Entertainment

কাজিৰঙাত বনকৰ্মীৰ ওপৰত আক্ৰমণ গঁড়ৰ; হাস্পতালত ভৰ্তি

কাজিৰঙাত বনকৰ্মীৰ ওপৰত আক্ৰমণ গঁড়ৰ; হাস্পতালত ভৰ্তি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্তব্যৰত অৱস্থাতে গঁড়ৰ আক্ৰমণত ৰক্তাক্ত হ’ল এজন বনকৰ্মী। শনিবাৰে উদ্যানখনৰ সুৰক্ষাত নিয়োজিত এগৰাকী কৰ্মী গঁড়ৰ আকস্মিক আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা ঘটনাই বন্যপ্ৰাণী সুৰক্ষা কৰ্মীসকলৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিজৰ জীৱন তুচ্ছ কৰি অৰণ্যৰ ভিতৰত টহল দি থকাৰ সময়তে সংঘটিত এই দুৰ্ভাগ্যজনক ঘটনাই এতিয়া সকলোৰে মনত উদ্বেগৰ সৃষ্টি কৰিছে। উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ অন্তৰ্গত নৰমৰা বন শিবিৰ এলেকাত এই ঘটনাটো সংঘটিত হয়। জানিব পৰা মতে, প্রতিদিনৰ দৰে সতীৰ্থ বনকৰ্মীৰ সৈতে অৰণ্যৰ ভিতৰত টহল দি থকাৰ সময়তে হঠাৎ এটা গঁড়ে বনকৰ্মী তুলাৰাম গগৈক আক্ৰমণ কৰে। গঁড়টোৰ খুন্দাত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহত বনকৰ্মীগৰাকীক লগে লগে উদ্ধাৰ কৰি কহঁৰা মডেল…
Read More
এনে দানৱ দুই-তিনিটাহে জন্ম হয়ঃ গৰিমা, ৩ অভিযুক্তৰ জামিন নাকচ

এনে দানৱ দুই-তিনিটাহে জন্ম হয়ঃ গৰিমা, ৩ অভিযুক্তৰ জামিন নাকচ

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ তদন্তই এতিয়া লাভ কৰিছে এক নতুন মোৰ। জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে আজি এই চাঞ্চল্য্যকৰ গোচৰৰ তিনিগৰাকী অভিযুক্ত অমৃতাপ্ৰভা মহন্তৰ লগতে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন আবেদন খাৰিজ কৰে। অপৰাধমূলক ষড়যন্ত্ৰ আৰু ধনৰ আত্মসাতৰ দৰে গুৰুতৰ অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি আদালতে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে, বিশেষ তদন্তকাৰী দল আৰু গৰিমা শইকীয়া গাৰ্গে অভিযুক্তকেইজনক জামিন প্ৰদানৰ তীব্ৰ বিৰোধিতা কৰিছিল। বিশেষ চৰকাৰী অধিবক্তা জিয়াউল কামাৰে আদালতত যুক্তি দৰ্শায় যে জুবিন গাৰ্গৰ যত্ন আৰু নিৰাপত্তাৰ বাবে দুই দেহৰক্ষীক যি ধন অৰ্পণ কৰা হৈছিল, তেওঁলোকে সেই বিশ্বাস ভঙ্গ কৰি নিজৰ…
Read More
ভাৰতীয় অলিম্পিক সন্থাৰ অধ্যক্ষা পি টি ঊষাৰ স্বামী ভেংগালি শ্রীনিবাসনৰ বিয়োগ

ভাৰতীয় অলিম্পিক সন্থাৰ অধ্যক্ষা পি টি ঊষাৰ স্বামী ভেংগালি শ্রীনিবাসনৰ বিয়োগ

এগৰাকী মহান ক্ৰীড়াবিদৰ জীৱনৰ আটাইতকৈ শক্তিশালী স্তম্ভৰ বিয়োগে এতিয়া মৰ্মাহত কৰি তুলিছে দেশৰ ক্ৰীড়া জগতক। ভাৰতীয় অলিম্পিক সন্থাৰ অধ্যক্ষা তথা ৰাজ্যসভাৰ সাংসদ পি টি ঊষাৰ স্বামী ভেংগালি শ্রীনিবাসনৰ শুকুৰবাৰে পুৱতি নিশা দেহাৱসান ঘটে। থিক্কোডিৰ পেৰুমালপুৰমস্থিত নিজ বাসগৃহত নিশা প্ৰায় ১২:৩০ বজাত ৬৩ বছৰীয়া শ্রীনিবাসন হঠাৎ অসুস্থ হৈ পৰে। পৰিয়ালৰ লোকে তেওঁক ততাতৈয়াকৈ পেৰুমালপুৰমৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰাক্তন কৰ্মচাৰী শ্রীনিবাসন পি টি ঊষাৰ সুদীৰ্ঘ ক্ৰীড়া আৰু ৰাজনৈতিক জীৱনৰ অবিচ্ছেদ্য অংশ আছিল। ঊষাৰ প্ৰতিটো সফলতা আৰু সংগ্ৰামৰ মুহূৰ্তত তেওঁ ছাঁৰ দৰে লগত থাকি এক অনন্য প্ৰেৰণাৰ উৎস হিচাপে কাম কৰিছিল। ক্ৰীড়াক্ষেত্ৰৰ বহু…
Read More
MBBS-ত নামভৰ্তিৰ আজৱ নিচাঃ নিজৰ ভৰি কাটি দিব্যাঙ্গ হ’ল জৌনপুৰৰ যুৱক

MBBS-ত নামভৰ্তিৰ আজৱ নিচাঃ নিজৰ ভৰি কাটি দিব্যাঙ্গ হ’ল জৌনপুৰৰ যুৱক

চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ সুযোগ লাভ কৰিবলৈ এগৰাকী যুৱকে গ্ৰহণ কৰা চৰম আত্মঘাতী পদক্ষেপৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। উত্তৰ প্ৰদেশৰ জৌনপুৰ জিলাৰ সুৰজ ভাস্কৰ নামৰ এগৰাকী ২৪ বছৰীয়া যুৱকে 'দিব্যাঙ্গ কোটা'ৰ জৰিয়তে MBBS-ত আসন নিশ্চিত কৰিবলৈ নিজেই নিজৰ বাঁও ভৰি কাটি পেলোৱাৰ ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে। বৃহস্পতিবাৰে আৰক্ষীয়ে কৰা এক সংবাদমেলত সদৰী কৰা অনুসৰি, ১৮ জানুৱাৰীত সুৰজে অজ্ঞাত লোকে তেওঁক মাৰপিট কৰি ভৰি কাটি দিয়া বুলি গোচৰ ৰুজু কৰিছিল। কিন্তু আৰক্ষীৰ তদন্তত যুৱকজনৰ ব্যক্তিগত ডায়েৰী আৰু তেওঁৰ প্ৰেমিকাৰ ভাষ্যই সমগ্ৰ ঘটনাৰ ৰহস্য ফাদিল কৰে। ডি-ফাৰ্মা সম্পূৰ্ণ কৰা সুৰজে ২০২৬ চনত যিকোনো প্ৰকাৰে ডাক্তৰ হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল আৰু সেই উদ্দেশ্যেই…
Read More
মুক্তিৰ প্ৰথম ১২ দিনতে উপাৰ্জন প্ৰায় ১৬ কোটি টকা

মুক্তিৰ প্ৰথম ১২ দিনতে উপাৰ্জন প্ৰায় ১৬ কোটি টকা

'ৰৈ ৰৈ বিনালে'ৰ পাইৰেচীৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এজন যুৱকক। গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰফিকুল ইছলাম নামৰ যুৱকজনক। তেওঁ ছবিখনৰ দৃশ্যাংশ ৰেকৰ্ড কৰি আপলোড কৰিছিল নিজৰ ইউটিউব চেনেলত।ইতিমধ্যে এই ঘটনা সন্দৰ্ভত পাণবজাৰৰ চাইবাৰ আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা অনুসৰি গোচৰ ৰুজু কৰা হৈছে। তাৰোপৰি তথ্য-প্ৰযুক্তি আইন ২০০০, কপি ৰাইট আইন ১৯৫৭ আৰু চিনেমেটোগ্ৰাফ আইন ১৯৫২ ৰ অধীনতো ধাৰা সন্নিৱিষ্ট কৰা হৈছে।উল্লেখ্য যে জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ অন্যতম সফল অসমীয়া ছবিত পৰিণত হৈছে। মুক্তিৰ প্ৰথম ১২ দিনতে ছবিখনে উপাৰ্জন কৰিছে প্ৰায় ১৬ কোটি টকা।
Read More
গৰ্ভৱতী হৈ অভিলেখ গঢ়িলে সোণাক্ষীয়ে

গৰ্ভৱতী হৈ অভিলেখ গঢ়িলে সোণাক্ষীয়ে

শেহতীয়াকৈ স্বামী জাহীৰৰ সৈতে ফেশ্বন ইভেণ্টত উপস্থিত হৈছিল সোণাক্ষী সিনহা। চাৰ পৰা আৰম্ভ হৈছিল বিতৰ্কৰ। কেমেৰাৰ সন্মুখত পোজ দি থাকোঁতে ঘটিল আচৰিত ঘটনা, যিয়ে বলীউডত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিলে।কেমেৰাৰ সন্মুখত পোজ দি থকাৰ সময়তে সোণাক্ষীয়ে পেটত হাত থৈ এখন ফটো উঠিছিল। সকলোৱে ভাবিছিল সোণাক্ষীয়ে বেবী বাম্প ঢাকিব বিচাৰিছে। লগে লগে সোণাক্ষী সন্দৰ্ভত উৰাবাতৰি বিয়পি পৰিল। সকলোৱে ভাবিলে অভিনেত্ৰীগৰাকী অন্তঃসত্বা। এই খবৰ বিয়পি পৰাৰ লগে লগে সোণাক্ষীয়েও উত্তৰ দিবলৈ সাজু হ’ল। গোটেই ঘটনাটোক লৈ ছ’চিয়েল মিডিয়াত কৰিলে আচৰিত পোষ্ট।সোণাক্ষীয়ে ইনষ্টাগ্ৰামত নিজৰ কেইখনমান ফটো পোষ্ট কৰি লিখিছে, “মানৱ সভ্যতাৰ ইতিহাসৰ আটাইতকৈ দীৰ্ঘদিন ধৰি গৰ্ভৱতী হোৱাৰ অভিলেখ গঢ়িবলৈ পাইছো। ১৬ মাহ হৈছে…” ইয়াৰ…
Read More
ম্লান পৰিছে নেকি বলীউডৰ চমক! শীৰ্ষ এশখন ছবিৰ তালিকাত নাই বলীউডৰ এখনো ছবি

ম্লান পৰিছে নেকি বলীউডৰ চমক! শীৰ্ষ এশখন ছবিৰ তালিকাত নাই বলীউডৰ এখনো ছবি

নিউয়ৰ্ক টাইমছে শেহতীয়াকৈ প্ৰকাশ কৰিছে একবিংশ শতিকাৰ প্ৰথম ২৫টা বছৰৰ ভিতৰত মুক্তি পোৱা বিশ্বৰ শীৰ্ষ এশখন ছবিৰ এক তালিকা। পিছে জানি আচৰিত হ’ব, এই শীৰ্ষ এশখন ছবিৰ তালিকাত নাই বলীউডৰ এখনো ছবি। স্বাভাৱিকতেই এই কথাই চিনেপ্ৰেমী লোকসকলক আচৰিত কৰি তুলিব।সাধাৰণতে নিউয়ৰ্ক টাইমছৰ পাঠকসকল সমগ্ৰ বিশ্বজুৰি বিয়পি আছে। ভাৰততো এই আমেৰিকান কাকতৰ ডিজিটেল সংস্কৰণৰ বঢ়ু পঢ়ুৱৈ আছে। স্পষ্টভাৱে এই সমীক্ষাত ভাৰতীয় পাঠক আৰু চলচ্চিত্ৰ সম্পৰ্কীয় শিল্পী আৰু সমালোচকসকলেও নিশ্চয় অংশগ্ৰহণ কৰিছিল। তাৰ পিছতো কিয় তালিকাত স্থান নাপালে বলীউডৰ ছবিয়ে? এই প্ৰশ্ন বহু লোকৰ মনত উত্থাপন হৈছে।বলীউডত নিৰ্মিত ছবি আমেৰিকা, ব্ৰিটেইন, ৰাছিয়া, চীন, জাপান আদি দেশতো জনপ্ৰিয়। পঞ্চাশ আৰু ষাঠিৰ দশকৰ তুলনাত…
Read More