অসম

মৰ্মান্তিক! ঘন কুঁৱলীৰ বাবে নিয়ন্ত্ৰণহীন হৈ দ খাৱৈত বাগৰিল বাহন, ৩ যুৱকৰ মৃত্যু

মৰ্মান্তিক! ঘন কুঁৱলীৰ বাবে নিয়ন্ত্ৰণহীন হৈ দ খাৱৈত বাগৰিল বাহন, ৩ যুৱকৰ মৃত্যু

কলিয়াবৰত নিশা এখন বাহন নিয়ন্ত্ৰণহীন হৈ দ খাৱৈত বাগৰি পৰাৰ ফলত অকাল মৃত্যুক সাৱটি লয় ৩ যুৱকে। মিছাৰ ৰৌমাৰীত নিশা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা খাৱৈত বাগৰি পৰে এএছ ১২জে ৬৯০৯ নম্বৰ মহিন্দ্ৰা ভৰিটো বাহনখন। এই দুৰ্ঘটনাত বাহনখনত থকা অৰ্জুন তাঁতী আৰু অমৃত বিশ্বাস ওৰফে চানুৰ থিতাতে মৃত্যু ঘটে। ইফালে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি হাস্পতাললৈ নিয়াৰ পথতে মৃত্যু ঘটে ৰাহুল বিশ্বাস নামৰ আন এজন যুৱকৰো। জানিব পৰা মতে, দুৰ্ঘটনাৰ সময়ত কলিয়াবৰ তিনিআলিৰ পৰা মিছা অভিমুখে গৈ আছিল যুৱক কেইজন। ঘন কুঁৱলীৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
Read More
লাচিত ঘাটত উদ্ধাৰ ২ কণমানিৰ মৃতদেহ, তীব্ৰ চাঞ্চল্য

লাচিত ঘাটত উদ্ধাৰ ২ কণমানিৰ মৃতদেহ, তীব্ৰ চাঞ্চল্য

গুৱাহাটীৰ লাচিত ঘাটত দুটিকৈ কণমানি শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। ৫-৬ মহীয়া শিশু দুটিক গাঁতত পুতিবলৈ চেষ্টা কৰিছিল কোনো লোকে। কিন্তু গাঁত খান্দি নোপোতাকৈ পেলাই থৈ যায় কণমানি দুটিৰ মৃতদেহ। মৃত শিশু দুটিৰ এটি ল’ৰা আৰু এজনী ছোৱালীৰ বুলি জানিব পৰা গৈছে। বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত ভৰলুমুখ আৰক্ষীয়ে উদ্ধাৰ কৰে শিশুদুটিৰ মৃতদেহ। ঘটনা সন্দৰ্ভত ভৰলুমুখ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। বৃহস্পতিবাৰে পুৱাৰ ভাগতে শিশু দুটিক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ আৰক্ষীৰ।
Read More
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে নিমন্ত্ৰণৰ কৰ্তৃত্ব বিজেপি-আৰএছএছক কোনে দিলে? প্ৰশ্ন ভূপেন বৰাৰ

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে নিমন্ত্ৰণৰ কৰ্তৃত্ব বিজেপি-আৰএছএছক কোনে দিলে? প্ৰশ্ন ভূপেন বৰাৰ

অসম ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বৃহস্পতিবাৰে ৰাম মন্দিৰৰ ‘প্ৰণ প্ৰতিষ্ঠা’ৰ আমন্ত্ৰণ প্ৰদানৰ ক্ষেত্ৰত বিজেপি আৰু আৰএছএছৰ কৰ্তৃত্বক লৈ প্ৰশ্ন উত্থাপন কৰে। "ৰাম মন্দিৰ বিজেপিৰ সম্পত্তি নেকি? ৰাম মন্দিৰ কোনো ৰাজনৈতিক দলৰ নেকি?" বুলিও তেওঁ প্ৰশ্ন কৰে। অহা ২৫ আৰু ২৬ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া কংগ্ৰেছৰ ন্যায় যাত্ৰাৰ সময়ত বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হ’ব বুলি ঘোষণা কৰি বৰাই কয় যে যাত্ৰাৰ সময়ত ৰাহুল গান্ধীৰ কণ্টেইনাৰ বাহনখন ৰখাবলৈ অনুমতি দিয়া হোৱা নাই, আৰু দলটোৱে এই সমস্যাৰ সমাধানৰ বাবে কৰ্তৃপক্ষৰ সৈতে বৈঠকত মিলিত হ’ব। "আমি ১৮ জানুৱাৰীৰ পৰা যাত্ৰা আৰম্ভ কৰিম; যিকোনো কথা আহিব পাৰে, কিন্তু যাত্ৰা…
Read More
ৰাজ্যৰ মহিলাসকললৈ মুখ্যমন্ত্ৰীৰ ভোগালীৰ উপহাৰ! ৩৯ লাখ মহিলাই লাভ কৰিব ১০ হাজাৰকৈ টকা

ৰাজ্যৰ মহিলাসকললৈ মুখ্যমন্ত্ৰীৰ ভোগালীৰ উপহাৰ! ৩৯ লাখ মহিলাই লাভ কৰিব ১০ হাজাৰকৈ টকা

ৰাজ্যৰ লাখ-লাখ মহিলালৈ মুখ্যমন্ত্ৰীৰ ভোগালী বিহুৰ উপহাৰ। গ্ৰাম্য মহিলা সবলীকৰণৰ বাবে নতুন আঁচনি মুকলি মুখ্যমন্ত্ৰীৰ। অসমৰ আত্মসহায়ক গোটৰ বাবে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি মুকলি মুখ্যমন্ত্ৰীয়ে। এই আঁচনিৰ জৰিয়তে ১০ হাজাৰকৈ টকা লাভ কৰিব ৰাজ্য মহিলাসকলে। ৰাজ্যৰ ৩৯ লাখ মহিলাই লাভ কৰিব এই আঁচনিৰ সুবিধা। প্ৰথম পৰ্যায়ত ৰাজ্য চৰকাৰে ১০,০০০ টকাকৈ মহিলাসকলক দিব। পৰৱৰ্তী সময়ত ২৫,০০০ টকাকৈ লাভ কৰিব মহিলাসকলে। ২৫,০০০ টকাৰ ১২,৫০০ টকা চৰকাৰে দিব আৰু ১২,৫০০ টকা বেংকে মহিলাসকলক দিব। চৰকাৰৰ পৰা দিয়া ধন উভতাই দিব নালাগে। কিন্তু পৰ্যায়ক্ৰমে বেংকৰ পৰা দিয়া ধন উভতাই দিব লাগিব মহিলাসকলে। ১০ হাজাৰ টকা প্ৰদানৰ ক্ষেত্ৰত প্ৰথমে মহিলাগৰাকীয়ে ব্যৱসায় কৰিব পাৰিব নে নাই…
Read More
গুৱাহাটীৰ মাজেৰে যাব নোৱাৰিব ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা, জনালে মুখ্যমন্ত্ৰীয়ে

গুৱাহাটীৰ মাজেৰে যাব নোৱাৰিব ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা, জনালে মুখ্যমন্ত্ৰীয়ে

‘ভাৰত জোড়ো যাত্ৰা’ৰ পিছত এইবাৰ ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’। মণিপুৰৰ ইম্ফলৰ পৰা আৰম্ভ হ’ব ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’। ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ ১৪ জানুৱাৰীত মণিপুৰৰ পৰা আৰম্ভ হ’ব। ১৮ জানুৱাৰীত মণিপুৰৰ পৰা নাগালেণ্ড হৈ অসমৰ আমগুৰিত প্ৰৱেশ কৰিব ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ই। ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। ‘‘ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ কথা এতিয়ালৈ চৰকাৰক জনোৱা নাই। চৰকাৰে নাজানে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ পথ। চৰকাৰক জনালে দিয়া হ’ব অনুমতি।’’ ‘ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ স্কুল আৰু মহানগৰৰ মাজেৰে যোৱাৰ অনুমতি দিয়া নহ’ব। আনহাতে মহানগৰীৰ মাজেৰে গ’লে…
Read More
ঘোচ কাণ্ড! ১০ হাজাৰ টকাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ এছ আই ছাৰ…

ঘোচ কাণ্ড! ১০ হাজাৰ টকাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ এছ আই ছাৰ…

ৰাজ্যত পুনৰ ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল আন এজন খাকী পোছাকধাৰী। অভিযোগকাৰীৰ গাড়ী মুকলি কৰি দিয়াৰ বাবে ১০ হাজাৰ টকাৰ ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে চিৰাং জিলাৰ ঢালিগাঁও টাউন আউটপোষ্টৰ উপ-পৰিদৰ্শক (ইউবি) চিণ্টু দাস। মঙলবাৰে দুৰ্নীতি নিবাৰক শাখাৰ দলে অভিযান চলাই আৰক্ষী বিষয়াজনক গ্ৰেপ্তাৰ কৰি তেওঁৰ পৰা উদ্ধাৰ কৰে অভিযোগকাৰীৰ পৰা ঘোচ হিচাপে লোৱা ধন। ইতিমধ্যে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি অধিক তদন্ত অব্যাহত ৰখা হৈছে।
Read More
হেকাৰৰ টাৰ্গেট মুখ্যমন্ত্ৰীৰ ফেচবুক একাউণ্ট, পাকিস্তানৰ পৰা হেক কৰাৰ চেষ্টা

হেকাৰৰ টাৰ্গেট মুখ্যমন্ত্ৰীৰ ফেচবুক একাউণ্ট, পাকিস্তানৰ পৰা হেক কৰাৰ চেষ্টা

এইবাৰ হেকাৰৰ টাৰ্গেট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ছ’চিয়েল মিডিয়া একাউণ্ট। মুখ্যমন্ত্ৰীৰ ফেচবুক একাউণ্ট হেক কৰাৰ চেষ্টা হেকাৰৰ। পাকিস্তানৰ হেকাৰে এই দুষ্কাৰ্য সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে। এই কথা টুইটযোগে জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰত লিখিছে, ‘অজ্ঞাত হেকাৰে আজি সন্ধিয়া মোৰ ফেচবুক একাউণ্ট হেক কৰাৰ চেষ্টা চলাইছিল। প্ৰাথমিক তথ্য মতে, হেকাৰে পাকিস্তানৰ পৰা কাম কৰি থাকিব পাৰে।’ অসম আৰক্ষী আৰু আৰক্ষী সঞ্চালকপ্ৰধানক টেগ কৰি এই টুইট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলিও উল্লেখ কৰিছে মুখ্য়মন্ত্ৰীয়ে।
Read More
বিশিষ্ট সংগীত শিল্পী ভূপেন উজীৰৰ দেহাৱসান, নৱগ্ৰহত শেষকৃত্য

বিশিষ্ট সংগীত শিল্পী ভূপেন উজীৰৰ দেহাৱসান, নৱগ্ৰহত শেষকৃত্য

মঙলবাৰে নিশা ১০ বজাত গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিলে ৰাজ্যৰ বিশিষ্ট সংগীত শিল্পী ভূপেন উজীৰে। নিশাটো নেমকেয়াৰ হাস্পতালতে ৰখাৰ পিছত আজি নিজৰ বাসগৃহত নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব। বিশিষ্ট শিল্পীগৰাকীয়ে শ্বাস-প্ৰশ্বাস জনিত ৰোগত আক্ৰান্ত হৈ ১ জানুৱাৰীৰ পৰা নেমকেয়াৰ হাস্পতালত ভৰ্তি হৈ আছিল। ভূপেন উজীৰে ১৯৫৩ চনৰ ৫ এপ্ৰিলত যোৰহাটত জন্মগ্ৰহণ কৰিছিল। শিল্পী গৰাকীয়ে যোৰহাটত শৈশৱ পাৰ কৰিছিল। মৃত্যুৰ সময়ত শিল্পীগৰাকীয়ে ইহ সংসাৰত এৰি থৈ যায় পত্নী শান্তা উজীৰ আৰু দুই কন্যা প্ৰীতিস্মিতা উজীৰ খানুজা আৰু কীৰ্তিকা উজীৰ শৰ্মাক। ভূপেন উজীৰে সুৰ কৰা বা সংগীতেৰে সজোৱা অসমীয়া গীতৰ তালিকা যথেষ্ট দীঘলীয়া।…
Read More
শোকাবহ! মৌ মাখিৰ আক্ৰমণত মৰিগাঁৱত মত্যু এজনৰ

শোকাবহ! মৌ মাখিৰ আক্ৰমণত মৰিগাঁৱত মত্যু এজনৰ

মৌ মাখিৰ জাকৰ আক্ৰমণৰ ফলত এজন লোকৰ মৃত্যু ঘটাৰ ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ মৰিগাঁৱত। মৰিগাঁৱৰ শ্বহীদ ভৱনৰ সন্মুখত মৌ মাখিৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল দীপক নন্দী নামৰ এজন লোক। আহত লোকজনক ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে মৰিগাঁৱত। উল্লেখযোগ্য যে এই এই অঞ্চলত বিগত কিছু দিনত কেইবাজনো লোকক আক্ৰমণ কৰিছে মৌমাখিৰ জাকটোৱে। কিন্তু মৰিগাঁৱৰ কোনো বিভাগ বা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰে অঞ্চলবাসীয়ে। জানিব পৰা মতে, নিহত দীপক নন্দী ওৰফে মধু মৰিগাঁৱৰ কোৱালিটি হোটেলৰ মালিক আছিল।
Read More
আকৌ ঘোচকাণ্ড! উৎকোচ লৈ গ্ৰেপ্তাৰ ২ চৰকাৰী কৰ্মচাৰী…

আকৌ ঘোচকাণ্ড! উৎকোচ লৈ গ্ৰেপ্তাৰ ২ চৰকাৰী কৰ্মচাৰী…

শুকুৰবাৰে ভিজিলেন্সৰ এটা দলে দুটা পৃথক অভিযানত উৎকোচৰ অভিযোগত গ্ৰেপ্তাৰ কৰে দুজন চৰকাৰী বিষয়াক। খবৰ অনুসৰি কামৰূপ জিলাৰ চমৰীয়া ৰাজহ চক্ৰত প্ৰথমে অভিযান চলায় দুৰ্নীতি নিবাৰক শাখাই। এই অভিযানৰ সময়ত কাৰ্যালয়টোত ঘোচ লোৱাৰ সময়তে হাতে লোটে গ্ৰেপ্তাৰ হয় প্ৰদীপ কলিতা নামৰ ঘোচখোৰ চৰকাৰী কৰ্মচাৰীজন। এটা পট্টাত নাম শুধৰণিৰ বাবে অভিযোগকাৰীৰ পৰা প্ৰদীপে নিজৰ কাৰ্যালয়ত দাবী কৰা উৎকোচ গ্ৰহণ কৰাৰ সময়তে কৰা হয় গ্ৰেপ্তাৰ। আনহাতে দ্বিতীয়টো অভিযানৰ সময়ত অভিযোগকাৰীৰ বিল মুকলি কৰাৰ বাবদ উৎকোচ লৈ গ্ৰেপ্তাৰ হয় গোৱালপাৰাৰ জিলা কৃষি বিষয়া বুধেশ্বৰ দাস।
Read More