01
Dec
দেশৰ সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ এনবিএফচি তথা বাজাজ ফিনচাৰ্ভৰ অংশ বাজাজ ফাইনেন্সে লিমিটেডে অসমৰ বৰখলা গাঁও পঞ্চায়তত বিত্তীয় সাক্ষৰতাৰ পদক্ষেপ ‘অৰ্থসূত্ৰ সংবাদ’ৰ আয়োজন কৰে। সৰ্বভাৰতীয় অভিযানৰ অংশস্বৰূপ এই কাৰ্যসূচীৰ লক্ষ্য হৈছে সমগ্ৰ গাঁও আৰু বেংকৰ প্ৰসাৰ-উপস্থিতি নথকা অঞ্চলত আৰ্থিক অন্তৰ্ভুক্তিৰ প্ৰসাৰ ঘটোৱা।অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান (এএছআৰএলএইচএম)ৰ খণ্ড প্ৰকল্প প্ৰৱন্ধক মনোৰঞ্জন সূত্ৰধৰকে ধৰি বিশিষ্ট ব্যক্তিসকলে আত্মসহায়ক গোটৰ সদস্যাকে ধৰি প্ৰায় ১০০ গৰাকী অংশগ্ৰহণকাৰীক সম্বোধন কৰে। মনোৰঞ্জন সূত্ৰধৰে বেংকিং প্ৰক্ৰিয়া বুজি পোৱা, চিবিআইএলৰ ভাল স্ক’ৰ বজাই ৰখা, সময়মতে ঋণ পৰিশোধ কৰা, দায়িত্বশীলভাৱে ঋণ লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মনোৰঞ্জন সূত্ৰধৰে ডিজিটেল জালিয়াতি আৰু প্ৰৱঞ্চনাৰ বিষয়ে সজাগতাৰ প্ৰয়োজনীয়তাৰ ওপৰতো আলোকপাত কৰি গাঁৱৰ লোকসকলক…
