03
Mar
ৰঙৰ উৎসৱ ফাকুৱাক লৈ ৰাজ্যজুৰি এতিয়া বিৰাজ কৰিছে এক পাৰাপাৰহীন উছাহৰ। আজি পবিত্ৰ দৌল যাত্ৰা আৰু কাইলৈ হোলী উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে চাৰিওফালে। ফাকুৱা উপলক্ষে মৰিগাঁও, কামৰূপ মহানগৰ, নগাঁও আৰু শোণিতপুৰ জিলাত অহা ৪ মাৰ্চত স্থানীয় বন্ধ ঘোষণা কৰিছে সংশ্লিষ্ট জিলা প্ৰশাসনে। নগাঁও জিলাৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সোমবাৰে এক নিৰ্দেশনাযোগে এই স্থানীয় বন্ধৰ কথা জানিবলৈ দিয়ে। বটদ্ৰৱা থান পৰিচালনা সমিতি আৰু কেইবাটাও সামাজিক অনুষ্ঠানৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই জিলা আয়ুক্তই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই নিৰ্দেশনাৰ ফলত কামৰূপ মহানগৰ, শোণিতপুৰ আৰু মৰিগাঁও জিলাৰ অন্তৰ্গত সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু বেংক আদি বন্ধ থাকিব। অৱশ্যে জিলা প্ৰশাসনে স্পষ্ট কৰি দিছে…
