03
Feb
যোৱা বছৰ সনাতন ধৰ্ম সন্দৰ্ভত বিতৰ্কিত বক্তব্য দিয়া তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ পুত্ৰ উদয়ানিধি ষ্টেলিনৰ বিপদ বৃদ্ধি পাইছে। উদয়ানিধিৰ বিৰুদ্ধে বেংগালুৰু আদালতে চমন জাৰি কৰিছে। ৪ মাৰ্চত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে আদালতে। উল্লেখ্য যে পৰমেশ নামৰ স্থানীয় জনপ্ৰতিনিধি এজনে উদয়ানিধি ষ্টেলিনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। পৰমেশৰ অভিযোগ সন্দৰ্ভত বেংগালুৰু আদালতে তেওঁক চমন জাৰি কৰিছে। প্ৰণিধানযোগ্য যে, তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ পুত্ৰই সনাতন ধৰ্মক লৈ বিতৰ্কিত বক্তব্য দিছিল। তেওঁ সনাতন ধৰ্মক ডেংগু আৰু মেলেৰিয়াৰ লগত তুলনা কৰিছিল। এই সন্দৰ্ভত যোৱা বছৰ এক তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল। সেই অনুষ্ঠানৰ আয়োজন কৰা ব্যক্তিজনকো বেংগালুৰু আদালতে চমন জাৰি কৰিছে। দৰাচলতে যোৱা বছৰ তামিলনাডুত আয়োজিত…