অসম

শিলিগুৰিত বিশ্বৰ সৰ্বোচ্চ মহাকাল মূৰ্তি নিৰ্মাণৰ ঘোষণা মমতা বেনাৰ্জীৰঃ ধৰ্মীয় পৰ্যটনৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ হ’ব উত্তৰ বংগ

শিলিগুৰিত বিশ্বৰ সৰ্বোচ্চ মহাকাল মূৰ্তি নিৰ্মাণৰ ঘোষণা মমতা বেনাৰ্জীৰঃ ধৰ্মীয় পৰ্যটনৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ হ’ব উত্তৰ বংগ

ধৰ্মীয় পৰ্যটন আৰু আধ্যাত্মিকতাৰ এক নতুন মাত্ৰা প্ৰদান কৰি শিলিগুৰিৰ মাটিগাড়াত ভগৱান শিৱৰ মহাকাল অৱতাৰৰ বিশ্বৰ সৰ্বোচ্চ মূৰ্তি নিৰ্মাণৰ কথা ঘোষণা কৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। শুকুৰবাৰে বিভিন্ন ধৰ্মীয় নেতাৰ উপস্থিতিত এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ২১৬ ফুট উচ্চতাৰ এই ভব্য গাঁথনিটোত ভগৱান শিৱৰ ১০৮ ফুট উচ্চতাৰ এটা ব্ৰঞ্জৰ মূৰ্তি অন্তৰ্ভুক্ত কৰা হ’ব। 'মহাকাল মহাতীৰ্থ' নামেৰে নামাকৰণ কৰা এই মন্দিৰ কমপ্লেক্সটো ১৭.৪১ একৰ মাটিত নিৰ্মাণ কৰা হ’ব আৰু অহা দুই-আঢ়ৈ বছৰৰ ভিতৰত ইয়াৰ কাম সম্পূৰ্ণ হ’ব। দীঘাৰ জগন্নাথ ধাম আৰু নিউ টাউনৰ দুৰ্গা আংগনৰ আৰ্হিত নিৰ্মাণ কৰিবলগীয়া এই কমপ্লেক্সটোৱে উত্তৰ বংগৰ ধৰ্মীয় পৰ্যটনক বিশ্ব দৰবাৰত এক…
Read More
লালকিল্লাত সন্ত্রাসবাদী আক্ৰমণৰ সৈতে জড়িত ধনৰ লেনদেনঃ আল-ফালাহ বিশ্ববিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে ইডিৰ চাৰ্জশ্বীট

লালকিল্লাত সন্ত্রাসবাদী আক্ৰমণৰ সৈতে জড়িত ধনৰ লেনদেনঃ আল-ফালাহ বিশ্ববিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে ইডিৰ চাৰ্জশ্বীট

দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ সমীপত যোৱা ১০ নৱেম্বৰত সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ সৈতে জড়িত ধনৰ অবৈধ লেনদেনৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ফৰিদাবাদৰ আল-ফালাহ বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে। এই সন্দৰ্ভত প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে বিশ্ববিদ্যালয়খনৰ অধ্যক্ষ জাৱাদ আহমেদ চিদ্দিকী আৰু পৰিয়ালৰ দ্বাৰা পৰিচালিত আল-ফালাহ চেৰিটেবল ট্ৰাষ্টৰ বিৰুদ্ধে এখন চাৰ্জশ্বীট দাখিল কৰে। ইয়াৰ উপৰিও তদন্তকাৰী সংস্থাটোৱে বিশ্ববিদ্যালয় চৌহদৰ ৫৪ একৰ ভূমিকে ধৰি প্ৰায় ১৩৯ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিছে। ইডিয়ে আদালতত দাখিল কৰা তথ্য অনুসৰি, স্বীকৃতি আৰু নামভৰ্তিৰ নামত ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকক প্ৰতাৰণা কৰি প্ৰায় ৪১৫.১০ কোটি টকা সংগ্ৰহ কৰিছিল। এই তদন্তত পোহৰলৈ আহিছে যে শিক্ষাৰ্থীৰ পৰা সংগৃহীত ধনৰ এটা বৃহৎ অংশ চিদ্দিকীৰ পৰিয়ালৰ দ্বাৰা পৰিচালিত…
Read More
ভোগালী বিহু উপলক্ষে আদিংগিৰিত মত বিনিময় অনুষ্ঠান

ভোগালী বিহু উপলক্ষে আদিংগিৰিত মত বিনিময় অনুষ্ঠান

ভোগালী বিহু উপলক্ষে পূৰ্বৰ পশ্চিম গুৱাহাটী তথা বৰ্তমানৰ মধ্য গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত মালিগাঁৱৰ কাষৰীয়া পাহাৰীয়া অঞ্চল আদিংগিৰিৰ শংকৰদেৱ নগৰত অগপৰ মধ্য গুৱাহাটী  বিধান পৰিষদৰ উদ্যোগত আজি এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক  ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ভাগ লৈ  মাঘ বিহু তথা ভোগালী বিহুৰ তাৎপৰ্য দাঙি ধৰি উপস্থিত  সকলোকে  ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে ।   অনুষ্ঠানত অৱসৰপ্ৰাপ্ত অধ্যাপিকা অজন্তা চক্ৰৱৰ্তী কলিতা, মধ্য গুৱাহাটী বিধান পৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি হেমেন ডেকা,সম্পাদক ক্ৰমে ভূপেন ঠাকুৰীয়া, নাৰায়ণ মালাকাৰ, মইনুল হক চৌধুৰী, অগপৰ পশ্চিম গুৱাহাটী  বিধান পৰিষদৰ সম্পাদক ৰবীন দৈমাৰী, অগপৰ  কেন্দ্ৰীয় সম্পাদক সুভাষ  শৰ্মা, কাৰ্যনিৰ্বাহক সদস্য…
Read More
গাড়ীৰ দামতকৈও অধিক জৰিমনা! অবৈধ চাইলেন্সাৰ ব্যৱহাৰ কৰি ১.১১ লাখ টকা ভৰিলে ছাত্ৰই

গাড়ীৰ দামতকৈও অধিক জৰিমনা! অবৈধ চাইলেন্সাৰ ব্যৱহাৰ কৰি ১.১১ লাখ টকা ভৰিলে ছাত্ৰই

মহানগৰীৰ ৰাজপথত বিকট শব্দ কৰি চলাই থকা এখন বিশেষ বাহনৰ বিৰুদ্ধে এইবাৰ বেংগালুৰু আৰক্ষীয়ে গ্ৰহণ কৰিলে এক নজিৰবিহীন কঠোৰ পদক্ষেপ। ৰাজহুৱা শান্তি বিঘ্নিত কৰা আৰু বাহনৰ চাইলেন্সাৰ অবৈধভাৱে পৰিৱৰ্তন কৰাৰ অপৰাধত হেনুৰ ট্ৰেফিক আৰক্ষীয়ে কেৰালাৰ এজন ছাত্ৰক ১.১১ লাখ টকাৰ বৃহৎ জৰিমনা বিহে। আশ্চৰ্যজনক কথাটো হ’ল যে, যিখন গাড়ীৰ বাবে এই জৰিমনা বিহা হৈছে, বজাৰত সেই বাহনখনৰ বৰ্তমান মূল্য মাত্ৰ ৭০ হাজাৰ টকা। যোৱা ২ জানুৱাৰীত ভাৰতীয় চিটিৰ সমীপৰ হেনুৰ ৰোডত এই ছাত্ৰজনে চলাই থকা বাহনখনৰ চাইলেন্সাৰৰ পৰা বিকট শব্দৰ লগতে জুইৰ ফিৰিঙতি ওলাই থকাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। ইয়াৰ পাছতে সক্ৰিয় হৈ পৰা আৰক্ষীয়ে বাহনখন জব্দ কৰে…
Read More
বিশিষ্ট সাংবাদিক তথা ‘প্ৰান্তিক’ৰ সম্পাদক প্ৰদীপ বৰুৱাৰ পৰলোকপ্ৰাপ্তি

বিশিষ্ট সাংবাদিক তথা ‘প্ৰান্তিক’ৰ সম্পাদক প্ৰদীপ বৰুৱাৰ পৰলোকপ্ৰাপ্তি

অসমীয়া সংবাদ আৰু সাহিত্য জগতৰ এক উজ্জ্বল নক্ষত্ৰ, জনপ্ৰিয় পষেকীয়া আলোচনী ‘প্ৰান্তিক’ৰ প্ৰতিষ্ঠাপক তথা সম্পাদক প্ৰদীপ বৰুৱাৰ বুধবাৰে সন্ধিয়া গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৮ বছৰ। বাৰ্ধক্যজনিত অসুস্থতাৰ বাবে কিছু দিন ধৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বৰুৱাই পত্নী আৰু এগৰাকী কন্যাক ইহসংসাৰত এৰি থৈ যায়। উল্লেখ্য যে, ‘দ্য আছাম ট্ৰিবিউন’ গোষ্ঠীৰ প্ৰতিষ্ঠাপক স্বৰ্গীয় ৰাধাগোবিন্দ বৰুৱাৰ কনিষ্ঠ পুত্ৰ আছিল প্ৰদীপ বৰুৱা। একেটা পৰিয়ালৰে আন এক শোকাবহ কথা এয়ে যে তেওঁৰ জ্যেষ্ঠ ভাতৃ তথা ‘আছাম ট্ৰিবিউন’ৰ পৰিচালন সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱাৰো ঠিক এমাহৰ পূৰ্বে অৰ্থাৎ ১৪ ডিচেম্বৰত পৰলোকপ্ৰাপ্তি ঘটিছিল। ১৯৮১ চনত বিশিষ্ট সাহিত্যিক তথা চলচ্চিত্ৰ পৰিচালক ড°…
Read More
আই-পেক গোচৰত ছুপ্ৰিম শুনানিঃ তদন্তকাৰী সংস্থাৰ কাৰ্যত স্থগিতাদেশ, ২ সপ্তাহৰ ভিতৰত বিচাৰিলে উত্তৰ

আই-পেক গোচৰত ছুপ্ৰিম শুনানিঃ তদন্তকাৰী সংস্থাৰ কাৰ্যত স্থগিতাদেশ, ২ সপ্তাহৰ ভিতৰত বিচাৰিলে উত্তৰ

নিৰ্বাচনৰ পূৰ্বে বিজেপি বিৰোধী ৰাজ্যত উদ্দেশ্যপ্ৰণোদিতভাৱে কেন্দ্ৰীয় সংস্থাক ব্যৱহাৰ কৰাৰ অভিযোগ তুলি আজি উচ্চতম ন্যায়ালয়ত ইডিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে তৃণমূল কংগ্ৰেছে। আই-পেকৰ কাৰ্যালয়ত ইডিৰ অভিযানক লৈ অনুষ্ঠিত হয় এক দীঘলীয়া শুনানি। ন্যায়াধীশ মনোজ মিশ্ৰ আৰু ন্যায়াধীশ বিপুল পাঞ্চোলীৰ ডিভিজন বেঞ্চে দুয়োপক্ষৰ যুক্তি শুনাৰ পাছত শ্বেপিয়েৰ সৰণী থানাসহ ৪খনকৈ এজাহাৰৰ ওপৰত স্থগিতাদেশ জাৰি কৰে। লগতে প্ৰতীক জৈনৰ বাসগৃহ আৰু চল্টলেকৰ আই-পেক কাৰ্যালয়ৰ চিচিটিভি ফুটেজ সংৰক্ষণ কৰিবলৈ নিৰ্দেশ দি আগন্তুক ৩ ফেব্ৰুৱাৰীলৈ গোচৰটোৰ পৰৱৰ্তী শুনানি পিছুৱাই দিয়ে। আজি আদালতত শুনানি আৰম্ভ হোৱাৰ লগে লগে ইডিৰ অধিবক্তাই অভিযোগ কৰে যে কয়লা কেলেংকাৰীৰ তদন্তৰ নামত আই-পেকৰ একাউণ্টলৈ যোৱা কোটি কোটি টকাৰ উৎস…
Read More
তেলেংগনাত চিলিণ্ডাৰ বিস্ফোৰণৰ ভয়াৱহ অগ্নিকাণ্ড! জীৱন্তে দগ্ধ হৈ ৩টি শিশুসহ ৬ জনৰ কৰুণ মৃত্যু

তেলেংগনাত চিলিণ্ডাৰ বিস্ফোৰণৰ ভয়াৱহ অগ্নিকাণ্ড! জীৱন্তে দগ্ধ হৈ ৩টি শিশুসহ ৬ জনৰ কৰুণ মৃত্যু

মধ্যৰাতি হঠাৎ এক প্ৰচণ্ড শব্দই নিমিষতে শ্মশানলৈ পৰিৱৰ্তিত কৰিলে এখন ঘৰ। তেলেংগনাৰ সিৰমৌৰ জিলাৰ ঘানদুৰি গাঁৱত বুধবাৰে নিশা এটা গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড। এই শোকাৱহ ঘটনাত একেটি পৰিয়ালৰে তিনিটা শিশুসহ মুঠ ৬ জন লোকে জীৱন্তে দগ্ধ হৈ মৃত্যুক আকোৱালি লয়। মৃতসকলৰ ভিতৰত ৫০ বছৰীয়া নৰেশ কুমাৰ, তেওঁৰ পত্নী তৃপ্তি (৪৪), কবিতা (৩৬) আৰু তিনিটি শিশু ক্ৰমে কীৰ্তিকা (১৩), সাৰিকা (১৩) আৰু মাত্ৰ ৩ বছৰীয়া কাৰ্তিক আছে বুলি জানিব পৰা গৈছে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, নিশা প্ৰায় ৩ বজাত এই ভয়াৱহ বিস্ফোৰণটো ঘটে। মাঘী উৎসৱ উপলক্ষে ঘৰখনত আত্মীয়-স্বজন সমবেত হোৱাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়। মুহূৰ্তৰ…
Read More
“এইবাৰ গুলি লক্ষ্যভ্ৰষ্ট নহ’ব”- ড’নাল্ড ট্ৰাম্পক হত্যাৰ ভাবুকি ইৰানৰ চৰকাৰী সংবাদ মাধ্যমৰ

“এইবাৰ গুলি লক্ষ্যভ্ৰষ্ট নহ’ব”- ড’নাল্ড ট্ৰাম্পক হত্যাৰ ভাবুকি ইৰানৰ চৰকাৰী সংবাদ মাধ্যমৰ

আমেৰিকা আৰু ইৰানৰ মাজত চলি থকা সংঘাতৰ পাৰা এতিয়া ইমানেই বৃদ্ধি পাইছে যে বিশ্ববাসীয়ে এক ভয়াৱহ পৰিণতিৰ আশংকাত দিন অতিবাহিত কৰিছে। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে অব্যাহত থকা নিৰন্তৰ সংঘাতৰ মাজতে এইবাৰ তেওঁক পোনপটীয়াকৈ হত্যাৰ ভাবুকি দিয়ে ইৰানৰ এক চৰকাৰী সংবাদ মাধ্যমে। ২০২৪ চনত পেনচিলভেনিয়াৰ বাটলাৰত নিৰ্বাচনী জনসভা চলি থকাৰ সময়ত এজন বন্দুকধাৰীয়ে ট্ৰাম্পৰ ওপৰত চলোৱা আক্ৰমণৰ সেই ৰক্তাক্ত ছবিখন সম্প্ৰচাৰ কৰি ইৰানৰ সংবাদ মাধ্যমটোৱে লিখিছে— "এইবাৰ গুলি লক্ষ্যভ্ৰষ্ট নহ’ব।" ইজৰাইলী-আমেৰিকান সাংবাদিক এমিলি শ্ৰাডৰে ছ’চিয়েল মিডিয়াত এই বিতৰ্কিত ছবিখন শ্বেয়াৰ কৰাৰ পাছতে এতিয়া সমগ্ৰ বিশ্বতে সৃষ্টি হয় এক তীব্ৰ চাঞ্চল্যৰ। ইৰানত চলি থকা চৰকাৰ বিৰোধী আন্দোলনক সমৰ্থন জনাই ৰাষ্ট্ৰপতি ট্ৰাম্পে দেশখনত…
Read More
ভাৰতৰ সৈতে উত্তেজনাৰ মাজতে তুৰস্কৰ সৈতে বৃহৎ প্ৰতিৰক্ষা চুক্তি বাংলাদেশৰ! ক্ৰয় কৰিব ৮খনকৈ আক্ৰমণকাৰী হেলিকপ্টাৰ

ভাৰতৰ সৈতে উত্তেজনাৰ মাজতে তুৰস্কৰ সৈতে বৃহৎ প্ৰতিৰক্ষা চুক্তি বাংলাদেশৰ! ক্ৰয় কৰিব ৮খনকৈ আক্ৰমণকাৰী হেলিকপ্টাৰ

দক্ষিণ এছিয়াৰ ভূ-ৰাজনৈতিক প্ৰেক্ষাপটত এক নতুন সমীকৰণৰ অৱতাৰণা কৰি ভাৰতৰ সৈতে কূটনৈতিক উত্তেজনাৰ মাজতে চুবুৰীয়া দেশৰ সৈতে সামৰিক সম্পৰ্ক গঢ়াৰ চেষ্টাত নামি পৰিছে বাংলাদেশ চৰকাৰ। তুৰস্কৰ ৰাষ্ট্ৰপতি ৰেচেপ তায়্যিপ এৰডোগানে ইছলাম ধৰ্মক আধাৰ কৰি পাকিস্তানৰ পাছত এইবাৰ বাংলাদেশৰ সৈতে সামৰিক সম্পৰ্ক স্থাপনত উঠি-পৰি লাগিছে। শেহতীয়া তথ্য অনুসৰি, বাংলাদেশ বিমান বাহিনীয়ে তুৰস্কৰ পৰা ৮খনকৈ অত্যাধুনিক T129 ATAK আক্ৰমণকাৰী হেলিকপ্টাৰ ক্ৰয় কৰাৰ প্ৰক্ৰিয়া তীব্ৰতৰ কৰি তুলিছে। বুধবাৰে ঢাকাস্থিত বিমান বাহিনীৰ মুখ্য কাৰ্যালয়ত বাংলাদেশৰ এয়াৰ চীফ মাৰ্শাল হাছান মাহমুদ খান আৰু তুৰস্কৰ এৰোস্পেচ ইণ্ডাষ্ট্ৰীজৰ উচ্চস্তৰীয় প্ৰতিনিধি দলৰ মাজত প্ৰতিৰক্ষা চুক্তিক লৈ অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক। সূত্ৰৰ খবৰ অনুসৰি, তুৰস্ক এৰোস্পেচ ইণ্ডাষ্ট্ৰীজৰ কৰ্পোৰেট…
Read More
বন্ধ ইৰানৰ আকাশমাৰ্গঃ এয়াৰ ইণ্ডিয়াৰ আমেৰিকা অভিমুখী বিমান বাতিল, ইউৰোপৰ সেৱাতো বিঘিনি

বন্ধ ইৰানৰ আকাশমাৰ্গঃ এয়াৰ ইণ্ডিয়াৰ আমেৰিকা অভিমুখী বিমান বাতিল, ইউৰোপৰ সেৱাতো বিঘিনি

ইৰানত অব্যাহত থকা চৰকাৰ বিৰোধী উত্তাল প্ৰতিবাদ আৰু দেশখনৰ আকাশমাৰ্গ বন্ধ কৰি দিয়াৰ খবৰে এতিয়া আন্তঃৰাষ্ট্ৰীয় যাত্ৰীসকলৰ মাজত ব্যাপক উৎকণ্ঠাৰ সৃষ্টি কৰিছে। পশ্চিম এছিয়াত বৃদ্ধি পোৱা নিৰাপত্তাজনিত উদ্বেগৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় বিমান পৰিবহন সংস্থা এয়াৰ ইণ্ডিয়াই বৃহস্পতিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰ অভিমুখী অতি কমেও তিনিখন বিমান বাতিল কৰাৰ সিদ্ধান্ত লয়। ইৰানৰ আকাশমাৰ্গ হঠাৎ বন্ধ কৰি দিয়াৰ ফলত দেশখনৰ ওপৰেৰে চলাচল কৰিবলগীয়া বিমানসমূহ এতিয়া বিকল্প পথেৰে যাবলগীয়া হৈছে, যাৰ ফলত ইউৰোপীয় সেৱাসমূহতো বিলম্ব হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। এয়াৰ ইণ্ডিয়াৰ সূত্ৰই জনোৱা মতে, দিল্লীৰ পৰা নিউয়ৰ্ক আৰু নিউৱাৰ্কলৈ যাবলগীয়া দুখন বিমান আৰু মুম্বাইৰ পৰা নিউয়ৰ্কলৈ যাবলগীয়া এখন বিমান বাতিল কৰা হৈছে। এয়াৰ ইণ্ডিয়াই ছ’চিয়েল মিডিয়াৰ…
Read More