27
Aug
দেশৰ অন্যতম বিশ্বাসযোগ্য আৰু আগশাৰীৰ গহনা ব্ৰেণ্ড কল্যাণ জুৱেলাৰ্ছে ডিব্ৰুগড়ৰ খলিহামাৰীৰ কে চি গগৈ পথত সম্পূৰ্ণ নতুন শ্ব’ৰুমৰ মুকলি কৰৰ কথা ঘোষণা কৰিছে। জনপ্ৰিয় অভিনেত্ৰী জেনেলিয়া ডি’ চুজাই ২৯ আগষ্ট শুকুৰবাৰে বিয়লি ৪:০০ বজাত কল্যাণ জুৱেলাৰী আৰু লাইফষ্টাইল গহণা ব্ৰেণ্ডকেণ্ডাৰ শ্ব’ৰুম দুটা উদ্বোধন কৰিব। বৰ্তমান এই ব্ৰেণ্ডটোৱে দেশৰ সকলোবোৰ আগশাৰীৰ বজাৰতে শক্তিশালী উপস্থিতি লাভ কৰিছে। নতুন শ্ব’ৰুমসমূহত বিস্তৃত ডিজাইনৰ ব্যৱস্থা কৰা হ’ব, যিবোৰ বিশ্বমানৰ পৰিৱেশত প্ৰদৰ্শিত হ’ব। নতুন শ্ব’ৰুম মুকলিৰ বিষয়ে সদৰি কৰি কল্যাণ জুৱেলাৰ্ছৰ কাৰ্যবাহী সঞ্চালক ৰমেশ কল্যাণৰমনে কয় যে,” ডিব্ৰুগড়ত নতুন শ্ব’ৰুম মুকলিৰ ফলত আমি বজাৰৰ অংশীদাৰিত্ব শক্তিশালী কৰিব পাৰিম, লগতে পৃষ্ঠপোষকসকলক সুবিধা আৰু অভিগম্যতা প্ৰদান কৰিব পাৰিম।”…
