মঙ্গলবাৰে দুপৰীয়া পশ্চিমবংগৰ পূব মেদিনীপুৰ জিলাৰ হালদিয়াত থকা ইণ্ডিয়ান অইল ৰিফাইনেৰীত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ৩ জন লোক নিহত হোৱাৰ লগতে আহত হয় ৪৪ জনকৈ লোক।

ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনৰ শোধনাগাৰৰ এটা ইউনিটত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। জানিব পৰা মতে, অগ্নিকাণ্ডৰ সময়ত তাত শ্বাটডাউন সম্পৰ্কীয় কাম চলি আছিল।

ইণ্ডিয়ান অইলৰ তৰফৰ পৰা কোৱা হৈছে যে জুই সম্পূৰ্ণৰূপে নুমুৱাবলৈ সক্ষম হোৱাৰ লগতে পৰিস্থিতি এতিয়া স্বাভাৱিক অৱস্থাত আছে।

আঘাতপ্ৰাপ্ত হোৱা ৪৪ জন লোকৰ ভিতৰত ৩৭ জনক কলকাতাৰ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰে সাতজনৰ অৱস্থা কিছু সংকটজনক।