13
Dec
ভাৰতৰ অন্যতম বৃহৎ আৰু বৈচিত্ৰ্যপূৰ্ণ কৃষি ব্যৱসায় গড্ৰেজ এগ্ৰ’ভেটৰ সহযোগী প্ৰতিষ্ঠান ক্ৰীমলাইন ডেইৰী প্ৰডাক্টছ লিমিটেডে আজি তেলেংগানা ৰাইজিং গ্লবেল ছামিট ২০২৫ত তেলেংগানা চৰকাৰৰ (জিঅ'টি)ৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। কোম্পানীটোৱে ৪০ একৰ মাটিত অত্যাধুনিক দুগ্ধ সংসাধন কেন্দ্ৰ স্থাপনৰ বাবে ১৫০ কোটি টকা বিনিয়োগ কৰিব। এই নতুন বিনিয়োগৰ জৰিয়তে ৰাজ্যখনত গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ মুঠ বিনিয়োগ পৰিকল্পনা এতিয়া বিভিন্ন ব্যৱসায়ত ১০,০০০ কোটি টকাৰো অধিক হৈছেগৈ। প্ৰায় ৭৩ শতাংশ ভাৰতীয়ই প্ৰতিদিনে প্ৰয়োজনীয় মাত্ৰাতকৈ কম প্ৰটিন সেৱন কৰে। দুগ্ধজাত সামগ্ৰী – গাখীৰ, দৈ, পনীৰ আৰু দুগ্ধভিত্তিক পানীয় – প্ৰটিনৰ আটাইতকৈ প্ৰাকৃতিক উৎস হোৱাৰ বাবে এই বিনিয়োগে গড্ৰেজ জাৰ্চিক কেৱল ৰাজ্যখনৰ দুগ্ধ পৰিৱেশ তন্ত্ৰক শক্তিশালী…
