20
Oct
টিএমচিৰ সাংসদ মহুৱা মৈত্ৰাৰ বিপদৰ অন্ত পৰাৰ কোনো লক্ষণ দেখা পোৱা নাই। আজি (২০ অক্টোবৰ) দিল্লী উচ্চ ন্যায়ালয়ত বিজেপি নেতা নিশিকান্ত ডুবেৰ বিৰুদ্ধে মানহানিৰ গোচৰৰ শুনানিৰ সময়ত তেওঁৰ অধিবক্তাই মহুৱা মৈত্ৰাৰ সংগ এৰি থৈ যায়। বিজেপি সাংসদ নিশিকান্ত ডুবেয়ে মহুৱাক ধন লৈ সংসদত প্ৰশ্ন কৰাৰ অভিযোগ উত্থাপন কৰিছিল। এই অভিযোগৰ প্ৰতি সঁহাৰি জনাই মহুৱাই ডুবেৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল। শুকুৰবাৰে (২০ অক্টোবৰ) এই গোচৰৰ শুনানিৰ সময়ত মাহুৱাক প্ৰতিনিধিত্ব কৰা অধিবক্তাই গোচৰৰ পৰা নিজকে আঁতৰাই পেলায়। এই গোচৰত স্বাৰ্থৰ সংঘাতৰ কথা উল্লেখ কৰি মহুৱাৰ অধিবক্তাই গোচৰটোৰ আৰু পক্ষ ল’বলৈ অস্বীকাৰ কৰে। আচলতে মহুৱা মৈত্ৰাৰ বন্ধু তথা উচ্চতম ন্যায়ালয়ৰ অধিবক্তা জয়…
