22
Oct
আলিগড় মুছলিম বিশ্ববিদ্যালয় পুৰণি ছাত্ৰ সংঘ (AMUOBA) ৰ এলামনাই এছ’চিয়েছন, অসমৰ উদ্যোগত গুৱাহাটীৰ টাউন ক্লাবৰ সভাগৃহত ছইদ দিৱসৰ লগতে ছইদ আহমদ খানৰ ২০৮ সংখ্যক জন্মজয়ন্তী উদযাপন কৰা হয়। এই উপলক্ষে সংঘৰ সভাপতি আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে সংঘৰ সাধাৰণ সম্পাদক খালিদ উমৰে। আনহাতে অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে ভাগ লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰযুক্তি অনুষদৰ ডীন তথা ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক অধ্যাপক শিখৰ কুমাৰ শৰ্মাই ভাষণ প্ৰসংগত ছইদ আহমদ খানে ভাৰতীয় আধুনিক শিক্ষা আন্দোলনত আগবঢ়োৱা ভূমিকা আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ দ্বাৰা গঢ়ি উঠা প্ৰগতিশীল চিন্তাধাৰাৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানত সংঘৰ…
