17
Jan
ভাৰত আৰু তাঞ্জানিয়াই দুয়োখন দেশৰ যুৱক-যুৱতীসকলক শক্তিশালী কৰাৰ বাবে দক্ষতা বিকাশৰ পদক্ষেপত সহযোগিতাৰ কথা ঘোষণা কৰিছে। দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়(এমএছডিই)-এ আয়োজন কৰা এক উচ্চ পৰ্যায়ৰ বৈঠকৰ অন্তত এই ঘোষণা কৰা হয়, এই বৈঠকত এমএছডিইৰ সচিব অতুল কুমাৰ তিৱাৰীয়ে তাঞ্জানিয়াৰ স্থায়ী সচিব কেৰোলিন নম্বৰ নেতৃত্বৰ প্ৰতিনিধি দলক আদৰণি জনায়। অতুল কুমাৰ তিৱাৰীয়ে কৃষি, উৎপাদন আৰু পৰ্যটনৰ দৰে খণ্ডত পাৰস্পৰিক সহযোগিতাৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, তাঞ্জানিয়াৰ প্ৰতিনিধি দলে নয়ডাস্থিত ৰাষ্ট্ৰীয় দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠান (এনএছটিআই) আৰু পুছা ৰোডস্থিত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ দৰে আগশাৰীৰ ভাৰতীয় প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহ ভ্ৰমণ কৰিব। তিৱাৰীয়ে লগতে ভাৰত-তাঞ্জানিয়াৰ ক্ৰমবৰ্ধমান সম্পৰ্কক নতুন মাত্ৰা প্ৰদান কৰি তাঞ্জানিয়াৰ ৰাষ্ট্ৰপতি…
