মনোৰঞ্জনৰ

‘কল্কি ২৮৯৮ এডি’ৰ ৩৪৩.৬ কোটি টকা উপাৰ্জন

‘কল্কি ২৮৯৮ এডি’ৰ ৩৪৩.৬ কোটি টকা উপাৰ্জন

বৃহৎ বাজেট আৰু মেগা ষ্টাৰ কাষ্টৰ সৈতে 'কল্কি ২৮৯৮ এডি' বোলছবিখনে দৰ্শকৰ হৃদয় জয় কৰিছে। চলচ্চিত্ৰখনৰ শক্তিশালী কাহিনীৰ পৰা ভিএফএক্স আৰু তাৰকা কলাকুশলীসকলৰ প্ৰদৰ্শনক যথেষ্ট আলোচনা হৈছে। ইয়াৰ সৈতে, এই ছবিখন চাবলৈ প্ৰতিদিনে বহু লোক ছবিগৃহত উপস্থিত হৈছে। 'কল্কি ২৮৯৮ এডি'য়ে সৰ্বাধিক উপাৰ্জনৰে ইতিহাস সৃষ্টি কৰিছে। ছবিখনৰ উপাৰ্জনৰ বিষয়ে ক'বলৈ গ'লে,  ঘৰুৱা বজাৰত প্ৰথম দিনা ৯৫.৩ কোটি উপাৰ্জন কৰিছে। মুক্তিৰ দ্বিতীয় দিনা, ছবিখনে ৫৯.৩ কোটি টকা উপাৰ্জন কৰিছিল। এনেদৰে ছবিখনে এতিয়ালৈ ৩৪৩.৬ কোটি টকা উপাৰ্জন কৰিছে।
Read More
কন্ঠ শিল্পী ৰমেন দাসৰ শিশুগীত পৰিবেশন কৰিব ৫৫০ খন স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে

কন্ঠ শিল্পী ৰমেন দাসৰ শিশুগীত পৰিবেশন কৰিব ৫৫০ খন স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে

সুৰকাৰ, গীতিকাৰ, প্ৰয়োজক তথা দক্ষ কন্ঠ শিল্পী ৰমেন দাসৰ 'ককা দেউতা তুমি মোক আজি শিকোৱা…….' শীৰ্ষক চেমনীয়া গীতটো অসম শিশু শিক্ষা সমিতি, গুৱাহাটীৰ অধীনত থকা ৫৫০ খনৰো অধিক স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে পৰিবেশনৰ বাবে সাজু হৈছে । উল্লেখযোগ্য যে শিল্পী ৰমেন দাসে ইতিমধ্যে বহু চেমনীয়া গীত নিজে সুৰ, কথা আৰু পৰিচালনা কৰি ৰাজ্যৰ শিশু সকললৈ উপহাৰ দি সুনাম বুটলিবলৈ সক্ষম হৈছে । 'সুৰধ্বনি'ৰ বেনাৰত শিশু গীতৰ বাবে কামত ব্যস্ত হৈ আছে তেঁও। শিশুৰ বাবে, শিশু সকলৰ উপযোগী হোৱাকৈ এটা ভাল বাৰ্তা দিব পৰাকৈ অহৰহ ব্যস্ত থাকি শিশু গীত ৰাইজৰ মাজত উলিয়াই দিছে । ইয়াৰ দ্বাৰা অকল চহৰ বৰপেটাতেই নহয় ৰাজ্যৰ শিশু…
Read More
১৪ জুনত মুক্তি পাব আমিৰ খানৰ পুত্ৰ জুনেইদ খানৰ প্ৰথম ছবি “মহাৰাজ”

১৪ জুনত মুক্তি পাব আমিৰ খানৰ পুত্ৰ জুনেইদ খানৰ প্ৰথম ছবি “মহাৰাজ”

আমিৰ খানৰ পুত্ৰ জুনেইদ খানৰ প্ৰথম ছবি "মহাৰাজ" ১৪ জুনত অটিটি প্লেটফৰ্ম নেটফ্লিক্সত মুক্তি পাব। ৱাইআৰএফ এণ্টাৰটেইনমেণ্টৰ বেনাৰত আদিত্য চোপ্ৰাৰ দ্বাৰা প্ৰযোজিত এই ছবিখনত জয়দীপ আহলাৱত আৰু শালিনী পাণ্ডেও অভিনয় কৰিছে। অভিনেত্ৰী শৰৱৰীয়ে এই ছবিত এক বিশেষ ভূমিকা পালন কৰিছে। সিদ্ধাৰ্থ পি মালহোত্ৰাই 'মহাৰাজ' পৰিচালনা কৰিছে। এইটো ১৮৬২ চনৰ 'মহাৰাজ লাইবেল গোচৰ'ৰ ওপৰত আধাৰিত। বুধবাৰে অ'টিটি প্লেটফৰ্ম নেটফ্লিক্সৰ দ্বাৰা জাৰী কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, ছবিখনৰ কাহিনী সাংবাদিক আৰু সমাজ সংস্কাৰক কাৰচন্দাছ মুলজীৰ সৈতে সম্পৰ্কিত। মুলজী মহিলাৰ অধিকাৰ আৰু সামাজিক সংস্কাৰৰ এগৰাকী ডাঙৰ সমৰ্থক আছিল। "মহাৰাজ" হৈছে নেটফ্লিক্স আৰু ৱাইআৰএফ এণ্টাৰটেইনমেণ্টৰ মাজত এক বহু বছৰীয়া সৃষ্টিশীল অংশীদাৰিত্বৰ অংশ, যি হৈছে…
Read More
কাঁনত প্ৰদৰ্শিত কুকি

কাঁনত প্ৰদৰ্শিত কুকি

ড° জুনমনি দেৱী খাউণ্ড (প্ৰযোজক), আৰু ঋতিশা খাউণ্ড (অভিনেত্ৰী) দৰ্শকৰ সতে মতবিনিময় কৰে। উল্লেখযোগ্য যে, ফ্ৰান্স, মৰক্কো আৰু আন কেইবাখনো দেশে নিজ নিজ ৰাষ্ট্ৰত "কুকি" মুকলি কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। এগৰাকী অসমীয়া প্ৰযোজকৰ দ্বাৰা অসমত নিৰ্মিত বলীউড হিন্দী চলচ্চিত্ৰ "কুকি" সন্মানীয় কাঁন চলচ্চিত্ৰ মহোৎসৱ (ডু ফিল্ম দে কাঁন)ত প্ৰদৰ্শিত হয়। মঙলবাৰে স্থানীয় সময় অনুসৰি নিশা ১১.৩০ বজাত পেলেই এইচ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই প্ৰদৰ্শনী। বিভিন্ন দেশৰ চলচ্চিত্ৰ অনুৰাগী আৰু বিতৰকে ছবিখন উপভোগ কৰি প্ৰশংসাৰে ওপচাই পেলায়। ইয়াৰোপৰি, ঋতিষা খাউণ্ডৰ ব্যতিক্ৰমী অভিনয়ক প্ৰদৰ্শনীত উপস্থিত থকা বহুকেইগৰাকী পৰিচালক আৰু চলচ্চিত্ৰ নিৰ্মাতাই প্ৰশংসা কৰে। “ মই নেদেখাজনক ধন্যবাদ জনাইছোঁ যে কুকিয়ে মোৰ…
Read More
সহনশীলতা আৰু বন্ধুত্বৰ আকৰ্ষণীয় কাহিনীৰে প্ৰিমিয়াৰত হৃদয় জিনিলে দৰ্শকৰ

সহনশীলতা আৰু বন্ধুত্বৰ আকৰ্ষণীয় কাহিনীৰে প্ৰিমিয়াৰত হৃদয় জিনিলে দৰ্শকৰ

শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ প্ৰযোজনা আৰু সুপৰিচিত পৰিচালক কেনি বসুমতাৰীৰ পৰিচালনাৰে নিৰ্মিত নতুন অসমীয়া বোলছবি 'জিয়া’ৰ প্ৰিমিয়াৰ দেওবাৰে প্ৰদৰ্শিত হয়। ছবিখনৰ মনোমহা বিষয়বস্তু আৰু উপস্থাপনশৈলীয়ে প্ৰিমিয়াৰত উপস্থিত থকা দৰ্শকসকলক মন্ত্ৰমুগ্ধ কৰি তোলে। উল্লেখ্য যে, অহা ১৭ মে’ অৰ্থাৎ শুকুৰবাৰে অসমৰ ছবিগৃহত এই অনন্য ছবিখনে মুক্তিলাভ কৰিব।  উল্লেখ্য যে, ছবি সমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত 'জিয়া’ই ইতিমধ্যে শেহতীয়া প্ৰাগ চিনে এৱাৰ্ডত শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটাৰ লগতে আন তিনিটা শিতানত বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ছবিখনে শ্ৰেষ্ঠ চিত্ৰনাট্য আৰু সংলাপ (কেনি বসুমতাৰী আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তী), শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী (অংগৰাগ পাপন মহন্ত) আৰু শ্ৰেষ্ঠ আৱহ সংগীত (অম্বৰ দাস) শিতানত বঁটা লাভ কৰি ইতিমধ্যে ছবিপ্ৰেমীৰ মাজত চৰ্চা লাভ…
Read More
বিশ্ব নাট্য দিৱসত বিদেশী নাটক মঞ্চস্থ

বিশ্ব নাট্য দিৱসত বিদেশী নাটক মঞ্চস্থ

নগাঁও জিলাৰ পুৰণিগুদাম ৰঙ্গালয়ত অনুষ্ঠিত নাট্যশিল্পী কবিতা বৰা সোঁৱৰণী ৰাষ্ট্ৰীয় নাট সমাৰোহখনি যোৱা নিশা সফল সামৰণি পৰে।পুৰণিগুদাম কঢ়ালীগাঁওস্থিত কবিতা নাট্য কানন, ৰঙ্গালয় ষ্টুডিঅ' থিয়েটাৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় নাট সমাৰোহৰ প্ৰথম দিনা ২৫ মাৰ্চত নাটকৰ শুভ উদ্বোধন কৰে বিশিষ্ট নাট সমালোচক অতুল মজুমদাৰে। উক্ত অনুষ্ঠানত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক তথা অভিনেতা মৃদুল বৰুৱাক ৰঙ্গালয়ে সম্বৰ্ধনা জনায়।প্ৰথম দিনা যোৰহাটৰ ৰঙ্গভূমি নাট্যদলে মঞ্চস্থ কৰে নাটক "যি কথা নহ'ল কোৱা"।নাট্যকাৰ-পৰিচালক মৃণাল কুমাৰ বৰা।উক্ত নিশা দ্বিতীয়খন নাটক পুৰণিগুদামৰ ৰঙ্গালয়ে মঞ্চস্থ কৰে "নীল নীলা নীলাম্বৰ", উক্ত নাটকৰ নাট্যকাৰ-পৰিচালক মৃণাল কুমাৰ বৰা। ২৬ মাৰ্চত নাটকৰ শুভ উদ্বোধন কৰে ভাৰতীয় জনতা পাৰ্টিৰ কলিয়াবৰ জিলা সমিতিৰ প্ৰাক্তন সভাপতি অনিল শইকীয়াই।…
Read More
“ভ্ৰাম্যমাণ থিয়েটাৰ- শিল্পীৰ পৃথিৱীত এভূমুকি প্ৰথম কুৰিবছৰ ” শীৰ্ষক গ্ৰন্থ উন্মোচন

“ভ্ৰাম্যমাণ থিয়েটাৰ- শিল্পীৰ পৃথিৱীত এভূমুকি প্ৰথম কুৰিবছৰ ” শীৰ্ষক গ্ৰন্থ উন্মোচন

অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম গৰাকী নেপথ্য কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, অসমৰ প্ৰথম গৰাকী মহিলা আৰক্ষী বিষয়া, বিশিষ্ট সাহিত্যিক ৰেণু দত্ত বৰফুকনৰ বৰ্ণিল জীৱন আধাৰিত তথ্যচিত্ৰ "জ্যোতিৰূপা" নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বামুনবড়ী উচ্চ মাধ্যমিক বিদ্যালয়ত শুভমুক্তি কৰা হয় । উক্ত অনুষ্ঠানতে বিশিষ্ট নাট্য সমালোচক, সাংবাদিক অতুল মজুমদাৰ ৰচিত "ভ্ৰাম্যমাণ থিয়েটাৰ - শিল্পীৰ পৃথিবীত এভূমুকি প্ৰথম কুৰি বছৰ " শীৰ্ষক গ্ৰন্থ এখনো উন্মোচন কৰা হয়। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন সহকাৰী পৰিচালক গকুল চন্দ্ৰ ডেকা আৰু লেখক তথ্যচিত্ৰ নিৰ্মাতা পৱন দত্তই গছপুলি ৰোপণ কৰি অনুষ্ঠানৰ শুভ আৰম্ভনি কৰে । কৃষক খগেন দাস , ম'হ পালক উত্তম ডেকা ,বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পংকজ পল্লভ শৰ্মা অৱসৰী শিক্ষক…
Read More
গুৱাহাটী প্ৰেছ ক্লাবত পংকজ নেওগৰ ৰম্য ৰচনা “হাজ বেণ্ড অব ডেট গাই” উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাবত পংকজ নেওগৰ ৰম্য ৰচনা “হাজ বেণ্ড অব ডেট গাই” উন্মোচন

গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ শিল্পী আবৃত্তিকাৰ, গল্পকাৰ পংকজ নেওগৰ ৰম্যৰচনা " হাজবেণ্ড অব্ ডেট গাই" আজি গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয় । ইপিনে গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰি বিশিষ্ট সাহিত্যিক মনীষা  শৰ্মাই কয় যে,ৰম্য ৰচনা মানে হ'ল হাস্য ৰস সৃষ্টি কৰা।বিংশ শতিকাৰ আৰম্ভণিতে লক্ষ্মীনাথ বেজবৰুৱাই সেই শ্ৰেণীৰ গদ্য-সাহিত্য ৰচনা কৰি আমাৰ সাহিত্যত অনন্যসাধাৰণ লঘু-হাস্যৰসাত্মক-ব্যঙ্গকাৰ ৰূপে প্ৰতিষ্ঠা লাভ কৰে। এই ধৰণৰ সাহিত্য খুৱ কম পোৱা যায়।সাহিত্যৰ বাবে সাহিত্য নহয়।যিবিলাক সাহিত্য দায়বদ্ধ সেইবোৰহে আচল সাহিত্য। সাহিত্যই সমাজ পৰিবৰ্তন কৰিব পাৰিব লাগিব। আজিৰ সময়ত অন্য ধৰণৰ সাহিত্য ৰচনা বহু পোৱা যায় কিন্তু এই ধৰণৰ সাহিত্য কম কৈ পোৱা যায়।।বেজবৰুৱাৰ  কৃপাবৰ বৰুৱা…
Read More
গীতে-মাতে উজ্বলি উঠিল  চকলাঘাত সাহিত্য সমাজ ভৱন

গীতে-মাতে উজ্বলি উঠিল  চকলাঘাত সাহিত্য সমাজ ভৱন

"আজিৰ কৃষকে প্ৰতিকূল পৰিবেশক চেলেঞ্জ কৰিব পৰা হৈছে। আৰু ই সম্ভৱ হৈ উঠিছে কৃষি ক্ষেত্ৰত নতুন উদ্ভাৱন, আৰু এই উদ্ভাৱন সমূহৰ কৃষি ক্ষেত্ৰত প্ৰয়োগৰ বাবে । যাৰ ফলত প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হৈয়ো কৃষক সকল আগবাঢ়ি গৈছে।" এই মন্তব্য কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ড০ নিৰঞ্জন ডেকাৰ । আজি অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৪ ৰ নগাঁও কেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ উদ্যোগত নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ  তত্বাৱধানত নগাঁও জিলাৰ  বেবেজীয়া নিকটৱৰ্তী চকলাঘাত  সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতি ভৱনত অনুষ্ঠিত "কৃষি তথ্য কেন্দ্ৰ" মুকলি অনুষ্ঠানটিত আৰম্ভণি ভাষন প্ৰদান কৰি তেওঁ লগতে কয় যে, "বহু উচ্চ শিক্ষিত লোক কৃষি ক্ষেত্ৰত নামি পৰিছ…
Read More
আহি আছে যতীন বৰা অভিনীত চলচ্চিত্ৰ ‘চেলেঞ্জ’

আহি আছে যতীন বৰা অভিনীত চলচ্চিত্ৰ ‘চেলেঞ্জ’

অসমৰ মনোৰঞ্জন উদ্যোগত সক্ৰিয়ভাৱে কাম কৰিবলৈ দৃঢ় পৰিকল্পনাৰে মুম্বাই চিনে মেল’ডিয়ে এম মাচমে আলমৰ দ্বাৰা প্ৰযোজিত আৰু তাৰকা যতীন বৰা অভিনীত 'চেলেঞ্জ' শীৰ্ষক পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ নিৰ্মাণৰ কথা ঘোষণা কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ত স্থানীয় ভাষাৰ চলচ্চিত্ৰই লাভ কৰা সফলতাৰ প্ৰতি দৃষ্টি ৰাখি চলচ্চিত্ৰখন ৰাষ্ট্ৰীয় মঞ্চত মুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চলচ্চিত্ৰখন মূলত: অসমীয়া ভাষাত নিৰ্মিত হ’ব যদিও পাছৰ পৰ্য্যায়ত ইয়াক হিন্দী আৰু বাংলা ভাষালৈয়ো ভাষান্তৰিত কৰাৰ পৰিকল্পনা কৰা হৈছে। চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব অসমৰ চুপাৰষ্টাৰ যতীন বৰাই আৰু তেওঁ এগৰাকী বলীউড অভিনেত্ৰীৰ সৈতে যুটি বান্ধিব। অভিনেত্ৰীগৰাকীৰ সবিশেষ অতি সোনকালে ঘোষণা কৰা হ’ব। এই ছবিখনত অসম আৰু বংগৰ কেইবাগৰাকীও আগশাৰীৰ শিল্পীয়ে…
Read More