28
Feb
মণিপুৰত পুনৰ উত্তেজনা বৃদ্ধি পাইছে। মঙলবাৰে মণিপুৰত পুনৰ উত্তেজনা বৃদ্ধি পোৱাত সেনাৰ তহল আৰম্ভ হৈছে। মেইটেই সংগঠন আৰামবাই টেংগোলৰ সদস্যসকলে এজন জ্যেষ্ঠ আৰক্ষী বিষয়াক তেওঁৰ বাসগৃহৰ পৰা অপহৰণ কৰাৰ অভিযোগত ইম্ফল পূবত অসম ৰাইফলছৰ চাৰিটা কোম্পানী মোতায়েন কৰা হৈছে। মণিপুৰ আৰক্ষীৰ অভিযান শাখাত নিযুক্ত অতিৰিক্ত আৰক্ষী অধীক্ষক অমিত কুমাৰক আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ দ্বাৰা তৎক্ষণাৎ ব্যৱস্থা গ্ৰহণ কৰাৰ পিছত উদ্ধাৰ কৰা হয়। আৰক্ষী বিষয়াজনক এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, য'ত তেওঁৰ অৱস্থা স্থিৰ বুলি কোৱা হৈছে। এই সন্দৰ্ভত প্ৰশাসনে কয় - আৰামবাই টেংগোলৰ সদস্যসকলে মঙলবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ইম্ফল পূবৰ ৱাংখেইত কুমাৰৰ ঘৰত আক্ৰমণ কৰে। গুলীচালনা ঘটনা এই কথাৰ…