24
Sep
বিৰলা ফাৰ্টিলিটী এণ্ড আইভিএফ, গুৱাহাটীয়ে পুৰুষ বন্ধ্যাত্বৰ এক অত্যন্ত জটিল ক্ষেত্ৰত এক বিৰল সফলতা অৰ্জন কৰিছে-অত্যন্ত কম অণ্ডকোষৰ সৈতে অ-অৱৰোধক এজোস্পাৰ্মিয়া অৱস্থাত পোৱা গৈছিল, যি হৈছে এনে এক অৱস্থা য‘ত শুক্ৰাণুৰ উৎপাদন প্ৰায় অনুপস্থিত বুলিয়ে ক‘ব পাৰি। এই বিৰল সাফল্য অৰ্জন কৰিবলৈ কেন্দ্ৰটোৱে নিজৰ উন্নত মাইক্ৰ’স্কপ প্ৰযুক্তি ব্যৱহাৰ কৰিছিল, যি অঞ্চলটোত সাধাৰণতে উপলব্ধ প্ৰযুক্তিৰ বহু উৰ্ধ্বলৈ গৈ নতুন যুগৰ সূচনা কৰিলে। গতানুগতিক অণ্ডকোষ নিষ্কাশন পদ্ধতিৰ পৰিৱৰ্তে বিৰলা ফাৰ্টিলিটী এণ্ড আইভিএফে হাই ৰিজল্যুচন অস্ত্ৰোপচাৰ মাইক্ৰ’স্কপ ব্যৱহাৰ কৰিছে, যাৰ ফলত চিকিৎসকসকলে অণ্ডকোষৰ কলাৰ ভিতৰত জীৱনমুখী শুক্ৰাণুৰ আটাইতকৈ বিৰল পৰিমাণ ধৰা পেলাবলৈ গভীৰভাৱে লক্ষ্য কৰিব পাৰে। এহাল দম্পতীয়ে ৬ বছৰ ধৰি সন্তান জন্ম দিবলৈ সংগ্ৰাম…
