈ দিয়ে। লাপাঙৰ মৃত্যুৰ সময়ত চিকিৎসালত উপস্থিত আছিল প্ৰাক্তন সাংসদ তথা কংগ্ৰেছ নেতা ভিনচেণ্ট এইচ পালা। বিভিন্ন নেতা-সাধাৰণ লোককে ধৰি সকলো শ্ৰেণীৰ লোকে লাপাঙক চিকিৎসালয়ত আৰু পিছলৈ নংপোহৰ বাসগৃহত শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হয়। ১৯৩২ চনৰ ১০ এপ্ৰিলত জন্মগ্ৰহণ কৰা…
Read More
কাঁহিকুছিত তিনিদিনীয়া কাঠফুলা প্ৰশিক্ষণ শিবিৰৰ সামৰণি

কাঁহিকুছিত তিনিদিনীয়া কাঠফুলা প্ৰশিক্ষণ শিবিৰৰ সামৰণি

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপ চৌহদত এছ এ এম ই টি আয়ে কাঠফুলা বা মাশ্বৰুম খেতি  উৎপাদন কৰি আৰ্থিকভাবে স্বাবলম্বী হব পাৰে তাৰ বাবে  বছৰযোৰা প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছে। ইয়াৰ অংশ হিচাপে এছ এ এম ই টি আই   সঞ্চালকালয়ৰ উদ্যোগত আৰু কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ তত্বাৱধানত কাঠফুলা খেতিৰ এক  তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। শিবিৰত বৈজ্ঞানিক পদ্ধতিৰে  কাঠফুলা বা  মাশ্বৰুমৰ খেতি  কৰি  উৎপাদন বৃদ্ধিৰে কিদৰে আৰ্থিকভাবে লাভবান হব পাৰি তাৰ প্ৰশিক্ষণ  দিয়া হয়। ৪ ছেপ্টেম্বৰত  প্ৰশিক্ষণৰ উদ্বোধনী অনুষ্ঠানত মুখ্য  অতিথি হিচাপে ভাগ লৈ এছ এ এম ই টি আই ( SAMETI )  ৰ সঞ্চালক  ৰাজীৱ কুমাৰ…
Read More
নগাঁওত ১৭ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে ‘মানুহে মানুহৰ বাবে’ গীত গাই ৰচিলে অভিলেখ

নগাঁওত ১৭ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে ‘মানুহে মানুহৰ বাবে’ গীত গাই ৰচিলে অভিলেখ

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে নগাঁও জিলাত ১৭ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে তেওঁৰ বিখ্যাত গীত ‘মানুহে মানুহৰ বাবে’ গীতটি সামূহিকভাৱে গাই ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নিজৰ নাম অন্তৰ্ভূক্ত কৰে। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত বুধবাৰে সন্ধিয়া নুৰুল আমিন ষ্টেডিয়ামত জিলাখনৰ ৬৩খন শিক্ষানুষ্ঠান (বিদ্যালয় আৰু মহাবিদ্যালয়)ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এই উপলক্ষে সুনীতা কেদিয়াৰ নেতৃত্বত ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ (আই বি আৰ)ৰ দলটোৱে এই অনুষ্ঠানত আনুষ্ঠানিকভাৱে ৰেকৰ্ডিং কৰে। পিছত নগাঁৱৰ উপ আয়ুক্ত দেৱাশীষ শৰ্মাক এখন প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। এই উপলক্ষে নগাঁৱ আৰু ৰহাৰ বিজেপি বিধায়ক ৰূপক শৰ্মা আৰু শশীকান্ত দাস, নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিতেশ ডেকা, জ্যেষ্ঠ বিষয়া, বিশিষ্ট শিল্পী আৰু…
Read More