17
Sep
নৱৰাত্ৰি উৎসৱ কাষ চাপি অহাৰ লগে লগে সমগ্ৰ ভাৰতবৰ্ষৰ পৰিয়ালসমূহে ভক্তি আৰু অনুশাসনেৰ প্ৰোথিত বহুপ্ৰতীক্ষিত উপবাসৰ বাবে প্ৰস্তুতি চলাইছে। বিশেষজ্ঞসকলে জোৰ দি কয় যে, পুষ্টিকৰ উপাদানৰ সৈতে যোগ কৰিলে উপবাসে সুস্থতা অটুট ৰাখিব পাৰে। মেক্স হেল্থকেয়াৰৰ ডায়েটেটিক্স বিভাগৰ আঞ্চলিক মুৰব্বী ঋত্বিকা ছমাদ্দাৰে ন দিনীয়া উৎসৱৰ সময়ছোৱাত শক্তি আৰু সামগ্ৰিক স্বাস্থ্য বজাই ৰাখিবলৈ কেলিফৰ্নিয়া আলমণ্ড, চাবুদানা, কুট্টু (বাকহুইট) আৰু চমক চাউলৰ দৰে গোটা খাদ্যৰ ওপৰত গুৰুত্ব দিয়াৰ পৰামৰ্শ দিছে, সমান্তৰালভাৱে ৰিফাইন চেনি আৰু ভজা(ফ্ৰাইড) খাদ্যসমূহ পৰিহাৰ কৰিব লাগে। আলমণ্ডক প্ৰটিন, স্বাস্থ্যকৰ চৰ্বি, ভিটামিন ই আৰু মেগনেছিয়াম প্ৰদানকাৰী ৰাতিপুৱাৰ সঠিক জলপান হিচাপে পৰামৰ্শ দিয়া হয়। সাধাৰণতে খিচিড়ি আৰু বড়া(পকৰি)ত ব্যৱহাৰ কৰা চাবুদানা…
