22
Jul
গোৱাত ১৯-২০ জুলাইত এনাৰ্জি ট্ৰেঞ্জিচন ৱৰ্কিং গ্ৰুপ(ইটিডব্লিউজি)ৰ চতুৰ্থখন বৈঠক অনুষ্ঠিত হয়। বিশ্বৰ ১০০ খনতকৈও অধিক দেশ আৰু বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ ১০০ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ইটিডব্লিউজি বৈঠকত। এই বৈঠকত শক্তি পৰিৱৰ্তন কাৰ্যসূচীৰ ওপৰত অত্যন্ত গুৰুত্ব আৰোপ কৰা হয় আৰু অহা ২২ জুলাইত অনুষ্ঠিত হ’বলগীয়া মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ বাবে ফলাফলৰ দস্তাবেজ প্ৰস্তুত কৰা হয়। দুদিনীয়াকৈ আয়োজিত বৈঠকৰ সভাপতিত্ব কৰে ইটিডব্লিউজিৰ অধ্যক্ষ তথা শক্তি মন্ত্ৰণালয়ৰ সচিব পংকজ আগৰৱালে। এই বৈঠকত এক ন্যায়সংগত আৰু সামগ্ৰিক শক্তি পৰিৱৰ্তনৰ বাবে সৰ্বোত্তম পদ্ধতি, নীতি আৰু উদ্ভাৱনীমূলক পদ্ধতিৰ বিষয়ে আলোচনা কৰা হয়। ইয়াত ছটা অগ্ৰাধিকাৰ ক্ষেত্ৰৰ ওপৰত গুৰুত্ব দিয়া হয়: প্ৰযুক্তিৰ ব্যৱধান, কম খৰচী বিত্তীয় সাহায্য, শক্তি…
