28
Oct
আকৌ জনতাক কন্দুৱাবলৈ সাজু হৈছে পিঁয়াজে। শেহতীয়াকৈ বিলাহী আৰু পিঁয়াজৰ দামৰ অভাৱনীয় মূল্যবৃদ্ধি ঘটিছে বজাৰত। কম সময়ৰ ভিতৰতে হঠাৎ পিঁয়াজৰ দাম বৃদ্ধি হৈ প্ৰতি কেজি ৬৫ টকাৰ পৰা ৭০ টকা পৰ্যন্ত হৈছেগৈ। শাক-পাচলি বিক্ৰেতাসকলে কয় যে পিঁয়াজৰ দাম আৰু বৃদ্ধি পাব আৰু প্ৰতি কেজিত ১০০ টকা পৰ্যন্ত হ’ব পাৰে। দিল্লীৰ গাজীপুৰ মণ্ডিত এএনআইৰ সৈতে হোৱা কথা-বতৰাত এজন পিঁয়াজ ব্যৱসায়ীয়ে কয় যে বৰ্তমান পিঁয়াজৰ আমদানি কম, যাৰ বাবে দাম বেছি হৈছে। আজি পিঁয়াজৰ দাম প্ৰতি ৫ কেজিত ৩৫০ টকা হৈ পৰিছে, আনহাতে কালি এই দাম আছিল ৩০০ টকা। কিছুদিন আগলৈকে দাম আছিল ২০০ টকা। পিয়াঁজৰ ব্যৱসায়ীজনে আৰু কয় যে যোৱা এসপ্তাহৰ…
