অসম

লখিমপুৰত ব্যৱসায়ীৰ পৰা দুৰ্বৃত্তই লুটি লৈ গ’ল আঢ়ৈ লাখ টকা…

লখিমপুৰত ব্যৱসায়ীৰ পৰা দুৰ্বৃত্তই লুটি লৈ গ’ল আঢ়ৈ লাখ টকা…

লখিমপুৰৰ বিহপুৰীয়াত বুধবাৰে নিশা প্ৰায় ৮ বজাত দুৰ্বৃত্তই ছুৰী দেখুৱাই ব্যৱসায়ীৰ পৰা লুটি লৈ গ’ল ২.৫ লাখ টকা। গাড়ী আৰু চাইকেলেৰে আহি পাঁচজন দুৰ্বৃত্তই সংঘটিত কৰে এই অপৰাধ। বিহপুৰীয়াৰ আমগুৰি স্থানীয় ত্ৰিনয়ন মন্দিৰৰ সমীপত সংঘটিত হৈছে এই ঘটনা। সূত্ৰ অনুসৰি সুজিত পল নামৰ যুৱকজনে প্ৰসাধন সামগ্ৰীৰ ব্যৱসায় চলাই আছে। লালুক আৰু বঙালমাৰা স্থানীয় অঞ্চলত সাপ্তাহিক সংগ্ৰহ কৰি বিহপুৰীয়ালৈ উভতি আহি থকা অৱস্থাত এখন গাড়ী আৰু দুচকীয়া বাহনে তেওঁক আগভেটি ধৰে। সংবাদ মাধ্যমৰ আগত ভুক্তভোগীয়ে জনোৱা মতে, ডকাইতৰ দলটোৱে আন এখন চাৰিচকীয়া বাহন পথৰ মাজত ৰখাই তেওঁৰ গাড়ীখন ৰখাই দিয়ে আৰু নগদ ২.৫ লাখ টকা লুটি লৈ গ’ল। ইফালে আৰক্ষীয়ে ঘটনাস্থলীত…
Read More
আৰক্ষীৰ জিম্মাৰ পিছত জে’ললৈ প্ৰেৰণ গুৱাহাটী ডাবল মাৰ্ডাৰ কাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিতাক…

আৰক্ষীৰ জিম্মাৰ পিছত জে’ললৈ প্ৰেৰণ গুৱাহাটী ডাবল মাৰ্ডাৰ কাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিতাক…

গুৱাহাটীৰ দ্বৈত হত্যাকাণ্ডৰ প্ৰধান অভিযুক্ত বন্দনা কলিতাক অৱশেষত কেইবাদিনো আৰক্ষীৰ জিম্মাত থকাৰ পাছত জেললৈ প্ৰেৰণ কৰা হ’ল। ইয়াৰ পূৰ্বে ২৭ ফেব্ৰুৱাৰীত ডাবল হত্যাকাণ্ডৰ গোচৰৰ তিনি অভিযুক্তক আৰু চাৰিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। অধিক প্ৰমাণ সংগ্ৰহৰ বাবে অভিযুক্ত বন্দনা কলিতা, অৰূপ ডেকা আৰু ধনজিৎ ডেকাক আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰা হয়। এই পৰ্যন্ত আৰক্ষীয়ে মেঘালয়ত দুটাকৈ তালাচী অভিযান চলাই মৃতদেহৰ অৱশিষ্ট বিচাৰি উলিয়াইছে। অংশসমূহ উদ্ধাৰৰ বাবে ৰাজ্যত পুনৰ অভিযান চলোৱাৰ সম্ভাৱনা আছে। ২৬ ফেব্ৰুৱাৰীত বন্দনা কলিতাৰ গোচৰৰ সন্দৰ্ভত পানবজাৰৰ সদৌ মহিলা আৰক্ষী থানাত ঘণ্টাৰ পিছত ঘণ্টা জেৰা কৰা হৈছিল। এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ তদন্ত কৰি থকা নুনমাটি আৰক্ষীৰ এটা দলে আৰক্ষীক…
Read More
টোলগেটত যাত্ৰীক প্ৰহাৰৰ অভিযোগত ৰহাত ৩ কৰ্মচাৰীক আটক

টোলগেটত যাত্ৰীক প্ৰহাৰৰ অভিযোগত ৰহাত ৩ কৰ্মচাৰীক আটক

অসম আৰক্ষীয়ে যোৱা ২ মাৰ্চত ৰহা টোলগেটত যাত্ৰীক প্ৰহাৰ কৰাৰ অভিযোগত আটক কৰিছে ৩ জন কৰ্মচাৰীক। আটকাধীন যুৱককেইজনৰ নাম শংকৰ কুমাৰ, বিপুল বৰদলৈ, আৰু জয়ন্ত গগৈ বুলি জানিব পৰা গৈছে। অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ঘটনাৰ খবৰ লৈ নগাঁও আৰক্ষীক দোষীৰ বিৰুদ্ধে বৈধ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতে এই ঘটনা সংঘটিত হৈছে। অসমৰ ডিজিপিৰ নিৰ্দেশমৰ্মে কাম কৰি নগাঁও আৰক্ষীয়ে আটক কৰে তিনিজন অভিযুক্তক। যোৱা ২৮ ফেব্ৰুৱাৰীত সংঘটিত হোৱা এই ঘটনাত টোলগেটৰ কৰ্মচাৰীয়ে তেওঁলোকৰ মাজত হোৱা সামান্য কাজিয়াত প্ৰহাৰ কৰাৰ ফলত কমেও তিনিজন লোক আহত হৈছিল। সূত্ৰ অনুসৰি, তিনিজন ব্যক্তিয়ে ৰহা টোলগেট পাৰ হৈ যোৱাৰ সময়তে টোলগেটৰ কৰ্মচাৰীয়ে…
Read More
বোকাজানত ১৫ কোটি মূল্যৰ ড্ৰাগছসহ জব্দ সৰবৰাহকাৰী…

বোকাজানত ১৫ কোটি মূল্যৰ ড্ৰাগছসহ জব্দ সৰবৰাহকাৰী…

কাৰ্বি আংলং আৰক্ষীয়ে পুনৰবাৰ বোকাজানত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক কৰে এজন ব্যৱসায়ীক। বাছৰ পৰা নামি থকা অৱস্থাত আৰক্ষীয়ে বেপাৰীজনক আটক কৰি প্ৰায় ৫ কেজি ব্ৰাউন চুগাৰ জব্দ কৰে। প্ৰায় ১৫ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ হৈছে ব্যক্তিজনৰ বেগৰ ভিতৰত। ইফালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই টুইটাৰৰ জৰিয়তে অসম আৰক্ষীৰ অতি সতর্কতা আৰু অধ্যৱসায়ৰ প্রচেষ্টাক শলাগ লয়৷
Read More
বোকাখাতত একেখন বাহনেই সংঘটিত কৰিলে দুটা দুৰ্ঘটনা, কণমানিৰ মৃত্যু…

বোকাখাতত একেখন বাহনেই সংঘটিত কৰিলে দুটা দুৰ্ঘটনা, কণমানিৰ মৃত্যু…

বোকাখাতৰ লখৌজান আৰু লতাবাৰীত পথ দুৰ্ঘটনা৷ একেখন গাড়ীয়েই দুৰ্ঘটনা সংঘটিত কৰিলে দুটা স্থানত৷ দুবছৰীয়া এগৰাকী কণমানি নিহত হোৱাৰ লগতে গাড়ীখনৰ চালকসহ চাৰিজন আহত হয়৷ নিহত কণমানিজনীৰ নাম আলিচা বেগম (২)। আহত হয় তচলিমা বেগম (২৫), আতিকুৰ ৰহমান (২০) চালক, পদ্মেশ্বৰ পেগু (২২) আৰু ৰঞ্জিত চাওতাল (৩০)। AS 01 BS 6888 গাড়ীখনে লখৌজানত দুজনক খুন্দিয়াই আহি লতাবাৰীত কণমানিজনীক খুন্দিয়াই নিহত কৰাৰ লগতে মাতৃক আহত কৰে৷
Read More
হাইলাকান্দিত ৩০০ গ্ৰাম হেৰ’ইনসহ ৩ জনক আটক, উদ্ধাৰ নগদ ধনো…

হাইলাকান্দিত ৩০০ গ্ৰাম হেৰ’ইনসহ ৩ জনক আটক, উদ্ধাৰ নগদ ধনো…

হাইলাকান্দি আৰক্ষীয়ে সোমবাৰে ৩০০ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন জব্দ কৰাৰ লগতে তিনিজন লোকক আটক কৰে। খবৰ অনুসৰি, ধলেশ্বৰী নদীত আৰক্ষীয়ে অভিযান চলাই ৰামনাথপুৰ থানাৰ অন্তৰ্গত ধলেশ্বৰী ফেৰী ঘাটৰ সীমান্তৱৰ্তী অসম-মিজোৰামত এখন নাওৰ পৰা ৪২টা কণ্টেইনাৰ জব্দ কৰে। হেৰ’ইনৰ লগতে আৰক্ষীয়ে নাওখনৰ পৰা চোকা অস্ত্ৰ-শস্ত্ৰ আৰু নগদ ১ লাখ নগদ ধনো জব্দ কৰে। ধৃত লোককেইজন হৈছে মনিৰ উদ্দিন লস্কৰ, আলতা হুছেইন তাপাদাৰ আৰু আহাদ উদ্দিন লস্কৰ। বিষয়টোক লৈ এতিয়াও তদন্ত অব্যাহত আছে। ইয়াৰ পূৰ্বে দেওবাৰে হাইলাকান্দি জিলাৰ বঙালপুৰ গাঁৱৰ পৰা ১ কোটি টকাৰ সন্দেহযুক্ত হেৰ’ইন জব্দ কৰে যদিও বেপাৰীক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হয়।
Read More
যোৰহাটত খুলশালীয়েকক নৃশংসভাৱে হত্যা ভিনিহিয়েকৰ, গ্ৰেপ্তাৰ

যোৰহাটত খুলশালীয়েকক নৃশংসভাৱে হত্যা ভিনিহিয়েকৰ, গ্ৰেপ্তাৰ

অসম আৰক্ষীয়ে মঙলবাৰে যোৰহাটৰ বৰহোলা অঞ্চলত চোকা সঁজুলিৰে নিজৰ খুলশালীয়েকক হত্যা কৰাৰ অভিযোগত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। খবৰ অনুসৰি, অভিযুক্তক সজ্জন পাল বুলি চিনাক্ত কৰা হৈছে যিয়ে নিজৰ পত্নীৰ ভগ্নীক নৃশংসভাৱে হত্যা কৰে। এই হত্যাকাণ্ডৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে। এই হত্যাকাণ্ডক লৈ সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
Read More
দেৰগাঁৱত মহিলা আৰক্ষী প্ৰশিক্ষাৰ্থীক যৌন নিৰ্যাতন কনিষ্টবলৰ, গ্ৰেপ্তাৰ…

দেৰগাঁৱত মহিলা আৰক্ষী প্ৰশিক্ষাৰ্থীক যৌন নিৰ্যাতন কনিষ্টবলৰ, গ্ৰেপ্তাৰ…

গোলাঘাট জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত এগৰাকী মহিলা আৰক্ষী জোৱানক ধৰ্ষণ কৰাৰ অভিযোগ এজন পুৰুষ আৰক্ষী কনিষ্টবলৰ বিৰুদ্ধে। খবৰ অনুসৰি, যোৱা ২২ ফেব্ৰুৱাৰীত মহিলা আৰক্ষী প্ৰশিক্ষাৰ্থীগৰাকীক অসুস্থ হৈ থকাৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰৰ চৌহদৰ ভিতৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। নিশা কৰ্তব্যৰত বাবুল ভূঞা নামৰ পুৰুষ আৰক্ষী কনিষ্টবলজনে মহিলাগৰাকীক ধৰ্ষণ কৰি সেই স্থানৰ পৰা পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছে। পৰৱৰ্তী সময়ত কৰ্তৃপক্ষক এই সন্দৰ্ভত খবৰ দিয়ে ভুক্তভোগীয়ে যদিও অভিযোগৰ পিছতো জ্যেষ্ঠ বিষয়াসকলে ব্যৱস্থা ল’বলৈ অস্বীকাৰ কৰাৰ অভিযোগ উত্থাপন কৰে। দেওবাৰে পুৱা কৰ্তব্যৰ সময়ত ভুক্তভোগী আৰক্ষী জোৱান অচেতন হৈ পৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে। ইয়াৰ পিছতে দেৰগাঁও…
Read More
লেখিকা, অধ্যাপিকা শ্ৰুতিমালা দুৱৰাৰ বিয়োগ

লেখিকা, অধ্যাপিকা শ্ৰুতিমালা দুৱৰাৰ বিয়োগ

সন্দিকৈ গাৰ্লছ কলেজৰ সহযোগী অধ্যাপিকা, শিক্ষাবিদ, প্ৰখ্যাত লেখিকা শ্ৰুতিমালা দুৱৰাৰ সোমবাৰে গুৱাহাটীত মৃত্যু ঘটে। উত্তৰ-পূবৰ আঠটা অধ্যায় থকা সংস্থা নৰ্থ-ইষ্ট ৰাইটাৰ্ছ ফ’ৰামৰ প্ৰতিষ্ঠাপক সদস্য আছিল দুৱৰা। এগৰাকী দ্বিভাষিক লেখিকা, ইংৰাজী ভাষাৰ তেওঁৰ গ্ৰন্থসমূহৰ ভিতৰত আছে তিনিখন উপন্যাস আৰু চাৰিখন চুটিগল্প সংকলন- দ্য ছানচেট আৱাৰ এণ্ড অদাৰ ষ্ট’ৰীজ (১৯৯৮), ৱেইটিং ফৰ দ্য লাষ্ট ব্ৰেথ (১৯৯৯), দ্য ঝুলন ইভিনিং (২০০০) আৰু দ্য মিছিং লিংক। খবৰ অনুসৰি কেইবছৰমান আগতে তেওঁৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ ধৰা পৰিছিল। শেহতীয়াকৈ তেওঁ- My Journey through Cancer শীৰ্ষক এখন গ্ৰন্থও উন্মোচন কৰে, য’ত তেওঁ কেন্সাৰ ধৰা পৰাৰ পিছত তেওঁৰ অভিজ্ঞতা বৰ্ণনা কৰিছে।
Read More
মহানগৰীত ৮ কোটি টকাৰো অধিক মূল্যৰ হেৰ’ইন জব্দ, ৩ জনক আটক

মহানগৰীত ৮ কোটি টকাৰো অধিক মূল্যৰ হেৰ’ইন জব্দ, ৩ জনক আটক

মহানগৰীৰ বশিষ্ঠত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ। বশিষ্ঠৰ নলাপাৰাত গুৱাহাটী আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ৮ কোটি টকাৰো অধিক মূল্যৰ প্ৰায় ১.০৫৬ কিলোগ্ৰাম হেৰ’ইন। ইফালে এই বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে তিনিজনকৈ লোকক। পূৱ গুৱাহাটী আৰক্ষী জিলাৰ এটা দলে চলোৱা এক বিশেষ অভিযানত ৮৮টা চাবোনৰ বাকচত ভৰ্তি হেৰ’ইনখিনি জব্দ কৰা হয়। লগতে AS01ES0766 আৰু AS01NC3769 নম্বৰৰ দুখন গাড়ীও জব্দ কৰা হৈছে। গুৱাহাটী আৰক্ষীৰ তথ্য অনুসৰি তিনিজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত সৰবৰাহকাৰী কেইজনক আব্দুল ৰছিদ, মুজামিল হক আৰু মোঃ জামাল আলী বুলি চিনাক্ত কৰা হৈছে।
Read More