05
Feb
উত্তৰ-পূৰ্বাঞ্চলত খাদ্যনলীৰ কৰ্কট ৰোগৰ ক্ৰমবৰ্ধমান প্ৰাদুৰ্ভাৱে উন্নত চিকিৎসা প্ৰযুক্তিৰ চাহিদা আৰু বিশেষ স্বাস্থ্যসেৱাত বিনিয়োগৰ বাবে ইন্ধন যোগাইছে। আইচিএমআৰৰ এক শেহতীয়া প্ৰতিবেদনত ব্যাপক ধঁপাত ব্যৱহাৰক এই বৰ্ধিত প্ৰৱণতাৰ আঁৰৰ অন্যতম কাৰণ ৰূপে চিহ্নিত কৰা হৈছে। ধঁপাত সেৱনৰ ৰাষ্ট্ৰীয় গড় হৈছে ২৯%ৰ বিপৰীতে উত্তৰ-পূবৰ ৪৮.২%তকৈ অধিক প্ৰাপ্তবয়স্ক লোকে ধঁপাত সেৱন কৰে। অসমতো খাদ্যনলীৰ কৰ্কট ৰোগীৰ হাৰ উদ্বেগজনকভাৱে বাঢ়িছে, ডিব্ৰুগড়ত সৰ্বাধিক ১৫.৭% (৫৪ জন পুৰুষৰ ভিতৰত ১ জন), কামৰূপ মহানগৰ জিলাত ১৪.৩% (২৭ জন পুৰুষৰ ভিতৰত ১ জন) আৰু কাছাৰ জিলাত ১১.৬% (৫৩ জন পুৰুষৰ ১ জন) লোক আক্ৰান্ত হৈছে। উচ্চমানৰ চিকিৎসা সা-সুবিধাৰ সীমিত উপলব্ধতাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ৰোগীসকলে প্ৰায়ে দেশৰ অন্য প্ৰান্তত চিকিৎসাৰ…
