31
Jan
তেলেংগানা প্ৰদেশ কংগ্ৰেছ কমিটীয়ে (টিপিচিচি) শেহতীয়াকৈ ছোনিয়া গান্ধীক ৰাজ্যখনৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ অনুৰোধ জনাইছিল। দলটোৰ তেলেংগানা কিমিটিয়ে ছোনিয়া গান্ধীয়ে খাম্মামৰ পৰা প্ৰতিদ্বন্দিতা কৰাটো বিচাৰে। তেলেংগানা কংগ্ৰেছেও এই সন্দৰ্ভত দলৰ হাইকমাণ্ডলৈ এটা আনুষ্ঠানিক প্ৰস্তাৱ প্ৰেৰণ কৰিছে। অৱশ্যে, এই প্ৰস্তাৱটোৰ ওপৰত গান্ধী পৰিয়ালৰ পৰা কোনো সঁহাৰি জনোৱা নাই। ইয়াৰ উপৰিও, তেলেংগানাৰ মেদক, নলকোণ্ডাৰ দৰে আসনৰ পৰা ছোনিয়া গান্ধীক প্ৰতিদ্বন্দিতা কৰাৰ কথা আছে, কিন্তু উচ্চ সূত্ৰ অনুসৰি, তেওঁক খাম্মাম আসনৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ বাবে গুৰুত্বসহকাৰে বিবেচনা কৰা হৈছে। তেলেংগানা প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অনুভৱ কৰে যে ছোনিয়া গান্ধীৰ দ্বাৰা তেলেংগানাৰ পৰা প্ৰতিদ্বন্দিতা কৰি দলটোৱে সকলো আসনতে লাভান্বিত হ'ব। অৱশ্যে, দলটোৰ এটা অংশই…
