29
Jan
ভাৰতীয় কৃষি গৱেষণা পৰিষদ (আইচিআৰ) – চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ফিচাৰিজ এডুকেচন(চিআইএফই)ৰ সহযোগত গড্ৰেজ এগ্ৰ’ভেট লিমিটেড(গড্ৰেজ এগ্ৰ’ভেট)-এ এগ্ৰ'ৰিড নামৰ এক অভিনৱ মাছৰ ৰোগ নিয়ন্ত্ৰক মুকলি কৰিছে। ভাৰতীয় মীন পালন খণ্ডৰ ৪৮% পুখুৰীত প্ৰভাৱ পেলোৱা আৰু ইয়াৰ ফলত বাৰ্ষিক ৬২.৫ মিলিয়ন মাৰ্কিন ডলাৰৰ লোকচান হোৱা আৰ্গুলাছ সংক্ৰমণৰ সৈতে মোকাবিলা কৰিবলৈ উদ্ভাৱন কৰা এগ্ৰ'ৰিডে কৃষকৰ অনুকূল, ব্যৱহাৰ কৰাত সহজ সমাধানৰ প্ৰতিশ্ৰুতি দিছে, যিয়ে মাছৰ স্বাস্থ্য উন্নত আৰু উৎপাদনশীলতা সমানে বৃদ্ধি কৰে। গড্ৰেজ এগ্ৰ'ভেটৰ পৰিচালনা সঞ্চালক বলৰাম সিং যাদৱে মীন পালকসকলক সবলীকৰণ কৰাৰ ক্ষেত্ৰত এই সামগ্ৰীৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। "এগ্ৰ'ৰিড হৈছে মীন পালন উদ্যোগৰ আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানবোৰৰ এক নিৰ্ভৰযোগ্য, গৱেষণা-চালিত সমাধান। আইচিএআৰ-চিআইএফইৰ…
