16
Jun
অসম-ত্ৰিপুৰা সীমান্তৰ কদমতলা জেৰজেৰি অঞ্চলৰ পৰা কদমতলা থানাৰ আৰক্ষীয়ে নাকা চেকিঙৰ জৰিয়তে ৭ গৰাকী বাংলাদেশী নাগৰিক আৰু ৪ ৰোহিংগীয়াক গ্ৰেপ্তাৰ কৰে। তিনিখন গাড়ী আৰু গাড়ীৰ চালককো গ্ৰেপ্তাৰ কৰা হয়। সাতজন বাংলাদেশী ক্ৰমে ৰহমান আলী (৩০) জন্নতাৰা (১৯) খালেদা বেগম (১৯) মাজুমা বেগম (১৭) তেওঁলোকৰ ঘৰ বাংলাদেশৰ চিটাগংত। বাকী তিনিজন হৈছে বাংলাদেশৰ বৰিছালৰ পৰা অহা কৰিমা বেগম (২৮), আব্বাছ হাউলাডাৰ (৩৫), আল হাফিজ (১৮)। আনহাতে বাংলাদেশৰ শিবিৰত থকা চাৰিজন ৰোহিংগীয়া ক্ৰমে মহম্মদ আলম সা (২০), কুমিৰা বিবি (১৮), ফৰিদা বেগম (১৮), আৰু ছাফেলা বেগম (১৮)। ভাৰত-বাংলাদেশ সীমান্তৰে ভাৰত-বাংলাদেশ সীমান্তৰ মাজেৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল এজন দালালৰ জৰিয়তে। সংবাদ মাধ্যমৰ সৈতে হোৱা…
