17
Mar
চৰকাৰী কাৰ্যালয়ত দুৰ্নীতি প্ৰতিৰােধ কৰাৰ লক্ষ্যৰে অব্যাহত আছে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ তীব্ৰ অভিযান। এই অভিযানৰ মাজতে শুকুৰবাৰে পুনৰ ভিজিলেঞ্চৰ জালত পৰিল এগৰাকী ঘােচখােৰ লাট মণ্ডল। ধৃত লাটমণ্ডলজনৰ নাম টংকেশ্বৰ নাথ। তেওঁ হাজাে ৰাজহ চক্ৰ কাৰ্যালয়ত কৰ্মৰত। জানিব পৰা মতে, চিলিং মাটি মিয়াদি পট্টালৈ ৰূপান্তৰিত কৰাৰ অজুহাতত এজন লােকৰ পৰা উৎকোচ লোৱাৰ সময়তে ভিজিলেঞ্চৰ দলে লাটমণ্ডল টংকেশ্বৰ নাথক হাতে-লােটে গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ সন্দৰ্ভত দুৰ্নীতি নিবাৰক শাখাৰ মুৰব্বী সুৰেন্দ্ৰ কুমাৰ টুইট কৰে। সম্প্ৰতি লাট মণ্ডল টংকেশ্বৰ নাথক হাজাে ৰাজহ চক্ৰ কাৰ্যালয়তে জেৰা চলাইছে ভিজিলেঞ্চৰ অভিযানকাৰী দলে। অচিৰেই তেওঁক গুৱাহাটীৰ মুখ্য কাৰ্যালয়লৈ লৈ যােৱা হ’ব বুলি জানিব পৰা গৈছে।
